অসম ৰাজ্যিক জমিয়তৰ দুটা গোটৰ দুয়োজ সভাপতি একেলগে একেখন মঞ্চত

    0
    123

    অসম ৰাজ্যিক জমিয়তৰ দুটা গোটৰ দুয়োজ সভাপতি একেলগে একেখন মঞ্চত
    দুৰ্নীতিৰ দৰ্পণ সেৱা , হোজাই ,১৯ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিতৰ প্ৰসিদ্ধ ইছলামীক শিক্ষানুষ্ঠান ৰহমত নগৰ মাদ্ৰাছা । এই মাদ্ৰাছা খনত প্ৰতিবছৰৰ বাৰ্ষিক জলছা বা ওৱাজ মেহফিল বাংলা ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত কৰা হ’ব বুলি স্থীৰ কৰি ৰখা হৈছে আৰু এই ধাৰাবাহিকতা আজি ৭১ তম বছৰতে ভৰি দিয়ে । এই জলছাত পাচঁৰ পৰা ছয় লাখ মানুহৰ সমাগম ঘটে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী মানুহ আহে । জিলা প্ৰশাসনে ইয়াত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলি ৰখা পৰিলক্ষিত হয় । বুধবাৰে অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে মাদ্ৰাছা খনৰ বাৰ্ষিক জলছা অনুষ্ঠিত হয় । এই অনুষ্ঠানত অসম ৰাজ্যিক জমিয়তৰ দুটা গোটৰ দুয়োজন সভাপতি Aiudf ৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মোস্তাক আনফৰক একেলগে একেখন মঞ্চত বহি এটা অন্তৰংগ আলোচনা কৰি থকা পৰিলক্ষিত হৈছে । যিটো সময়ত এটা গোটে আনটো গোটৰ বিভিন্ন ক্ষেত্ৰত বিপৰীতমুখী স্থিতি গ্ৰহণ কৰা দেখা যায়। দুয়োজন নেতাৰ এনে অন্তৰংগ মূহুৰ্তয় সমাগত বিধানসভা নিৰ্বাচনত কিবা নহয় কিবা এটা প্ৰভাৱ পৰাৰ ইংগিত প্ৰদান কৰিছে বুলি সাধাৰণ জনতাৰ অনুমান হৈছে । তেওঁলোকৰ এই আলোচনায় সময়ত কি ৰূপ ধাৰণ কৰে , সেয়া কিন্তু লক্ষ্যনীয় বিষয় হ’ব।

    Previous article19-02-2021(Daily)
    Next articleৰূপহীহাটত কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান
    দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত বাতৰি কাকত ২০১৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমে ধুবুৰীৰ পৰা প্ৰকাশ হয় সাপ্তাহিক কাকত দুৰ্নীতিৰ দৰ্পণ(RNI Registration No. AssAss/2014/59694) আৰু ২০১৫ চনৰ ১৩ জানুৱাৰীত ধুবুৰীৰ পৰা দৈনিক হিচাপে প্ৰকাশ পায় দুৰ্নীতিৰ দৰ্পণ (RNI Registration No. AssAss/2015/71505) । ইয়াৰ পিছত ২০১৯ চনৰ ৪ আগষ্টত গুৱাহাটীত নতুন সংস্কৰণ আৰম্ভ কৰা হয় । যোগাযোগঃ doornitirdarpan2014@gmail.com website : www.doornitirdarpan.in

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here