অসমৰ ৰাইজে থিৰাং কৰিছে এইবাৰ মহাজোঁটৰ চৰকাৰ হ’বঃ ৰকিবুল হুছেইন , ভোটাৰ ৰাইজ উন্নয়নৰ পক্ষত থাকিবঃ আঙুৰলতা ডেকা

    0
    49


    নগাঁৱৰ ৫ টা সমষ্টিৰ বাবে উদূলি-মুদূলি পৰিৱেশত ৰথী মহাৰথীৰ মনোনয়ন পত্ৰ দাখিল , অসমৰ ৰাইজে থিৰাং কৰিছে এইবাৰ মহাজোঁটৰ চৰকাৰ হ’বঃ ৰকিবুল হুছেইন , ভোটাৰ ৰাইজ উন্নয়নৰ পক্ষত থাকিবঃ আঙুৰলতা ডেকা

    ৱাহিদুদ জামান , নগাঁও , ৯ মাৰ্চ: এক উদূলি- মুদূলি পৰিৱেশত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও জিলাৰ ৫টা বিধান সভা সমষ্টিৰ বাবে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰথম পৰ্যায়ত হ’বলগীয়া জিলাখনৰ কলিয়াবৰ,চামগুৰি,ৰূপহী হাট, বটদ্ৰবা আৰু ধিং বিধান সভা সমষ্টিৰ বাবে বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদ,ৰাইজৰ দল আদিৰ হেভীৱেট প্ৰাৰ্থী সকলে নিজ নিজ সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । এই সকল প্ৰাৰ্থীৰ ভিতৰত-প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, বিধায়িকা আঙুৰ লতা ডেকা, বিধায়ক নুৰুল হুদা, কংগ্ৰেছ নেত্ৰী শিৱামনি বৰা, কংগ্ৰেছী নেতা প্ৰশান্ত শইকীয়া, বিজেপি নেতা নাজিৰ হুছেইন, অসম জাতীয় পৰিষদৰ মুকুল বৰুৱা অন্যতম। আজি নগাঁও চহৰৰ কংগ্ৰেছ ভৱনৰ পৰা চামগুৰি সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কেইবা সহস্ৰাধিক দলীয় নেতা কৰ্মী সমৰ্থক, বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য- গীতৰ মাজেৰে পদব্ৰজে সমদল কৰি ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ যাত্ৰা কৰে। ৰকিবুল হুছেইনৰ লগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰব গগৈ, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, ৰূপহী হাট সমষ্টিৰ প্ৰাৰ্থী নুৰুল হুদা, বটদ্ৰবা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা ৰিটাৰ্নিং বিষয়াৰ কাযাৰ্লয়লৈ যাত্ৰা কৰে। সমদলত অংশ লোৱা কংগ্ৰেছ নেতা- কৰ্মী সমৰ্থক সকলে কংগ্ৰেছ জিন্দাবাদ, ছ’নিয়া গান্ধী জিন্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ, নুৰুল হুদা জিন্দাবাদ, শিৱামণি বৰি জিন্দাবাদ এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ কঁপাই তোলে। তিনিজন মহাজোঁটৰ প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে চামগুৰি সমষ্টিৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াই এক বিশাল শোভাযাত্ৰা আহি ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য- গীতৰ মাজেৰে এক উদূলি মূদূলি পৰিৱেশৰ সৃষ্টি কৰি নগাঁৱত বিজেপি মিত্ৰজোঁটে এক জনজাগৰণৰ সূচনা কৰে। বিজেপি আৰু অগপ মিত্ৰজোঁট কৰ্মী সমৰ্থকে আকৌ এবাৰ মোডী চৰকাৰ, বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। ইপিনে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা বিজেপিৰ আঙুৰলতা ডেকাই এক বিশাল শোভাযাত্ৰাৰে আহি ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। কলিয়াবৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অৱসৰ প্ৰাপ্ত অধ্যাপক প্ৰশান্ত শইকীয়াই এক উদূলি মূদূলি পৰিৱেশৰ মাজেৰে সাংসদ গৌৰব গগৈক লগত লৈ কলিয়াবৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰা আন সকল হ’ল- ৮৫ নং ৰূপহীহাট সমষ্টিৰ বাবে বিজেপি দলৰ পৰা নাজিৰ হুছেইন, ৰাইজৰ দলৰ পৰা নজৰুল ইছলাম, অসম জাতীয় পৰিষদৰ পৰা ডাঃ ছফিকুল ইছলাম, ৰাষ্ট্ৰীয় জনতা দলৰ পৰা চামছুল আলম, জাতীয় দল অসমৰ ৱাকিবুৰ ইছলাম, জামাতী উলেমা পৰা জিন্নাতুল ইছলাম আৰু নিৰ্দ্দলীয় হিচাপে ৰফিকুল ইছলাম, আনহাতে, ৮৩ নং ধিং সমষ্টিৰ বাবে ৰাইজৰ দলৰ পৰা মেহবুব মোক্তাৰ, বিজেপি দলৰ পৰা সঞ্জীৱ কুমাৰ বৰা, অসম জাতীয় পৰিষদৰ পৰা আনজাৰ হুছেইন, ৰাষ্ট্ৰীয় জনতা দলৰ পৰা শ্বাহানাজ বেগম, জনতা দলৰ পৰা ৰইছ উদ্দিনৰ লগতে নিৰ্দ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক মোস্তাফা শ্বহিদুল ইছলাম, মতিউৰ ৰহমান আৰু ৰুকুন্দদ্দিন, ৮৪ নং বটদ্ৰবা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ পৰা অৰূপ কুমাৰ শইকীয়া, ৰাষ্ট্ৰীয় জনতা য’ৰ দলৰ পৰা অনুপম বৰা, ৰাষ্ট্ৰীয় লোক সমতা দলৰ পৰা ইমদাদুল হুছেইন, অসম জন মৰ্চাৰ পৰা ফকৰ উদ্দিনৰ, জনতা দলৰ পৰা ময়ূৰ মজুমদাৰ, নিৰ্দ্দলীয় হিচাপে ক্ৰমে প্ৰফুল্ল ৰাজখোৱা, মতিউৰ ৰহমানে, ৮৮ নং চামগুৰি সমষ্টিৰ পৰা ৰাইজৰ দলৰ পৰা আবিদুৰ ৰহমান,ভাৰতীয় গণ পৰিষদৰ পৰা প্ৰানজিৎ ভৌমিক,৮৯ নং কলিয়াবৰত অসম জাতীয় পৰিষদৰ মুকুল বৰুৱা, নিৰ্দলীয় হিচাপে ভাস্কৰ শৰ্মা, ৰমেশ প্ৰধান আদি। কালিও এই ৫টা সমষ্টিৰ বাবে ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে কয়,”মই চামগুৰি সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো । তেওঁ লোকে আকুন্ঠ মৰম, আৰ্শীবাদ দি মোক এবাৰ-দুবাৰ নহয় চাৰিবাৰকৈ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে।এইবাৰো চামগুৰি সমষ্টিৰ ৰাইজে অনুৰূপ মৰম আৰু আৰ্শীবাদ দিব।” হুছেইনে আৰু কয়,”চামগুৰিত মই কেতিয়াও কোনো দলীয় ৰাজনীতিলৈ ব্যস্ত থকা নাই । সমগ্ৰ চামগুৰি সমষ্টিবাসী ৰাইজ মোৰ অতিকে আপোন, মই তেওঁ লোকৰ পৰিয়ালৰ লোক। গোটেই চামগুৰি খন আমাৰ পৰিয়াল।সেই চিন্তা ধাৰাৰে আগবঢ়া কাৰণেই বহু চেষ্টা কৰিও এজিপি-বিজেপিয়ে মোক পৰাভূত কৰিব পৰা নাই । যি সময়ত ৰাজ্যত এজিপি-বিজেপিৰ মিত্ৰতাই হোৱা নাছিল সেই সময়তো দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ নিচিনা এজন বলিষ্ঠ নেতাক মোৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিছিল। কিন্তু তেতিয়াও চামগুৰিৰ ৰাইজে মোক মৰম কৰিলে । সকলো জাতি-জনগোষ্ঠীৰ ৰাইজেই মোক আকোঁৱালি ল’লে।তাৰ ফলশ্ৰুতিত মই বিশ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হৈছিলো । এইবাৰো মই তেওঁ লোকৰ মৰম,ভালপোৱা, আৰ্শীবাদ শিৰোধাৰ্য কৰি মনোনয়ন পত্ৰ দাখিল কৰিছো । নিজৰ প্ৰতিদ্বন্দ্বী বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়ক কটাক্ষ কৰি স্বভাৱ সূলভ ভংগীমাৰে হুছেইনে কয়,”মই এইটোকে বিচাৰিছিলো যে বিজেপি মিত্ৰজোঁটে চামগুৰি সমষ্টিত এজন ভাল প্ৰাৰ্থী ঠিয় কৰাব।