অনুসূচীত জাতিৰ হিতাধিকাৰীৰ মাজত বৰপেটা মহকুমা অনুসুচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰানজিৎ ৰায়ৰ টিনপাত,ফিল্টাৰ বিতৰণ

    0
    88

    অনুসূচীত জাতিৰ হিতাধিকাৰীৰ মাজত বৰপেটা মহকুমা অনুসুচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰানজিৎ ৰায়ৰ টিনপাত,ফিল্টাৰ বিতৰণ

    প্ৰতিবেদক মনজিৎ দাস হাউলী ,২৪ ফেব্ৰুৱাৰীঃ সদৰ বৰপেটাৰ গান্ধীনগৰস্থিত বৰপেটা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ অনুসূচীত জাতিৰ পিছ পৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত অাজি বৰপেটা মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰাণজিৎ কুমাৰ ৰায়ে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাস, বোৰ্ডৰ সদস্য ভট্টদেৱ দাস, কাৰ্যালয়ৰ অাৰ.অ. অখিল দাস, অংকুৰ পাঠক অাদি কৰি কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত টিনপাট, ফিল্টাৰ অাদি বিতৰণৰ শুভাৰম্ভ কৰে। অাজি বৰপেটা জিলাৰ অন্তৰ্গত ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা অন্তৰ্গত কয়াকুছি গাঁও নিবাসী ৰূপম কীৰ্তনীয়া আৰু এৰাগাঁওৰ বাসিন্দা প্ৰকাশ মণ্ডলকে ধৰি কেইবাজনো হিতাধীকাৰীৰ মাজত টিনপাত, ফিল্টাৰ অাদি প্ৰদান কৰা হয়। অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰাণজিৎ কুমাৰ ৰায়ে হিতাধিকাৰীসকলৰ মাজত সামগ্ৰী সমূহ বিতৰণ কৰি কয় যে, আগন্তক সময়ত অনুসূচীত জাতিৰ বাবে যিবিলাক সামগ্ৰী চৰকাৰৰ পৰা মহকুমা কল্যান বিষয়াৰ কাৰ্যালয়ত দিব,সেইবোৰ মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ জৰিয়তে যাতে প্ৰকৃত হিতাধীকাৰী পাবলৈ সক্ষম হয়, তাৰ প্ৰতি অধিক মনোযোগ দিয়া হব বুলি মতপোষন কৰে। ইপিনে বোৰ্ড সভাপতিগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অাজি হিতাধিকাৰীসকলৰ মাজত প্ৰথম টিনপাট, ফিল্টাৰ অাদি প্ৰদান কৰা হয় যদিও পৰ্যায় ক্ৰমে মুঠ ১১০ গৰাকীক টিনপাত, ৬২৪ গৰাকীক ফিল্টাৰ, ২৫০ গৰাকীক এগ্ৰকাল্চা কিটচ্ , ৫৫ গৰাকীক ছোলাৰ অাৰু ৪০ গৰাকী হিতাধিকাৰীৰ মাজত সামগ্ৰী সমূহ বিতৰণ কৰা হব বুলি তেওঁ মত ব্যক্ত কৰে। উল্লেখ্য যে, মহকুমা উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰানজিৎ কুমাৰ ৰায়ক সভাপতি (নেউলাৰভিঠা),জিতেন্দ্ৰ নাথ দাসক উপ-সভাপতি (গান্ধী নগৰ) অাৰু ক্ৰমে ভট্টদেৱ দাস(গনককুছি পাথাৰ), খীৰুদ কুমাৰ দাস(পুঠিমাৰী),সুনীল সৰকাৰ(জনিয়া), অজয় কুমাৰ দাস(পুঠিমাৰী),গৌৰ চন্দ্ৰ সূত্ৰধৰ(দক্ষিন কলহভাঙা), অনিমেষ দাস(শোকাজান), অমৰ দাস(হাউলী), প্ৰতিমা দাস(সুন্দৰদিয়া), কাৰ্তিক চন্দ্ৰ মণ্ডল(জাকলি পাথাৰ), অমল দাস(গৌমৰাহাটী), সঞ্জয় দাস(বায়াচকুছি),প্ৰনৱ কুমাৰ দাস(বিষ্ণুপুৰ), ৰঞ্জু মেধি(ভাতপাৰা), মিলন সৰকাৰ(বাটগাঃও),পৰিক্ষীত দাস(মন্দিয়া), নিৰ্মল মণ্ডল(দঙৰকুছি), মঞ্জুৰাণী ৰায়-সৰকাৰ(এৰাগাঁও), বৰ্ণালী দাস(শিলা), নমিতা অাৰ্য(কুন্দ্ৰকুছি), চন্দনা দাস(পাটবাউসী) অাদি কৰি বিভিন্ন সমষ্টিৰ পৰা ২২ গৰাকীক সদস্য অাৰু চৰকাৰীভাৱে ৩ গৰাকী বিষয়াকলৈ গঠিত বোৰ্ডখনে যোৱা ১৭ ফেব্ৰুৱাৰীত অানুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহন কৰা বুলি সভাপতি ৰায়ে জানিবলৈ দিয়ে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here