মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ

90

মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ, গোলাঘাট , ৯ আগষ্ট : গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ দৈগ্ৰোঙ আৰু ২ নং পংকা গ্ৰেণ্টত আজি খাদ্য , অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি চলোৱা এটা অভিযানত অবৈধ ভাৱে ৰখা ৩২ টা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । প্ৰথমটো অভিযানত দৈগ্ৰোঙৰ ধৰ্মেশ্বৰ শইকীয়া নামৰ এজন লোকৰ দোকানৰ পৰা ৰন্ধন গেছৰ ছটা ছিলিণ্ডাৰ জব্দ কৰা হয় । দ্বিতীয়টো অভিযানত অভিযানকাৰী দলটোৱে এখন পিক আপ ভেনত ২ নং পংকা গ্ৰেণ্টৰ মছফিকা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৬ টা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । বাহনখন সম্প্ৰতি নুমলীগড় আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাটৰ পৰা জানিব পৰা যায় ৷