এজন ভাল শক্তিশালী প্ৰাৰ্থী দিয়া হ’লে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ভাল লাগিল হেঁতেন।যি জনক প্ৰাৰ্থীত্ব দিছে, মই শুনিছোঁ তেওঁ ৰূপহী সমষ্টিৰ গটঙাৰ পৰা পঞ্চায়ত নিৰ্বাচনত উঠিছিল।পঞ্চায়তৰ সভাপতি পদত তেওঁ দুশ ভোট পাইছিল।এজন ভাল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নাপালে দুখ লাগে। তথাপিও গণতান্ত্ৰিক প্ৰক্ৰিয়াততো যুঁজিবই লাগিব। অৱশ্যে বিশাল ভোটৰ ব্যৱধানত বিজয়ী হ’ম।” অসমত এইবাৰ কংগ্ৰছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰি হুছেইনে লগতে আৰু কয়,”আজি অসমৰ ৰাইজে থিৰাং কৰিছে যে,কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব। ১০১খন আসন কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে পোৱা কথা আছিল। কিন্তু হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটত অংশগ্ৰহণ কৰিলে।তাত আৰু ১২খন আসন যোগ হ’ব। এতিয়া ৰাজ্যৰ চৌদিশে কংগ্ৰেছৰ সপক্ষে বতাহ বলিছে।চৌদিশে কংগ্ৰেছ আৰু কংগ্ৰেছৰ মহাজোঁট।” ৰাইজৰ আশীষ লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিলো। বটদ্ৰবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই কয়- এইবাৰ ভোটাৰ ৰাইজ উন্নয়নৰ পক্ষত থাকিব। কাৰণ উন্নয়ন মানে হৈছে বিজেপি। বিগত পাঁচটা বছৰত ৰাস্তা-ঘাটকে আৰম্ভ কৰি ৰাইজে অনুভৱ কৰা ধৰণে উন্নয়ন হৈছে। বটদ্ৰবা থানাৰ উন্নয়নৰ কথা উল্লেখ কৰি বিধায়িকা ডেকাই লগতে কয়, স্বাধীনতাৰ ৭০ বছৰ পিছত গুৰুজনাৰ জন্মস্থান বটদ্ৰবা থানাখন বেথখলমুক্ত কৰি তাত যিধৰণৰ প্ৰকল্প আৰম্ভ হৈছে। সেইটো ৰাইজে।নিশ্চয়কৈ অনুধাৱন কৰিব। বিজয়ৰ সম্ভাৱনা এশ শতাংশ বুলি দাবী কৰি বিধায়িকা গৰাকীয়ে কয়, বৰ্তমানলৈকে কোনো প্ৰতিদ্বন্দি নাই যদিও নিৰ্বাচনৰ শেষৰ ফালে গম পোৱা যাব। তেওঁ মহাজোটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী কোনো ফেক্টৰ নহয় বুলিও দাবী কৰে। ইপিনে, ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক তথা এইবাৰৰ মহাজোটৰ প্ৰাৰ্থী নুৰুল হুদাই কয়, ৰাইজে এইবাৰ বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিব। অৱশ্যে বিজেপিয়ে মোৰ জিকাটো নিশ্চিত বুলি গম পাইয়ে বহু কেইজন প্ৰাৰ্থী থিয় কৰাইছে। ভোট বিভাজনৰ এই ষড়যন্ত্ৰ ৰাইজে বুজি পাইছে। এইবাৰ তেওঁৰ কোনো নিৰ্বাচনী প্ৰতিদ্বন্দী।নাই বুলি মন্তব্য কৰি কয়, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুগৰাকীয়ে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে। তেওঁ বিৰোধী দলত থাকিও সমষ্টিটোৰ যথেষ্ঠ উন্নয়ন কৰিবলৈ সক্ষম হৈছে। এইবাৰ মহাজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত কৰি মন্তব্য কৰি বিধায়ক হুদাই লগতে কয়,তেওঁলোকৰ চৰকাৰ গঠনৰ পিছত সমষ্টি উন্নয়ন কাক কয় তাক সময়ত সকলোকে গম পাব।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here