পাঠশালা সংমণ্ডলৰ বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডক লৈ চকু কপালত উঠিছে ভুক্ত ভুগি গ্ৰাহকৰ

52

পাঠশালা সংমণ্ডলৰ বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডক লৈ চকু কপালত উঠিছে ভুক্ত ভুগি গ্ৰাহকৰ

শ্বৰীফুল ইছলাম , কয়াকুছি , ১৭ মাৰ্চঃ বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডক লৈ সৰুক্ষেত্ৰী সমষ্টিৰ পূববেতবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুৰিহা গাঁৱৰ গ্ৰাহক সকল হতভম্ব হোৱা পৰিলক্ষিত হৈছে । বিভিন্ন সময়ত অনিয়মিয়া ভাবে গ্ৰাহক সকলৰ অতিৰঞ্জিত বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে । উদাহৰণ স্বৰূপে কুৰিহা গাঁৱৰ গ্ৰাহক সেৱা নম্বৰ-071000098000 আৰু বিল নম্বৰ 53989-071-4030-1 ত 02/02/2021 ইং তাৰিখৰ পৰা 01/03/2021 ইং তাৰিখলৈ সৰ্বমুঠ 269 ইউনিট খৰচ হোৱা বুলি দেখুওৱায় । এই বিল খন কুৰিহা গাঁৱৰ শ্বৰীফুল ইছলামক দিয়ে । কিন্তু লক্ষ্যণীয় বিষয় যে , দৰিদ্ৰ পৰিয়ালটোৱে মাত্ৰ 3 টা এল ই ডি লাইট হে ব্যৱহাৰ কৰে । নিয়মিত ভাৱে বিদ্যুৎ বিল পৰিশোধ কৰে যদিও হঠাতে এমাহৰ বিল 1605 টকা অহাত দৰিদ্ৰ পৰিয়ালটোৱে মূৰে কপালে হাত দিয়ে । বিদ্যুৎ বিভাগৰ এনেকুৱা কাণ্ডক কোনে ৰোধ কৰিব ।