অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগদান সভা

0
155

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগদান সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ১২ মাৰ্চঃ শুক্ৰবাৰ হোজাই জিলাৰ ডবকাস্থিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ অস্থায়ী কার্যালয়ত সাংগঠনিক সম্পাদক কৌচৰ আলমৰ নেতৃত্বত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ জনকৈ যুৱকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে । এই যোগদান সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ উপ-সভাপতি পাৰভেছ লস্কৰ , সাংগঠনিক সম্পাদক কৌচৰ আলম, চেলিম চৌধুৰী আদি কৰি অন্যান্য বিষয়ববীয়া সকল ৷ এই যোগদান সভাৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভেটি আৰু অধিক শক্তিশালী হব বুলি মন্তব্য কৰে পাৰভেছ লস্কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here