আইদেউ সন্দিকৈ মহিলা সন্মান আচনিৰ শুভাৰম্ভ,মুখ্যমন্ত্ৰী সোণোৱালৰ

0
117

আইদেউ সন্দিকৈ মহিলা সন্মান আচনিৰ শুভাৰম্ভ,মুখ্যমন্ত্ৰী সোণোৱালৰ
ষ্টাফ ৰিপʼৰ্টাৰ চৈয়দ , মোস্তাফা আহমেদৰ প্ৰতিবেদন,গুৱাহাটী,১২ ফেব্ৰুৱাৰী: নাৰী শক্তি শ্ৰেষ্ঠ শক্তি , মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ‘আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি’ৰ শুভাৰম্ভ কৰে আৰু অবিবাহিতা/বিবাহ বিচ্ছেদিত মহিলা হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে মাহিলী ৩০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰে । অসমত প্ৰায় ৪২ হাজাৰতকৈ অধিক জীৱিকা সখী আছে , যিসকলে আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জীৱিকা সখীসকলক আনুষ্ঠানিকভাৱে দুচকীয়া বাহন প্ৰদান কৰে । লগতে,’বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা’ৰ অধীনত আত্মসহায়ক গোটলৈ ৫০,০০০ টকাকৈ ৰাজসাহায্য আৰু ২৫,০০০ টকাকৈ ঘূৰ্ণীয়মান পুঁজি বিতৰণ কৰে।একেটা অনুষ্ঠানত তেখেতে দিব্যাংগসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে ‘মুখ্যমন্ত্রী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি’ৰ অধীনত দিব্যাংগজনলৈ উৎপাদনশীল আঁচনিৰ Standard Operating Procedure (SoP) মুকলি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here