অনুসূচিত জাতি যুৱক ছাত্ৰ পৰিষদৰ ধৰ্ণা , বিজেপি নেত্ৰী সুশীলা হাজৰিকাৰ বাস গৃহত বিতৰণ কৰিলে অনুসূচিত জাতিৰ সামগ্ৰী , বাদ পৰিল প্ৰকৃত হিতাধিকাৰী
দুৰ্নীতিৰ দৰ্পণ সেৱা ,পশ্চিম যোৰহাটৰ পৰা জগত নেওগৰ প্ৰতিবেদনঃ যোৰহাট জিলা সমিতি অনূসূচিত জাতি যুৱক ছাত্ৰ পৰিষদে যোৰহাট জিলা‌ মহকুমা জন কল্যাণ বিষয়া কাৰ্যালয়ৰ চৌহদত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত প্ৰতিবাদ কাৰ্যসূচীত উতপ্ত পৰিস্থিতিৰ সৃষ্টিৰ হয় । কাৰণ অনুসূচিত জাতি লোক সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকলক চৰকাৰে উন্নয়নৰ নামত বছৰ ধৰি এক প্ৰতাৰণা কৰি আহিছে লগতে অনুসূচিত জাতি জনকল্যাণ আঁচনি যোগেদি অহা বিভিন্ন সুবিধা প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰা অভিযোগ আনিছে সংগঠনটোৱে । যোৰহাট জিলা আধাৰুৱা হৈ থকা অনুসূচিত জাতি যুৱক ছাত্ৰ পৰিষদৰ আবাস গৃহটোৱো আজিও সম্পুৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে । অতি পৰিতাপৰ বিষয় হ’ল যে , অনুসূচিত জাতি যুৱক ছাত্ৰ পৰিষদৰ উন্নয়ন ব’ৰ্ড খন আজিও গঠন নহল‌ বুলি মন্তব্য কৰে অনুসূচিত জাতি যুৱক ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি গৰাকীয়ে । লগতে সংগঠনটোৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে , অনুসূচিত জাতিৰ নামত অহা কিছুমান সামগ্ৰী বিজেপি নেতা পালি নেতাই ঘৰৰ ভিতৰত বহিয়েই বিতৰণ কৰি আহিছে । আৰু প্ৰকৃত দুখিয়া হিতাধিকাৰী বাদ‌ পৰিছে এই আঁচনি সমুহৰ পৰা । পুনৰ প্ৰতিবাদী কণ্ঠৰে দাবী কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় যে , দেৰগাঁও সমষ্টিৰ বিজেপি নেত্ৰী ‌সুশীলা হাজৰিকাই ‌অনুসূচিত জাতিৰ বাবে অহা আঁচনিৰ‌ সামগ্ৰী‌ অনুসূচিত জাতি ব’ৰ্ডৰ সদস্য গৰাকীৰ লগত গোপন বুজা বুজিৰে‌ সুশীলা হাজৰিকাৰ ঘৰতো চৰকাৰী সামগ্ৰী বিতৰণৰ অভিযোগ উত্থাপিত কৰিছে । জিলা উপায়ুক্তক ‌ইয়াৰ উচিত তদন্ত ‌দাবী জনাইছে সংগঠণটোৱো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here