লাহৰীঘাটত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি মানসিক বিকাৰগ্ৰস্ত মহিলা , ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবীত উত্তাল লাহৰীঘাট থানা

298

দুৰ্নীতিৰ দৰ্পণ সেৱা , লাহৰীঘাট , ৬ আগষ্ট : ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত আজি উত্তাল তৰি তোলে লাহৰীঘাট থানা । উল্লেখ্য যে , যোৱা ১ আগষ্টত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ  তিতাতলা বিলপাৰ গাঁৱত ৬০ বছৰীয়া বৃদ্ধই এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক বলাৎকাৰ কৰিছিল । সেইদিনা ৬০ বছৰীয়া আলী হুছেইনে নিশা প্ৰায় ১২ বজাত ঘৰৰ ওচৰতে থকা অকলশৰীয়া মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকীক হাত ভৰি বান্ধি ধৰ্ষণ কৰে । পাছত এই ঘটনা সন্দৰ্ভত বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ ভাতৃ ইমান আলীয়ে লাহৰীঘাট থানাৰ এখন এজাহাৰ দাখিল কৰিছিল । ধৰ্ষণকাণ্ড সংঘটিত কৰি লম্পট আলী হুছেইন পলায়ন কৰিছিল । যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে লম্পট আলী হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লম্পট আলী হুছেইনৰ গ্ৰেপ্তাৰৰ খবৰ পাই তিতাতলা বিলপাৰ গাঁৱৰ শতাধিত লোক লাহৰীঘাট থানাত উপস্হিত হৈ লম্পট আলী হুছেইনৰ ফাঁচিৰ দাবী তুলি পৰিবেশ উত্তাল কৰি তোলে । ৰাইজে থানাৰ সন্মূখত ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবীত শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে লম্পট আলী হুছেইনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । স্হানীয় লোকে জনোৱা মতে , লম্পট আলী হুছেইনে ইয়াৰ পুৰ্বেই গাঁওখনত কেবাটাও ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে ।