মৰিগাঁৱত প্ৰশ্ন কাকত ফাদিলৰ নায়ক আৰক্ষীৰ জালত , দুজনক আটক আৰক্ষীৰ , ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা ,

105

মৰিগাঁৱত প্ৰশ্ন কাকত ফাদিলৰ নায়ক আৰক্ষীৰ জালত , দুজনক আটক আৰক্ষীৰ , ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা , ছাত্ৰ-ছাত্ৰীক লৈ হেতালি খিলিলে সহ্য নকৰিব মৰিগাঁও জিলা ছাত্ৰ সন্থাই , শিক্ষা বিভাগত সংস্কাৰৰ দাবী , বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিয়ে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ নবেম্বৰ : মৰিগাঁৱত ছয়মহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাত দুদিনকৈ পৰীক্ষা বাতিল কৰিবলগীয়া অবাঞ্চিত পৰিস্থিতিৰ ঘটনাই সমগ্ৰ জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ অৱ্যাহত থকাৰ সময়তে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত দুই অভিযুক্তক কালি নিশা মৰিগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যোৱা ২৫ নবেম্বৰত মৰিগাঁও জিলাত অনুষ্ঠিত হ’বলগীয়া নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু ২৭ নবেম্বৰত দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ কাকত ফাদিল হোৱাত জিলা খনৰ শিক্ষাৰ্থীসকলৰ মাজত চাঞ্চল্যকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া পৰিৱেশ সৃষ্টি হয় । উক্ত ঘটনাৰ সন্দৰ্ভত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তত কালি নিশা দুই মুল নায়কক মৰিগাঁও আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে, মৈৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক নজৰুল ইছলামৰ নিৰ্দেশত তেওঁৰ লগুৱা আটিকুলৰ সহায়ত মৰিগাঁৱৰ পৰা অনা-নিয়া কৰিছিল । বিদ্যালয় খনৰ প্ৰধান শিক্ষক নজৰুল ইছলাম যদিও বিদ্যালয়ৰ সকলো কাম-কাজ চোৱা চিতা কৰাৰ লগতে পৰীক্ষাৰ প্ৰশ্ন কাকতৰ দায়িত্বত আছিল নপুৰ মাষ্টৰ খ্যাত আনোৱাৰ হুছেইন । ছয়মহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ৮ ৰ পৰা ১০ হাজাৰ টকা ধনৰ বিনিময়ত ফাদিল কৰিছিল বুলি আৰক্ষীৰ জেৰাত আটিকুলে স্বীকাৰ কৰিছে । আশ্চৰ্যজনক বিষয় যে-মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজৰুল ইছলাম আৰু সহকাৰী শিক্ষক আনোৱাৰ হুছেইন ছিৰাজীয়ে অকৰ্তৃত্বশীলভাৱে বিদ্যালয়খনত নিয়োজিত কৰি ৰখা ধৃত আতিকুলৰ জৰিয়তে দুই ধুৰন্ধৰ শিক্ষকে দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনত এনেধৰনৰ কৰ্মকাণ্ড সংগঠিত কৰি অহাৰ অভিযোগ বহু পুৰণি ।মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ অবৈতনিক চকীদাৰ তথা প্ৰধান শিক্ষক নজৰুল ইছলামৰ লগুৱা আটিকুল ইছলামে কাৰ সাহসত প্ৰশ্ন কাকতৰ অবৈধ ব্যৱসায় চলাইছিল , তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে জিলা সচেতন মহলত । সহকাৰী শিক্ষক আনোৱাৰ হুছেইনে আতিকুলৰ জৰিয়তে মেট্ৰিক পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ পৰা ২০ /২৫ হাজাৰ টকাকৈ লৈ প্ৰতি বছৰে লাখ লাখ টকাৰ নকল যোগান দিয়াৰ ব্যাৱসায় চলোৱাৰো গুৰুতৰ অভিযোগ আছে । আনহাতে,লাহৰীঘাটৰ কাৰ্য্যবাহী দণ্ডাধীশ স্বৰাজ ভাৰত লাগাচুৰ নিৰ্দেশ মৰ্মে মৈৰাবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে আটিকুলক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আৰক্ষীয়ে আনোৱাৰ হুছেইনক আটক কৰাৰ লগতে মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ বুলি গগৈয়ে আনোৱাৰ হুছেইনক চাকৰিৰ পৰা নিলম্বন কৰে । এই ঘটনাত ৰৌ বৰালী জালত পৰাৰ সম্ভাৱনা আছে বুলি দণ্ডাধীশৰ পৰা জানিব পৰা গৈছে ।

