মোৰাঝাৰত অবৈধ কাঠফলা মেইল উৎখাত, বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ

114

মোৰাঝাৰত অবৈধ কাঠফলা মেইল উৎখাত, বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান , ১০ ছেপ্তেম্বৰঃ আজি ৰাতিপুৱা মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰত ডবকা বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মেইল উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত চেগুন কাঠৰ কুণ্ডাৰ মূল্য কেবালাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে । বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে , গোপণ খবৰৰ ভিত্তিত ডবকা আঞ্চলিক বন বিষয়া জিৰচং তেৰাঙৰ নেতৃত্বত বন বিভাগৰ এটা দলে চৌধুৰী বজাৰৰ কাষৰীয়া অঞ্চলত তীব্ৰ অভিযান চলাই এটা অবৈধ কাঠফলা কল উৎখাত কৰাৰ উপৰি বহু পৰিমাণে চোৰাং চেগুন কাঠৰ কুণ্ডা জব্দ কৰে । বন বিভাগৰ দলটোৱে চোৰাং কাঠ চক্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখযোগ্য যে,এনে অবৈধ কাঠফলা মেইল লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে ঘাইকৈ ডবকা আৰু লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যৱান চেগুন গছ কাটি যোগাণ ধৰি আহিছে । চোৰাং চক্ৰই অবৈধ ভাৱে হেণ্ড মেচিনেৰে গছ কাটি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ দীৰ্ঘ দিনৰ । বন বিভাগে অভিযান চলাই সময়ে সময়ে বহু সংখ্যক অবৈধ কাঠফলা কল উৎখাত কৰিবলৈ সক্ষম হ’লেও ৰহস্যজনক কাৰণত কোনো কলৰ গৰাকীক আটক কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত বন বিভাগৰ কোনোবা বিষয়া কৰ্মচাৰী চোৰাং চক্ৰটোৰ সৈতে জড়িত নেকি বুলি সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