মাৰ্ঘেৰিটাত আৰক্ষী অভিযানত নগদ ধনসহ দুই ড্ৰাগছ ব্যৱসায়ী আটক

113

মাৰ্ঘেৰিটাত আৰক্ষী অভিযানত নগদ ধনসহ দুই ড্ৰাগছ ব্যৱসায়ী আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা , ৫ ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যখনতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।শনিবাৰে নিশা এক গোপন সূত্ৰ পম খেদি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তথা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোমেশ্বৰ কোঁৱৰৰ সহযোগত আৰক্ষীৰ এটা অভিযানকাৰী দলে নগদ ধনসহ দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজন হল- ক্ৰমে মাৰ্ঘেৰিটা তিনি নং মাকুম পথাৰৰ নিবাসী ৰাজকুমাৰ ছেত্ৰী আৰু কেটেতং গাওঁ পঞ্চায়তৰ ডিবং ফাঁকিয়ালৰ জগত দমাই । লোক কেইজনৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীয়ে ৪৮৮৫০ নগদ ধন আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে এন়ডিপিএচ আইনৰ ২১(বি)/২৯ ১৯০/২০২১ ৰ অধিনত এটি গোচৰ ৰোজুৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।