অসমত আগন্তুক দিনত মিত্ৰজোটে চৰকাৰ কৰিব- কয়াকুছিত এ আই ইউ ডি এফৰ নিৰ্বাচনী জনসভাত ঘোষণাঃ বদৰুদ্দিন আজমলৰ

0
83

অসমত আগন্তুক দিনত মিত্ৰজোটে চৰকাৰ কৰিব- কয়াকুছিত এ আই ইউ ডি এফৰ নিৰ্বাচনী জনসভাত ঘোষণাঃ বদৰুদ্দিন আজমলৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , মনজিৎ দাস,হাউলী, ৬ ফেব্ৰুৱাৰীঃ “যি চৰকাৰে উন্নয়ন কৰিব পৰা নাই সেই চৰকাৰ নেতৃত্বত থকাৰ অধিকাৰ নাই ৷ এই চৰকাৰক বিদায় দিয়াৰ আহ্বান ৷ ৰাজ্যৰ বিজেপি চৰকাৰখনক গৰীব বিৰোধী আৰু সাম্প্ৰদায়িক চৰকাৰ আখ্যা ৷ চৰকাৰে দালাল আৰু চিণ্ডিকেট সৃষ্টি কৰিছে ৷ সভাত হিন্দু মুছলমান ভাই ভাই ধ্বনি আজমলৰ ৷ যিসকলে নাচি আছে, চাইকেল চলাই আছে, স্কুটাৰ চলাই আছে, এনেকৈ দেশ নচলে বুলিও মন্তব্য ৷ মই হাস্পাটাল বনালে বিজেপি চৰকাৰৰ শত্ৰু হৈ পৰো ৷ এই বিজেপি চৰকাৰ যাব, আমাৰ চৰকাৰ আহিব ৷ চৰকাৰ গঠন কৰিলে প্ৰত্যেক জিলাতে মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি আজমলৰ ৷ ৰাস্তা-ঘাট, ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন মাৰি খাইছে চৰকাৰে ৷ আসন বুজাবুজিৰ পূৰ্বেই সৰুক্ষেত্ৰীৰ প্ৰাৰ্থীত্বক লৈ আজমলৰ বৃহৎ ঘোষণা ৷ সৰুক্ষেত্ৰীত কংগ্ৰেছেও প্ৰাৰ্থী দিব আৰু এআই ইউডিএফেও প্ৰাৰ্থী ঠিয় কৰিব বুলি ঘোষণা আজমলৰ ৷ আমাৰ মহাজোঁট বন্ধন হৈছে, নেতৃত্বৰ ওপৰত সকলো দায়িত্ব দিবলৈ আহ্বান ৷ নেতৃত্বই যি সিদ্ধান্ত লয় তাক মানি লবলৈ ৰাইজক আজমলৰ আহ্বান ৷ এই চৰকাৰকেই নহয়, দিল্লীৰ পৰাও বিজেপিক আতৰোৱাৰ আহ্বান ৷ সকলোতকৈ ডাঙৰ সমস্যা বিজেপি চৰকাৰ ৷ চৰকাৰক আতপাব লাগে ৷ নাচনেৱালে মিনিষ্টাৰ গো বেক, চাইকেল চলানেৱালা মিনিষ্টাৰ গো বেক, স্কুটাৰ চলানেৱালা মিনিষ্টাৰ গো বেক ধ্বনি আজমলৰ ৷ ইপিনে সাংবাদিকৰ আগত আজমলৰ মন্তব্য— মহাজোঁটৰ সৈতে লগলাগি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক বিজেপিৰ বিৰুদ্ধে যুজ দিবলৈ আহ্বান আজমলৰ ৷ এআইইউডিএফক সাম্প্ৰদায়িক বুলি কলেও আপত্তি নাই বুলি কৈ আজমলে একেলগে বিজেপিৰ বিৰুদ্ধে যুজিবলৈ আহ্বান জনায় ৷ এআইইউডিএফে ৪০ খন আসন বিচৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে এয়া অস্বীকাৰ কৰে আৰু এআইইউডিএফে ডাঙৰ কথা নকয় আৰু লজিকেলী যিটো সত্য সেইটোহে কয় বুলি মন্তব্য কপে ৷ কংগ্ৰেছে বিগ ব্ৰাডাৰ বুলি কোৱা কথাকলৈয়ো প্ৰতিক্ৰীয়া প্ৰকাশ আজমলৰ ৷ যদি কংগ্ৰেছে নিজে বিগ ব্ৰাদাৰ বুলি কয় তেন্তে আমি মানিম নে নাই চিন্তা কৰিম ৷ মিত্ৰতাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৯ ফেব্ৰুৱাৰীৰ পৰা দলসমুহৰ মাজত ধাৰাবাহিক আলোচনা অনুষ্ঠিত হব বুলি আজমলৰ ঘোষণা ৷ চেটিং আৰু গেটিঙৰ ইংৰাজী ভাষা নাজানো বুলি কৈ মহাজোঁটক লৈয়ে চৰম ভ্ৰুকূটি এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ ৷ ইপিনে মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী আজনলৰ ৷ ৰণজিৎ কুমাৰ দাস সৰভোগত হাৰিব বুলিও দাবী আজমলৰ ৷ ইপিনে সৰুক্ষেত্ৰী সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানে ২১ৰ নিৰ্বাচনত সৰুক্ষেত্ৰীত প্ৰাৰ্খীত্ব আগবঢ়াব বুলি আজমলে কৰা ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰে ৷ আনকি মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত বুলিও ঘোষনা কৰে মীনাক্ষী ৰহমানে ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কৰ্মী সভাত ৰাইজৰ বিশাল অংশগ্ৰহন দেখি দলটোৰ নেতৃত্ব পতিয়ন যোৱা বুলি দাবী কৰি অহা নিৰ্বাচনত সৰুক্ষেত্ৰীত এআইইউডিএফ জয়ী হব বুলিও দাবী কৰে ৷ কয়াকুছিৰ সমন্বয় ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভাত মৌলানা বদৰুদ্দিন আজমলে কয়। তেওঁ অাৰু কয় যে, চৰকাৰ গঠন কৰি আজমলে প্ৰতিটো জিলাত একোখনকৈ মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে। মিত্ৰযোটে সকলো দিশ চালিজাৰি চাই আগন্তুক নিৰ্বাচনত ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত টিকট দিব বুলি কয়। মিত্ৰজোটে যিদলকেই টিকট দিয়ে সেইজনকেই মানি লবলৈ দলীয় কৰ্মীসকলক আজমলে আহ্বান জনায়। আগন্তুক নিৰ্বাচনৰ বাবে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ দাবীদাৰ মিনাক্ষী ৰহমানৰ সমৰ্থকে আজমলক সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব ঘোষণা কৰিবলৈ অনুৰোধ জনায় যদিও কৌশলপূৰ্ণভাৱে আজমলে অকলে ঘোষণা কৰিব নোৱাৰে বুলি কৈ সকলো মিত্ৰদলে মিলি টিকট ঘোষণা কৰিব বুলি কৈ বিষয়টোৰ পৰা আঁতৰি আহে। আজমলে নিজৰ ভাষণত বি জে পি দলক দেশ চলোৱাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰি আগন্তুক দিনত বি জে পি দলক উৎক্ষাত কৰি মহাজোটৰ চৰকাৰ কৰিব বুলি আজমলে কয়। কয়াকুছিৰ সমন্বয় ক্ষেত্ৰত বৰপেটা জিলা সমিতিৰ সভাপতি মুফতি ছামছুদ্দিন কাছিমিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰুক্ষেত্ৰী সমষ্টি এ আই ইউ ডি এফৰ সভাপতি আলেফ খানে। সভাত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, জলেশ্বৰ সমষ্টিৰ বিধায়ক ছাহাব উদ্দিন, ধুবুৰী বিধানসভাৰ বিধায়ক নজৰুল হ’ক, পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলাম, কৰিম উদ্দিন বৰভূঞা, চম্পক কলিতা, দলটোৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বীনা দৈমাৰী, দলটোৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম, কেন্দ্ৰীয় ছাত্ৰ মঞ্চৰ সভাপতি নাছিম উদ্দিন আহমেদ, বৰপেটা জিলা এ আই ইউ এফৰ উপ-সভাপতি ৰাজীৱ আহমেদ। এই সভাত নিজৰ ভাষণত যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে বি জে পি দলক তীব্ৰ সমালোচনা কৰে। ইছলামে আগন্তুক নিৰ্বাচন হৈছে দেশৰ সাতামপুৰুষীয়া ঐক্য সংহতি ৰক্ষাৰ যুঁজ, মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ৪৪ নং জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে নিজৰ ভাষণত কয় যে, অসমৰ জনতাই ৬৫ আৰু ৩৫ শতাংশত বিশ্বাস নকৰে। অসমৰ ৰাইজে ভাতৃত্ববোধ নীতিত বিশ্বাস কৰে। যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দি অসমত বি জে পিয়ে চৰকাৰ গঠন কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। অসম চৰকাৰে অৰ্থনৈতিক অৱস্থা শূন্য হৈছে। অহা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীক চাকৰি দিবলৈ অসম চৰকাৰক দাবী জনায় বিধায়কজনে। বিদেশী খেদাৰ শ্লোগানেৰে চৰকাৰ গঠন কৰি অসমৰ পৰা বিদেশী খেদাৰ সলনি বাংলাদেশী বিদেশী অসমত আনিছে বুলি বিধায়ক ৰফিকুল ইছলামে কয়। আগন্তুক নিৰ্বাচন নাগপুৰীয়া সভ্যতা আৰু অসমীয়া সভ্যতাৰ মাজত হব বুলিও জনিয়াৰ বিধায়কজনে ভাষণত উল্লেখ কৰে। সভাত সৰুক্ষেত্ৰী সমষ্টিৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীত্বৰ দাবীদাৰ মিনাক্ষী ৰহমানে নিজৰ ভাষণত সৰুক্ষেত্ৰীৰ উন্নতিৰ বাবে বিধায়ক সলনি কৰিব লাগিব বুলি মত ব্যক্ত কৰে। নিজৰ ভাষণত নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে বিজেপিয়ে বাকী আৰু ফাকিৰে চৰকাৰ চলাই আছে। নিৰ্বাচনৰ সময়ত বিজেপি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া ৪৭৬টা প্ৰতিশ্ৰুতিৰ ভিতৰত মাত্ৰ ১.৬৪ শতাংশ পূৰণ কৰি সম্পূৰ্ণৰূপে ব্যৰ্থতাৰ পৰিচয় দিয়া বুলি চৌধুৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে নিজৰ ভাষণত আগন্তুক দিনত অসমত এক ধৰ্মনিৰপেক্ষতাৰ চৰকাৰ হব বুলি কয়। দলটোৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক আমিনুল ইছলামে নিজৰ ভাষণত বি জে পি চৰকাৰে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কৈছিল কিন্তু এই চৰকাৰে সুৰক্ষা দিয়া দূৰৰ কথা বাংলাদেশীক মাটি দিছে, তৈল ক্ষেত্ৰ বিক্ৰী কৰিছে, বিমান বন্দৰ বিক্ৰী কৰিছে বুলি তেওঁ কয়। এই চৰকাৰ উন্নয়ন বিৰোধী, এই চৰকাৰ কৃষক বিৰোধী, এই চৰকাৰ ৰাইজ বিৰোধী। গতিকে আমি ছয়টা দল একলগ হৈছো আৰু আগন্তুক দিনত একেলগে নিৰ্বাচন খেলি বিজেপি চৰকাৰক অসমৰ পৰা উৎক্ষাত কৰিব বুলি এনেদৰে আমিনুল ইছলামে হুংকাৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here