নগাঁৱৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত ইজ্জত আলি,পিষ্টল আৰু সজীৱ গুলি উদ্ধাৰ

147

নগাঁৱৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত ইজ্জত আলি,পিষ্টল আৰু সজীৱ গুলি উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও, ৯ আগষ্ট : অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ধৰণৰ লুট-পাত , ডকাইতি আৰু অপৰাধমূলক কাম- কাজৰ লগৰ জড়িত কুখ্যাত ডকাইত ইজ্জত আলি ওৰফে ব্ৰয়লাৰ(৩৫)। নগাঁও , মৰিগাঁও, হোজাই আৰু কাৰ্বি আংলং জিলাত বিভিন্ন অপৰাধমূলক কাম কাজ সংঘটিত কৰি অহা ইজ্জত আলিয়ে যোৱা নিশা নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সুতিৰপাৰত ডকাইতি আৰু চি এছ পিৰ পৰা ধন লুট কৰাৰ পৰিকল্পনা কৰিছিল । গোপন সূত্ৰে এই খবৰ লাভ কৰি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰু নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুণ্ডন ৰবি দাসৰ সহযোগত যোৱা আৰক্ষীৰ দলে সুতিৰপাৰৰ শ্লুইচ গেটৰ ওচৰত ইজ্জত আলিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সহযোগী ছাহিদুল ইছলাম (৩০)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে তেওঁলোকৰ পৰা পইণ্ট ২২ এম এম এটা পিষ্টল আৰু পাঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰে । আজি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে , ইজ্জত আলি এজন কুখ্যাত অপৰাধী । তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ লুট-পাত কাৰ্য সংঘটিত কৰা,ডকাইতি, গাড়ী চোৰ, গাড়ী চালকক হত্যা কৰা আদি বিভিন্ন অভিযোগ আছে । যোৱা মাহত পানীখাইতীত গুলি চালনা কৰি এটা চি এছ পিৰ মেনেজাৰৰ পৰা ধন লুট কৰি নিছিল । তেওঁৰ বিৰুদ্ধে কাৰ্বি আংলং , নগাঁও, হোজাই, মৰিগাঁও জিলাত বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে । তেওঁৰ বিৰুদ্ধে নগাঁৱত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে । যোৱা নিশা ইজ্জত আলি আৰু তেওঁৰ সহযোগী ছাহিদুলে সুতিৰপাৰত ডকাইতি আৰু চি এছ পিৰ পৰা ধন লুটৰ পৰিকল্পনা খবৰ লাভ কৰি নগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে , সম্প্ৰতি দুয়োকে জেৰা কৰি থকা হৈছে । উল্লেখ্য যে , প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ নতুন বজাৰৰ তিলক ডেকা পথত থকা বাসগৃহত গ্ৰেনেড বিক্ষেপৰ ঘটনাৰ লগত ইজ্জত আলি জড়িত আছিল । ইজ্জত আলিক গ্ৰেপ্তাৰ কৰিব পৰাটো নগাঁও আৰক্ষীৰ বাবে এক বিশেষ সফলতা হিচাপে চিহ্নিত হৈছে । ইজ্জত আলিৰ ঘৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাটোৱালত আৰু ছাহিদুলৰ ঘৰ হোজাই জিলাৰ ম’ৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ দেৱস্থানত বুলি জানিব পৰা গৈছে ।