নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত , গ্ৰেপ্তাৰ ৫ যুৱকক

78

নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত , গ্ৰেপ্তাৰ ৫ যুৱকক

দুৰ্নীতিৰ দৰ্পণ সেৱা , অৰূপ বৰুৱা , নাহৰকটীয়া , ১১ অক্টোবৰঃ এচাম মানুহে নিতৌ ন ন কৌশলৰে ৰাইজক ৰামঠগন দি টকা আত্মসাত কৰা ঘটনা আমি প্ৰায়েই শুনি আৰু দেখি আহিছোঁ । ঠগ-প্ৰবঞ্চক , চোৰ সকলে এশ এটা বুদ্ধি বা কৌশল ব্যৱহাৰ কৰি ৰাইজক ঠগন দি আহিছে , কিন্তু কথা এষাৰ আছে নহয় , বোলে এশ গৰু মাৰিলে বাঘৰো মৃত্যু । তেনে এক ঘটনা সংঘটিত হৈছে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জাগুন গাওঁ অঞ্চলৰ এলেকাত । আজি কিছুদিনৰ পৰা ভুৱা আধাৰ চেন্টাৰ এটা স্থাপন কৰি কেইজনমানে যুৱকে ৰাইজৰ পৰা আধাৰ কাৰ্ডৰ নামত টকা সংগ্ৰহ কৰি অহা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । নাহৰকটীয়াৰ জাগুণ গাওঁৰ এই ভুৱা আধাৰ কেন্দ্ৰটো উৎখাত কৰে নাহৰকটীয়াৰ আৰক্ষীয়ে । উত্তৰ প্ৰদেশৰ গৌতম সিং আৰু অভিষেক পাণ্ডে নামৰ যুৱক দুজনে “গুজৰাট ইনফ’টেক এজেঞ্চী” নামৰ এটা ভুৱা আধাৰ কাৰ্ডৰ এজেঞ্চী খুলি নাহৰকটীয়াৰ জাগুণ গাওঁৰ ৰাইজৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ বাবদ প্ৰতিজন লোকৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল । আধাৰ কাৰ্ডৰ বিনিময়ত ধন সংগ্ৰহ কৰা ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ কিছু সন্দেহ ওপজাত ৰাইজে নাহৰকটীয়া আৰক্ষীক অৱগত কৰে । নাহৰকটীয়া আৰক্ষীয়ে ঘটনাৰ খবৰ পায় ততাতৈয়াকৈ সেই অঞ্চলত উপস্থিত হৈ ভুৱা আধাৰ কাৰ্ড বনোৱা এজেঞ্চীৰ কেন্দ্ৰটোত অভিযান চলাই ৫ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪০৬/৪১৯/৪০৯ ধাৰাৰ অধীনত ১৮১/২০২১ নম্বৰ গোচৰত ধৃত যুৱক কেইজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে । তদুপৰি আৰক্ষীয়ে এই আধাৰ কেন্দ্ৰটো ভুৱা বুলি স্পষ্ট কৰি দিয়ে ।