অসমৰ বোলছৱি জগতৰ এটি সুখবৰ , আহি আছে “টেম্পাৰ”

0
154

অসমৰ বোলছৱি জগতৰ এটি সুখবৰ , আহি আছে “টেম্পাৰ”

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১৩ ফেব্ৰুৱাৰীঃ অসমৰ বোলছৱি জগতৰ এটি সুখবৰ ৷ আহি আছে “টেম্পাৰ”। ঢেকীয়াজুলিত অনুষ্ঠিত হ’ল ছৱিখনৰ প্ৰিমিয়াৰ শ্ব’৷ আপুনিও চাবলৈ ভাল পাব চাদ্ৰী ভাষাৰ চলচ্চিত্ৰ “টেম্পাৰ”৷ সাংস্কৃতিক নগৰী শোণিতপুৰৰ ঢেকিয়াজুলিৰ পৰাই নিৰ্মিত হৈছে এই হাই ভল্টেজৰ এক্সনধৰ্মী চলচ্চিত্ৰ ‘টেম্পাৰ’৷ ছৱিখনক লৈ উচাহে নধৰা হৈছে অসমৰ চাহবাগান তথা শ্বহীদ নগৰী ঢেকীয়াজুলিৰ সংস্কৃতিপ্ৰাণ ৰাইজৰ ৷ চিনেমাখনকলৈ যথেষ্ট আশাবাদী পৰিচালক তথা অভিনেতা অভিনেত্ৰীসকল ৷ ছবিখনত প্ৰধান চৰিত্ৰত অভিনয় কৰিছে ঝাৰখণ্ড চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা বিনোদ মাহালি আৰু লগতে ৰাজস্থানী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা মহেন্দ্ৰ গৌড় । লগত আছে এম.টি.ভি ৰ’ডিজ এক্স ফ’ৰ খ্যাত অনামিকা বৰ্মন,অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় (ভিলেইন)অভিনেতা পদ্মৰাগ গোস্বামী,অভি ৰাজদান আৰু পশ্চিম বংগৰ জনপ্ৰিয় অভিনেত্ৰী ৰ’মা এক্কাৰ লগতে অন্যান্য অভিনেতা অভিনেত্ৰীসকল ৷ অসমীয়া সমাজখনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীসকলৰ চাদ্ৰী ভাষাত অসমৰ পৰা নিৰ্মিত নৱ প্ৰজন্মৰ চলচ্চিত্ৰ কৰ্মীৰ দ্বাৰা গঠন হোৱা জৈষ্ণৱী প্ৰডাকচনৰ বেনাৰত এ.টি.চি. ক্ৰিয়েচনছ আৰু এম.আৰ. ম’ছন পিকচাৰ্ছৰ সহযোগত নিৰ্মিত হৈছে এক্সনধৰ্মী আৰু ৰোমাঞ্চ প্ৰধান এখনি চাদ্ৰী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ “টেম্পাৰ”৷ অলপতে ঢেকিয়াজুলিত ছৱিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায় । প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতিয়ে বন্তি প্ৰজ্বলন কৰি ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ মুকলি কৰে ৷ ছবিৰ নামটোৱেই একচনৰ হাই ভল্টেজ বুলি ক’ব পাৰি । মুখ্যতঃ ঢেকিয়াজুলিৰ পৰাই নিৰ্মিত ‘টেম্পাৰ’ক লৈ প্ৰথমৰে পৰাই উথপথপ লাগিছে অসমৰ চাহবাগানসমূহৰ লগতে তথা শ্বহীদ নগৰী ঢেকিয়াজুলিত । গুৱাহাটী,অৰুণাচল প্ৰদেশৰ মনোমোহা লোকেচনৰ লগতে ছবিখনৰ সৰহভাগ শ্বুটিং ঢেকিয়াজুলিতো