অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ বানিজ্য মেলা
ষ্টাফৰিপৰ্টাৰ ,*মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী: মৰিগাঁও নগৰৰ গান্ধী ভৱন চৌহদত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজি জিলা ভিত্তিত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বানিজ্য মেলা শুভাৰম্ভ হয়। জিলা উপায়ুক্ত লীনা দাসে বন্তি প্ৰজ্বলন কৰি প্ৰদৰ্শনী তথা বিক্ৰী কেন্দ্ৰটোৰ দুৱাৰৰ ফিটা কাটি উদ্বোধন কৰে । উদ্বোধনী ভাষন প্ৰদান কৰি উপায়ুক্ত গৰাকীয়ে আত্মসহায়ক গোটৰ এই বানিজ্য মেলাই বহুতো মহিলাক নিজৰ ভৰিত থিয় হোৱাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে । এনেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আত্ম সহায়ক গোটৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে বিপনীৰ ব্যৱস্থা কৰিলে বহুত মহিলা উপকৃত হব পাৰিব আৰু ইয়াৰ যোগেদি বহুতে আত্ম সংস্থাপনৰ সুবিধাও লাভ কৰিব বুলি উপায়ুক্ত গৰাকীয়ে মত পোষণ কৰে । আজিৰ অনুষ্ঠানত উপস্থিত থাকি জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে তেখেতৰ চমু ভাষনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা লোৱা বিভিন্ন কাৰ্যসূচী সমূহৰ বিষয়ে উল্লেখ কৰে আৰু অহা ২৮ ফেব্ৰুৱাৰীত গছবাৰী বিহুতলিত ১০৮ গৰাকী জীৱিকা সখী সকলক কাম কৰাত সুচল হোৱাকৈ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত অসম চৰকাৰৰ মন্ত্ৰীৰ উপস্থিতিত একোখনকৈ স্কুটি বিতৰন কৰা হব বুলি জানিবলৈ দিয়ে । লগতে এই বানিজ্য মেলাত প্ৰদৰ্শিত আত্ম সহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ মৰিগাঁওবাসী ৰাইজে ক্ৰয় কৰি মহিলা সকলক উৎসাহিত কৰিব বুলি কামনা কৰে । অনুষ্ঠানৰ শেষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মুছাৰফ হুচেইন চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায় । আজিৰ অনুষ্ঠানত বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে জীৱিকা সখী সকল উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here