মোৰাঝাৰৰ অংগনবাডী কেন্দ্ৰত ব্যাপক অনিয়ম

146

মোৰাঝাৰৰ অংগনবাডী কেন্দ্ৰত ব্যাপক অনিয়ম

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হোজাই , ১৬ ছেপ্তেম্বৰ : কেনেকৈ চলিছে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ ? চৰকাৰী আঁচনিয়ে শিশু উপকৃত হৈছে নে ? বিভাগটোৰ অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ জৰিয়তে শিশু সকলৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰিছে । কিন্তু সঁচাকৈয়ে উপকৃত হৈছেনে শিশু সকল ? যদি শিশু সকল উপকৃত হোৱা নাই , তেন্তে নিশ্চয় উপকৃত হৈছে অঙ্গনবাড়ী কেন্দ্ৰৰ একাংশ বিষয়া কৰ্মচাৰী । এনে এক দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ বিন্নাকান্দি সংহত শিশু উন্নয়ন প্ৰকল্পৰ হাতীশালী ৩৩৯ নং আঁতৰ আলি বাৰী অঙ্গনবাড়ী কেন্দ্ৰত । ৰাইজৰ অভিযোগ অনুসৰি , হাতীশালী গাঁৱৰ ৩৩৯ নং অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী চাইমুন নেহৰে এবছৰ ধৰি চলাই আছে অবাধ দুৰ্নীতি । শিশুসকলৰ খাদ্য সামগ্ৰী আত্মসাত কৰা আঁতৰ আলি বাৰী নামৰ অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী চাইমুন নেহাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে স্থানীয় ৰাইজ । কৰ্মীজনীৰ বিৰুদ্ধে ৰাইজ প্ৰতিবাদমুখী হৈ পৰিছে ৷ তদুপৰি এই অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা দুয়োজনে দীৰ্ঘদিন ধৰি কেন্দ্ৰটোত উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে । এতিয়া প্ৰশ্ন হয় , ৩৩৯ নং অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী চাইমুন নেহাৰ আৰু সহায়িকা দুয়োজনীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই কেনে ব্যৱস্থা ল’ব ৷ বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত তদন্ত কৰি এবছৰ ধৰি খাদ্য সামগ্ৰীৰ পৰা বঞ্চিত হোৱা শিশুসকলক ন্যায় দিব নে , সেয়া সময়তহে লক্ষ্যনীয় হ’ব। কেৱল এইখনেই নহয় লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ১৮৩ নং উওৰ বান্দৰমেলা অংগনবাডী কেন্দ্ৰতো ব্যাপক অনিয়ম সংগঠিত হোৱাৰ অভিযোগ তুলিছে অভিভাৱক তথা ৰাইজে ৷ এনেদৰে অধিকাংশ কেন্দ্ৰত শিশু খাদ্য কেলেংকাৰী কৰি কাগজে কলমে চলাই গৈছে অংগণবাডী কেন্দ্ৰ ৷