কৰা হৈছে । ইতিমধ্যেই ছবিখনৰ এটি গীত “দিল কেৰ কণা মে তই” যথেষ্ট জনপ্ৰিয় হৈ পৰিছে । কণ্ঠশিল্পী অমৃত তাঁতী আৰু দীপজ্যোতি মাহালীয়ে কন্ঠদান কৰা এই গীতটোৰ উপৰিও পশ্চিমবংগৰ জনপ্ৰিয় গায়ক সুৰেশ টপ্প’ই সংগীত পৰিচালক নিবিড়ৰ সৈতে কন্ঠ নিগৰোৱা “ছ’ণাৰ আছাম” আৰু নৱাগত গায়ক আছাদে নিবিড়ৰ সৈতে কন্ঠদান কৰা ‘এ জিন্দেগী কৰ লে তই দ’স্তী’ গীত দুটাও শ্ৰুতিমধুৰ হৈছে । ছবিখনৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে- চিৰঞ্জীৱ দত্ত, বিপুল বেক, জাকিৰ হুছেইন, পূৰ্ণ দাস, বিষ্ণু সিং ভূমিজ, আদিত্য পানিকা, তপন তুষাৰ, প্রিয়ংকা প্ৰজা, প্ৰফুল্ল পানিকা, কৃষ্ণ মহানন্দ, ৰঞ্জন পানিকা, বিপুল মাহাত্ত্ব, বিজয় ৰাজপুত, উত্তম দাস, ঘনশ্যাম পানিকা, প্ৰফুল্ল ৰাজপুত, মণিকা পৰ্জা, কৃসাংগি হাজৰিকা, আশীৰ্বাদ বাছফৰ, অজয় বেছৰা, বিকি ৰাজ মেধি, পৰেশ গুৱালা আদি শিল্পী সকলে ৷ চলচ্চিত্ৰখন পৰিচালনা কৰিছে ডি.বিপিনে । চিত্রগ্ৰহণ আৰু সম্পাদনা কৰিছে বিশিষ্ট সম্পাদক অনুপম কে. বৰদলৈয়ে । সংগীত পৰিচালনা নিবিড়ৰ । দুটি গীত ৰচনা কৰিছে অমিয় চাছনীয়ে আৰু এটি গীত শংকৰ পাণ্ডেই । ছৱিৰ নৃত্য সমুহ পৰিচালনা কৰিছে ৰাজস্থানী চিনেমা জগতৰ জনপ্ৰিয় নৃত্য পৰিচালক মনা গৌড়ে । এক্‌চন সমুহ পৰিচালনা কৰিছে অসমীয়া, ৰাজস্থানী আৰু মুম্বাই চিনেমাৰ অভিজ্ঞতা সম্পন্ন প্ৰদীপ ভৱেশ এ.টি.চিয়ে । জি. এফ.এক্স আৰু ভি.এফ.এক্স. অভিজিৎ সন্দিকৈৰ । আৱহ সংগীত আৰু মাষ্টাৰিং কৰিছে দীপক শৰ্মা আৰু লৌকিক খাউন্ডে । স্পেচিয়েল এফেক্টছ কলিকতাৰ বিদ্যুৎ দাসৰ । মেক আপ কমল তালুকদাৰ, ডেনিয়েল মাৰাক আৰু পিজুমনি শৰ্মাৰ । পোষ্টাৰ ডিজাইন কৰিছে জিতেন দাস , বিৰলা বড়ো আৰু চন্দ্ৰকমল বুঢ়াগোহাঁইয়ে।ছবিখনৰ প্ৰডাকশ্যন টিম হৈছে সঞ্জয় পানিকাৰ তত্বাৱধানত ৰেইনব’ প্ৰডাকশ্যন হাউচ।চাদ্ৰী ভাষাৰ চলচ্চিত্ৰখনক লৈ যথেষ্ট আশাবাদী অসমীয়া চলচ্চিত্ৰ জগতৰ দাবাং হিৰ’ইন অনামিকা বৰ্মনৰ লগতে ৰাজস্থানী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা মহেন্দ্ৰ গৌড়,জনপ্ৰিয় অভিনেতা অভি ৰাজদান ৷ আপুনিও এবাৰ ছৱিখন চাই অসমৰ চাহজনজাতি সকলৰ জীৱন সংগ্ৰামক নিশ্চয় অনুধাৱন কৰিব পাৰিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here