পৰ্ণগ্ৰাফী গোচৰ : ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ

95

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৫ আগষ্ট : পৰ্ণগ্ৰাফী গোচৰত অভিযুক্ত অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ জামিন আবেদন নাকচ ৷ বুধবাৰে আদালতে অভিনেত্ৰীগৰাকীৰ স্বামী আৰু তেওঁৰ সহযোগীৰ জামিন আবেদন নাকচ কৰে ৷ অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত গোচৰ সমাজৰ বাবে যথেষ্ট ক্ষতিকাৰক আখ্যা দি আদালতে কয় যে, অভিযুক্তৰ জামিন লাভে তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব  ৷ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীৰ জামিন আবেদন নাকচ কৰি আদালতে ইয়াৰ নিৰ্দেশত উল্লেখ কৰে যে, অপৰাধৰ প্ৰকৃতি তথা অপৰাধৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি জামিন প্ৰত্যাখান বা মঞ্জুৰ কৰাৰ বিবেচনা কৰা হয় ৷ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সৈতে জনসাধাৰণৰ কথা জড়িত হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমাজৰ বাবে যথেষ্ট ক্ষতিক্ষাৰক হিচাপে বিবেচিত হৈছে ৷ এনে পৰিস্থিতিত এক বহল মাত্ৰাত সামাজিক গুৰুত্ব থকা অপৰাধৰ গোচৰত সামাজিক আগ্ৰহ উপেক্ষা কৰিব নোৱাৰি বুলিও আদালতে মন্তব্য কৰে ৷ তদন্ত প্ৰক্ৰিয়া চলি থকা পৰ্যায়ত অভিযুক্তক মুক্তি দিয়া কাৰ্যই নিশ্চিতভাৱে তদন্তত বাধা দিব উল্লেখ কৰি আদালতে কয় যে, বিষয়টোৰ সমগ্ৰ দিশ চালি জাৰি চাই দুয়োখন জামিন আবেদন নাকচ কৰা হৈছে ৷ জামিন আবেদন স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি আদালতে কয় যে, তদন্ত বৰ্তমানেও চলি আছে আৰু এই অপৰাধ যথেষ্ট গুৰুতৰ প্ৰকৃতিৰ ৷ অভিযুক্ত সকলক জামিনত মুকলি কৰিলে তেওঁলোক পলাই গৈ ঘটনাৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণ খেলিমেলি কৰাৰ সম্ভাৱনা আছে বুলিও আদালতে মন্তব্য প্ৰকাশ কৰে ৷ ২ আগষ্টত বম্বে উচ্চ ন্যায়ালয়ে ব্যৱসায়ী ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীয়ে তেওঁলোকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ওপৰত এক নিৰ্দেশ ৰাখে ৷ আদালতৰ কাৰ্যক্ৰম চলি থকাৰ সময়ত এগৰাকী তদন্তকাৰী বিষয়াই কুন্দ্ৰাৰ লেপটপত ৬৪ টা পৰ্ণগ্ৰাফী ভিডিঅ’ পোৱা বুলি জানিবলৈ দিয়ে ৷ কেৱল এইয়ে নহয় আৰক্ষীয়ে আদালতক জনোৱা মতে, হটশ্বট এপৰ বিৱৰণৰ সৈতে কুন্দ্ৰাৰ লেপটপত এটা পিপিটি প্ৰেজেণ্টেচনৰ লগতে চেক্সৱেল কনটেণ্ট থকা এখন চিত্ৰনাট্য পোৱা গৈছে ৷ কুন্দ্ৰাই তেওঁৰ আই-ক্লাউডত থকা সকলো তথ্য মোহাৰি পেলোৱা বুলি অভিযোগ কৰি আৰক্ষীয়ে লগতে কয় যে, অভিযুক্তই যদি তদন্তত সহায় নকৰে আৰু প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰে তেন্তে তেওঁলোক এক সাম্ভাৱ্য অপৰাধৰ নিৰৱ দৰ্শক হৈ বহি নাথাকে ।