অসমত চমকপ্ৰদ উন্নয়ন , বিকাশ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবেই ৰাইজে বিজেপিক ভোট দিব ২০২১ ত

    0
    105

    অসমত চমকপ্ৰদ উন্নয়ন , বিকাশ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবেই ৰাইজে বিজেপিক ভোট দিব ২০২১ ত , অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হ’বঃ মৰিগাঁৱত পীয়ুষ হাজৰিকাৰ মনোনয়ন দাখিলত অংশ লৈ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য , বিশাল শুভাযাত্ৰা সমদলৰে মৰিগাঁৱত বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ মনোনয়ন দাখিল , প্ৰাক্তন মন্ত্ৰী বুবুল দাসেকে ধৰি পাঁচজনকৈ প্ৰাৰ্থীৰ মনোনয়ন দাখিল মৰিগাঁৱত


    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১২ মাৰ্চ: বৰাক , ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত সমিল-মিলেৰে বসবাস কৰি অহা বিভিন্ন ভাষা- ভাষী, ধৰ্মাৱলম্বী লোকসকলে গঢ় দিয়া এই খন বৃহত্তৰ অসমভূমি সম্প্ৰিতিয়ে চহকী হৈ উঠিছে । এইখন অসমত কংগ্ৰেছৰ শাসন কালত ভাষাৰ নামত, ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত যেনেধৰণে সংঘাট ৰচনা হৈছিল, যাৰ ফলশ্ৰুতিত নিৰিহলোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।সেই অৰাজকতা শেষ কৰিবৰ বাবে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন চৰকাৰক অধিষ্ঠিত কৰিছিল অসমৰ জনসাধাৰণে। দূৰ্নীতি, ভ্ৰষ্টাচাৰ, সন্ত্ৰাসবাদ মুক্ত অসম গঢ়ি তুলিবলৈ ২০১৬ চনত সকলোৱে সংকল্প গ্ৰহণ কৰিছিল আৰু বিজেপিক ৰাজ্যত শাসন ভাৰ অৰ্পণ কৰিছিল।আজি মৰিগাঁৱত এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ আজি শেষৰ দিনা জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই মনোনয়ন দাখিল কৰা পূৰ্বে মৰিগাঁও নগৰৰ মালপুতাত অনুষ্ঠিত হোৱা এক বিশাল সভাত অংশগ্ৰহন কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে- বিকশিত অসম গঢ়াৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে আজি পাঁচটা বছৰে সফলতাৰে ৰাইজৰ কাম কৰিবলৈ সক্ষম হৈছে। জনতাৰ স্বাৰ্থত চৰকাৰে কাম কৰি যোৱাৰ বাবে অসমত পুনৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰক শাসনত অধিষ্ঠিত কৰিবলৈ অসমবাসীয়ে উঠি পৰি লাগিছে । গতিকে , অসমত বিজেপি চৰকাৰ যে হ’ব সেয়া এশ শতাংশই নিশ্চিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দুখীয়া,বৃদ্ধ , বিধবা লোকৰ টকা আত্মসাৎ কৰা নাই। কংগ্ৰেছে এইসকলৰ ধন আত্মসাৎ কৰি কলংকৃত হৈছে। কিন্তু বিজেপি চৰকাৰে অসমীয়াৰ মানুহক সন্মান সহকাৰে জীয়াই থাকিবলৈ মৰ্যদা প্ৰদান কৰিছে। আজি জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মনোনয়ৰ উপলক্ষে আয়োজিত সভাখনত মূখ্যমন্ত্ৰীৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰ, মৰিগাঁও অগপৰ সভাপতি শান্তনু শৰ্মা আৰু বিজেপি জিলা সভাপতি প্ৰবীণ মেধিৰ লাহৰীঘাটৰ বিজেপি প্ৰাৰ্থী কাদিৰুজ জামান জিন্না উপস্থিত থাকে। জাগীৰোড সমষ্টিৰ বিজেপিৰ শক্তিশালী প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ সমৰ্থনত মৰিগাঁও নগৰত বিশাল সমদল উলিয়ায় ৰাজপথ বিজেপি ধ্বনিয়ে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে দলীয় সমৰ্থক সকলে। জাগীৰোড সমষ্টিৰ পৰা পুৱাতেই অহা কেইবা সহস্ৰাধিক বিজেপিৰ দলীয় নেতা কৰ্মীয়ে বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাক আগবঢ়ায় আনে। জাগীৰোডৰ পৰা সমদল কৰি অনাৰ পিছত প্ৰাৰ্থী গৰাকীয়ে আনন্দ উল্লাসৰ মাজতেই জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে-জাগীৰোড সমষ্টিত বিজেপিৰ জয় অনিবাৰ্য। জাগীৰোড সমষ্টিবাসীৰ মৰম, চেনেহ আৰু আজি আমাৰ প্ৰতি দেখোৱা এই সহযোগীতাই আমি জয়লাভ কৰাটো নিশ্চিত কৰিলে। মন্ত্ৰী হাজৰিকাই জনগণৰ উন্নতিৰ হকে বিজেপি চৰকাৰ খনে যোৱা দিন বিলাকত কৰি অহা ভাল কামৰ মূল্য দিব বুলি মন্তব্য কৰে। ইপিনে, আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিনা জাগীৰোড সমষ্টিত বিজেপিৰ পীয়ুষ হাজৰিকাৰ লগতে এজেপিৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী বুবুল দাসেও মনোনয়ন দাখিল কৰে । আনহাতে , আজি মনোনয়ন পত্ৰ দাখিল কৰা শেষৰ দিনা লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ডা: নজৰুল ইছলামৰ পুত্ৰ ডা: আচিফ নাজাৰ,বিজেপি প্ৰাৰ্থী কাদিৰুজ জামান জিন্না, এজেপিৰ প্ৰাৰ্থী সমজিতা ৱাছমিনেও দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here