মাতৃসহ তিনি সন্তানক বহিঃৰাজ্যত বিক্ৰী কৰা মানৱ সৰবৰাহকাৰী বিতু বৰাক গ্ৰেপ্তাৰ

42

মাতৃসহ তিনি সন্তানক বহিঃৰাজ্যত বিক্ৰী কৰা মানৱ সৰবৰাহকাৰী বিতু বৰাক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৮অক্টোবৰঃ ১ লাখ ৫ হাজাৰ টকাৰ বিনিময়ত বিবাহিত মহিলাক হাৰিয়ানাত বিক্ৰী কৰিছিল বিতু বৰাই। তিনি সন্তানকো বিক্ৰী কৰিছিল মানৱ সৰবৰাহকাৰীটোৱে।জামুগুৰিহাট অঞ্চলৰ জয়সিদ্ধিৰ বিতু বৰা নামৰ এই মানৱ সৰবৰাহকাৰীটোৱে জামুগুৰিহাটৰ হাটিঙাৰ এই গৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলাক চল- চাতুৰি আৰু পলোভন দেখুৱাই লৈ যায় আৰু ১ লাখ ৫ হাজাৰ টকাত হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনি সন্তানকো গহপুৰৰ বেদেতীৰ দুজন যুৱকক বিক্ৰী কৰি দিছিল।যোৱা মে’ মাহত সংঘটিত হৈছিল এই ঘটনা । কিন্তু হাৰিয়ানাৰ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ পৰা কৌশলৰে পলাই অহা মহিলাগৰাকীয়ে নিজৰ গাঁৱত এই কথা প্ৰকাশ কৰাৰ লগতে জামুগুৰি আৰক্ষীকো ঘটনা সন্দৰ্ভত এই কথা অৱগত কৰাত সমস্ত ঘটনা পোহৰলৈ আহে।আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী বিতু বৰাক আজি পুৱা গেপ্তাৰ কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই এই ঘটনাৰ লগত জড়িত দুষ্ট চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে ।