বিয়াৰ প্ৰলোভনেৰে যুৱতীক চৰম প্ৰবঞ্চনা যুৱকৰ , প্ৰবঞ্চক যুৱকৰ বিৰুদ্ধে গোলকগঞ্জ থানাত ইজাহাৰ ভূক্তভোগী যুৱতীৰ

82

বিয়াৰ প্ৰলোভনেৰে যুৱতীক চৰম প্ৰবঞ্চনা যুৱকৰ , প্ৰবঞ্চক যুৱকৰ বিৰুদ্ধে গোলকগঞ্জ থানাত ইজাহাৰ ভূক্তভোগী যুৱতীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , তামাৰহাট , ২৪ আগষ্ট ঃ বিবাহ কৰাৰ প্ৰলোভনেৰে এজন প্ৰৱঞ্চক যুৱকে এগৰাকী নিৰিহ উচ্ছ শিক্ষিতা যুৱতীক চৰম প্ৰৱঞ্চনা কৰাৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জত। উক্ত ঘটনা সংক্ৰান্তত ভূক্তভোগী যুৱতী গৰাকীয়ে প্ৰৱঞ্চক যুৱক জনৰ বিৰুদ্ধে গোলকগঞ্জ থানাত এখন ইজাহাৰ দাখিল কৰিছে। ইজাহাৰ খনত উল্লেখ কৰা মতে , ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত কানৰী প্ৰথম খণ্ড গাঁওৰ বাসিন্দা মৃত মণ্ডল চন্দ্ৰ ৰায়ৰ কন্যা ইতি ৰায়ৰ একে খন থানাৰ অন্তৰ্গত দক্ষিণ টুক্ৰেচৰা চতুৰ্থ খণ্ড গাঁওৰ বাসিন্দা তথা বিশিষ্ট ব্যাৱসায়ী মৃত ৰাধেশ্যাম খেতোৱাতৰ পুত্ৰ অমিত খেতোৱাতৰ (ৰাজ) লগত পোন্ধৰ মাহ আগৰ পৰা ভালপোৱা গঢ়ি উঠৈ। পিছত উক্ত ভালপোৱাক স্বীকৃতি দি উভয় পক্ষৰ পৰিয়ালৰ মতামত সাপেক্ষে ইতি ৰায় আৰু অমিত খেতোৱাতৰ বিবাহ বন্দবস্ত হয়। এনেকি হিন্দু ধৰ্মৰ নীতি অনুসৰি যোৱা ২০২০ চনৰ জুলাই মাহৰ ৩১ তাৰিখে দৰাই কইনাক আঙঠি পিন্ধোৱা (ৰিং চেৰেমনি)পৰ্বও সম্পন্ন হৈ যায়। পিছত কইনা পক্ষই সামাজিক বিবাহৰ দিন ধাৰ্য্য কৰাৰ বাবে দৰা পক্ষক প্ৰস্তাৱ আগবঢ়ায় যদিও ক’ৰোণা পৰিস্থিতিৰ বাবে চৰকাৰে ঘোঁষণা কৰা লক ডাউনৰ অচিলা লৈ দৰা পক্ষই সামাজিক বিবাহৰ দিন ধাৰ্য্য নকৰি কৌশলেৰে বিবাহৰ দিন পিছুৱাই লৈগৈ থাকে। ইতিমধ্যে দৰা পক্ষই কইনা পক্ষৰ পৰা যৌতুক হিচাপে দুই লক্ষাধিক টকাও আদায় কৰে আৰু পিছত আকৌ ২৫ লাখ টকা যৌতুক হিচাপে দিব লাগিব বুলি দাবী কৰে। উল্লেখ্য যে , বিবাহ বন্দবস্ত আৰু আঙঠি পিন্ধোৱাৰ সুযোগ গ্ৰহণ কৰি দৰা অমিত খেতোৱাতে হ’বলগীয়া ঘৈনীয়েক ইতি ৰায়ক নিজ ঘৰলৈ নিয়ে আৰু ইতিৰ লগত স্বামী-স্ত্ৰীৰ দৰে শাৰীৰিক সম্পৰ্কও গঢ়ি তোলে। নিৰীহ ইতি ৰায়ৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰবঞ্চক যুৱক জনে ইতিৰ সৰ্বশ্ব শেষ কৰি বৰ্তমান ইতি ৰায়ক বিয়া কৰাৰ পৰিবৰ্তে বিভিন্ন ভয় ভাবুকি দি যোগাযোগ বিচ্ছিন্ন কৰি গুৱাহাটীলৈ গৈ আত্মগোপন কৰি আছে। ইয়াৰ মাজতে প্ৰবঞ্চক যুৱক জনৰ সৰু ভাই মনিশ খোতোৱাতে ইতি ৰায়ক নিজৰ ঘৰলৈ মাতি নি শাৰীৰিক ভাবে অপদস্তও কৰা বুলি ইজাহাৰ খনত উল্লেখ আছে। বহুত চেষ্টা কৰিও ইতি ৰায়ে অমিতৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰি হতাশ হৈ পৰিছে। উপায়ন্তৰ হৈ ভূক্তভোগী যুৱতী গৰাকীয়ে ন্যায় বিচাৰি অলপতে গোলকগঞ্জ থানাত প্ৰৱঞ্চক অমিত খেতোৱাত আৰু তেঁওৰ সৰু ভায়েক মনিশ খোতোৱাতৰ বিৰুদ্ধে এখন ইজাহাৰ দাখিল কৰে। উক্ত ইজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধিনত ৪১৭/৪৯৩/৩৫৪(বি)/৩৮৪/৩৭৬/৫১১ ধাৰাত ৭২৪/২১ নং গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।