মৰিগাঁৱত প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক কেন্দ্ৰ কৰি জিলা শিক্ষা বিষয়াৰ লগত আলোচনাত মিলিত হয় জিলা আছুৰ নেতৃত্ব , ছাত্ৰ-ছাত্ৰীক লৈ হেতালি খিলিলে সহ্য নকৰিব মৰিগাঁও জিলা ছাত্ৰ সন্থাই , শিক্ষা বিভাগত সংস্কাৰৰ দাবী , বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিয়ে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

মৰিগাঁৱত দুদিন কৈ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱা সমগ্ৰ বিষয়টো মৰিগাঁও আছুৱে সহজ ভাৱে ল’ব পৰা নাই ৷ সেই উদ্দেশ্যে আজি জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জিলা শিক্ষা বিষয়াৰ সৈতে প্ৰশ্ন কাকত ফাদিল ঘটনা সন্দৰ্ভত এক দীঘলীয়া আলোচনাত মিলিত হয় । ৰাইজৰ অভিযোগ অনুসৰি , জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই মৰিগাঁও জিলা শিক্ষা বিষয়াক শিক্ষা বিভাগত হোৱা ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনত হোৱা দুৰ্নীতি ৰোধ কৰা, পৰিদৰ্শকৰ কাৰ্যালয়ত হোৱা লবীকেন্দ্ৰীক ৰাজনীতি, মধ্যভোগী এচামৰ দপদপনি বন্ধ কৰা ক্ষেত্ৰত তেখেতক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে জিলা শিক্ষা বিভাগৰ এচাম বিষয়া কৰ্মচাৰীয়ে এই পবিত্ৰ অনুষ্ঠানটো ধন ঘটাৰ কাৰ্যালয়লৈ যাতে পৰিবৰ্তন নহয় , তাৰ বাবে শিক্ষা বিষয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জিলা আছুয়ে । কোনো কাৰণতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ কাকো হেতালি খেলিব দিয়া নহ’ব বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই স্পষ্ট ভাৱে অৱগত কৰে । ইফালে , জিলা শিক্ষা বিষয়াৰ লগত জিলা আছুয়ে হোৱা আলোচনা অনুসৰি অতিশীঘ্ৰেই অহা এসপ্তাহৰ ভিতৰত মৰিগাঁও জিলা শিক্ষা বিভাগত সংস্কাৰ সাধনৰ প্ৰথম পদক্ষেপ হিচাপে জিলা শিক্ষা বিষয়া আৰু শিক্ষা বিভাগৰ সকলো পৰিদৰ্শক বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব বুলি শিক্ষা বিষয়াই আশ্বাস দিয়ে জিলা আছুক । ইপিনে , মৰিগাঁও জিলাত দুবাৰকৈ নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাফিল হোৱাত সংগঠনটো বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি সপোন অসম আৰু সম্পাদক দ্বীপমণি হীৰা স্বাক্ষৰিত এক স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰাৰ লগতে আজি শিক্ষা বিভাগৰ কাৰ্যালয়ত হুংকাৰ দি পুনৰ ২৪ ঘণ্টাৰ ভিতৰত এই ঘটনা লগত জড়িত থকা লোকক সোনকালে আওতালৈ আনিবলৈ দাবী জনায় ।