হোজাইৰ বিভিন্ন প্ৰান্তৰ পৰা বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰ,টাটা মবাইলৰ দৌৰাত্মত জৰাজীৰ্ণ জিলা খনৰ কেবাটাও গড়কাপ্তানী পথ

112

হোজাইৰ বিভিন্ন প্ৰান্তৰ পৰা বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰ,টাটা মবাইলৰ দৌৰাত্মত জৰাজীৰ্ণ জিলা খনৰ কেবাটাও গড়কাপ্তানী পথ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হোজাই, ০১ চেপ্তেম্বৰঃ হোজাই জিলাৰ পৰিবহণ বিভাগ আৰু বন বিভাগৰ চৰম হেঁমাহিৰ ভাৱে জিলাখনত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে অত্যধিক বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰৰ দৌৰাত্ম । বিভাগীয় নীতি নিৰ্দেশনা বহিঃৰ্ভূত তথা বেআইনী ভাৱে অত্যাধিক বালি কঢ়িওৱা ট্ৰাক,ডাম্পাৰ সমূহৰ ওজন সহিব নোৱাৰি হোজাই জিলা আৰু কাৰ্বি আংলং জিলা সংযোগী গড়কাপ্তানী পথচোৱা ভাঙি জৰাজীৰ্ণ হৈ পৰাৰ লগতে মোৰাঝাৰ-চিতলমাৰী সংযোগী গড়কাপ্তানী পথ,ডবকা-হাওৰাঘাট সংযোগী গড়কপ্তানী পথ,গনিপুৰ-উদমাৰী সংযোগী গড়কপ্তানী পথ,ৰৌৱাৰপাৰৰ পৰা যমুনাগাওঁ লৈ যোৱা গড়কপ্তানী পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত । ৰাইজৰ অভিযোগ অনুসৰি হোজাই জিলাৰ দেৱস্থান, চিতলমাৰি,যমুনাগাওঁ,উদমাৰী,নিগম আদি অঞ্চলেৰে বৈ যোৱা যমুনা নদীত থকা বৈধ,অবৈধ বালি ঘাটৰ পৰা বালি ব্যৱসায়ীয়ে ট্ৰাক আৰু ডাম্পাৰে বেআইনী ভাৱে অত্যাধিক বালি কঢ়িয়াই সান্ধ্য আইনৰ মাজতো অব্যাহত ৰাখিছে বালিৰ ৰমৰমীয়া ব্যৱসায় । দৈনিক উক্ত পথ কেইটাৰে ২০০ ৰ পৰা ২৫০ শ ট্ৰাক , ডাম্পাৰ , টাটা মবাইলে অত্যাধিক বালি কঢ়িয়াই নিয়াত গড়কাপ্তানী পথ কেইটাৰ বিভিন্ন স্থানত মেলিছে বৃহৎ ফাট । কোনো কোনো ঠাইত ৰাস্তা ফাটি গৈ সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ দ’ গাঁতৰ । পথৰ বিভিন্ন স্থানত পকী অংশই অধিক ভৰ সহিব নোৱাৰি ফাটি পৰিছে । আনহাতে , নিম্নতম চলান বনাই চৰকাৰী ক’ৰ ফাকী দি বৃহৎ পৰিমাণৰ বালি কঢ়িওৱাৰ ফলতেই পথৰ বেছি ভাগ অংশ ফাটি গৈ কদৰ্য্য ৰূপ ধাৰণ কৰিছে । স্থানীয় দ’ল সংগঠনে বিভাগক বাৰংবাৰ অৱগত কৰাৰ পিছতো বিভাগে এই ক্ষেত্ৰত ৰহস্যজনক ভাৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । ইপিনে , দ’ল সংগঠন তথা ৰাইজে ৰাজহুৱা অভিযোগ দিয়াৰ পাছতো বিভাগীয় বৰমুৰীয়া সকলৰ নীৰৱতাক লৈ ৰাইজৰ সন্দেহ ওপজিছে । নীতি বহিঃৰ্ভূতভাৱে জিলা পৰিবহণ বিভাগৰ একাংশ বৰমুৰীয়াৰ লগত বালি মাফিয়াই গোপন বুজাবুজিৰে ৯ চিএম বালিৰ বিপৰীতে দিনে নিশাই ১৫/১৬ চিএম ৰ পৰা ২০ চিএম লৈকে বালি কঢ়িয়াই নিয়াৰ ফলত চৰকাৰে দৈনিক কেবালাখ টকাৰ ৰাজঁহ হেৰুৱাবলগীয়া হৈছে বুলি সন্দেহ কৰিছে ৰাইজে । ইপিনে , ৰাইজে ৰাজহুৱা প্ৰশ্ন উত্থাপন কৰি কয় যে , নীতি নিৰ্দেশনা বহিঃৰ্ভূত তথা বেআইনী ভাৱে অত্যাধিক বালি কঢ়িওৱা ট্ৰাক,ডাম্পাৰ,টাটা মবাইল সমূহক হোজাই জিলা পৰিবহণ বিভাগে নাকী লগাবলৈ সক্ষম হব নে ? নে ৰাইজে সন্দেহ কৰা ধৰণে চৰকাৰী আসনত বহি মাহে মাহে দৰমহা লাভ কৰা একাংশ বিষয়াক সচাঁকৈয়ে বালি মাফিয়াই মাহিলী হিচাপে দি অহা গোপন অংকৰ বাবে বিভাগীয় ৰবমুৰীয়াই দেখিও নেদেখাৰ ভাওত আছে ? ৰাইজে উত্থাপিত কৰা এনেবোৰ ৰাজহুৱা প্ৰশ্নই তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে হোজাই জিলা বন বিভাগ আৰু জিলাখনৰ পৰিবহণ বিভাগ । হোজাই পৰিৱহন বিভাগ আৰু বন বিভাগে নিজৰ সততা দেখুৱাবলৈ সক্ষম হব নে? সেয়া সময়ত স্পষ্ট হব ৷