ৰাষ্ট্ৰীয় পতাকাক অপমান বিজেপি নেতাৰ

101

ৰাষ্ট্ৰীয় পতাকাক অপমান বিজেপি নেতাৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ১৭ আগষ্টঃ অভয়াপুৰীত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰিলে এজন বিজেপি নেতাই । অভয়াপুৰীত বিজেপিৰ এজন নেতাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অভয়াপুৰীত থকা ৰাতুল ৰায়ৰ মালিকাধীন পৰী ৰেষ্টুৰেণ্ট নামৰ ৰেষ্টুৰেণ্টখনত দুদিন ধৰি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰি থাকে । ১৬ আগষ্টৰ নিশা ১২ বজালৈ পৰী ৰেষ্টুৰেণ্টত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উৰি থকা দেখা পাই একাংশ সচেতন লোকে অভয়াপুৰী আৰক্ষীক বিষয়টো সন্দৰ্ভত অৱগত কৰে । ৰেষ্টুৰেণ্টখনৰ স্বত্তাধিকাৰী ৰাতুল ৰায় এজন বিজেপি নেতা । ঘটনাৰ খবৰ লাভ কৰিয়ে অভয়াপুৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দল নিশা ১২ বজাত পৰী ৰেষ্টুৰেণ্টত উপস্থিত হৈ ৰাষ্ট্ৰীয় পতাকাখন স্ব-সন্মানেৰে নমাই আনে । ঘটনা সন্দৰ্ভত পৰী ৰেষ্টুৰেণ্টৰ স্বত্তাধিকাৰী ৰাতুল ৰায়ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰাৰ এক গোচৰ ৰুজু কৰা হ’ব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জনায় । আনহাতে,স্থানীয় একাংশ লোকে এই দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ৰাতুল ৰায়ক গ্ৰেপ্তাৰৰ দাবী জনায় ।