সোণতলী আৰক্ষীয়ে জব্দ কৰিলে ১৫০০ লিটাৰ চোৰাং কেৰাচিন

80

সোণতলী আৰক্ষীয়ে জব্দ কৰিলে ১৫০০ লিটাৰ চোৰাং কেৰাচিন

দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা , ২৩ অক্টোবৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে চোৰাং কেৰাচিন তেলৰ ৰমৰমীয়া বেহা । এফালে ৰাজ্যত পেট্ৰোল ডিজেলৰ মূল্যবৃদ্ধি পাবলৈ ধৰিছে , তেনে পৰিস্থিতিত বজাৰত এতিয়া একাংশ অসাধু ব্যৱসায়ীয়ে মুকলিকৈ চলাই গৈছে অবৈধ নীলা-বগা কেৰাচিন তেলৰ ৰমৰমীয়া ব্যৱসায় । জানিব পৰা মতে , ৰাইজৰ খৱৰৰ ভিত্তিত শনিবাৰে সোনতলীৰ সেলুসেতি গাওঁৰ পৰা সোনতলী আৰক্ষীয়ে ১৫০০ লিটাৰ চোৰাং কেৰাচিন তেল জব্দ কৰে । গাওঁখনৰ তাইজুদ্দিনৰ ঘৰত বৃহৎ পৰিমাণৰ চোৰাং কেৰাচিন তেল মজুত ৰখাৰ খবৰ স্থানীয় লোকে আৰক্ষীক দিয়াৰ পাছতে তাইজুদ্দিনৰ ঘৰত উপস্থিত হয় সোণতলী আৰক্ষী আৰু তাইজুদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে সাতটা চোৰাং কেৰাচিনৰ ড্ৰাম । বৰ্তমানলৈকে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও জব্দকৃত কেৰাচিন ভৰ্তি ড্ৰামকেইটা সোণতলী আৰক্ষী চকীলৈ অনা হৈছে আৰু আৰক্ষীয়ে চোৰাং তেলৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।