অস্তিত্ব হীনতাৰ দিশে মৰিগাঁও জিলা কংগ্ৰেছ কমিটি , দলে বলে BJP দলত যোগদান কৰিলে একাংশই

    0
    62

    অস্তিত্ব হীনতাৰ দিশে মৰিগাঁও জিলা কংগ্ৰেছ কমিটি , দলে বলে BJP দলত যোগদান কৰিলে একাংশই

    পুলিন কাকতি , ভূৰবন্ধা , ৯ মাৰ্চ : মঙ্গলবাৰে আবেলি মৰিগাঁও জিলা সাংবাদিক সংন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সদ্য পদত্যাগী জিলা কংগ্ৰেছৰ নেতা-কৰ্মী সকলে এক সংবাদ মেল আয়োজন কৰি সমূহীয়াভাৱে জিলা কংগ্ৰেছ কমিটিৰ পৰা এক পত্ৰযোগে পদত্যাগ কৰাৰ লগতে পৰৱৰ্তীকালত যিকোনো ৰাজনৈতিক দলত যোগদান কৰিব বুলি ঘোষণা কৰে।আনুষ্ঠানিক ভাৱে পদত্যাগ কৰা উক্ত সংবাদ মেল খনত সাংসদ প্ৰদ্যুৎ বৰদলৈকো তীস্নভাৱে সমালোচনা কৰা পৰিলক্ষিত হয় । উল্লেখনীয় কথাটো হ’ল , কংগ্ৰেছৰ অগণতান্ত্ৰিক আচৰণ,নীতি হীন , আদৰ্শ হীন কৰ্ম কাণ্ডৰ বাবে এইসকল বিষয়ববীয়াই পদত্যাগ কৰা বুলি মঙ্গলবাৰে অনুষ্ঠিত হোৱা সংবাদ মেল খনত আনুষ্ঠানিক ভাৱে জানিৱবলৈ দিয়ে।মংগলবাৰে মৰিগাঁও জিলা কংগ্ৰেছ দলৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদস্য গীৰেণ হাজৰিকা,ব্লক কংগ্ৰেছ কমিটি সভাপতি নিপুন বৰা , যুৱ ব্ৰিগ্ৰেডৰ জিলা সভাপতি দুলাল ডেকা , জিলা প্ৰাক্তন সম্পাদক কিৰণ ডেকা , জিলা NSUI প্ৰাক্তন সভাপতি পবিত্ৰ বড়া সমন্বিতে বহুতো কংগ্ৰেছ কৰ্মীয়ে জিলা BJP ৰ সভাপতি প্ৰবীন মেধিৰ আৰু বিধায়ক প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ সাক্ষাতে আনুষ্ঠানিকভাৱে BJP দলত যোগদান কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here