আজমল এজন প্ৰতাৰকঃ নুৰুল ইছলাম মোল্লা

0
103

আজমল এজন প্ৰতাৰকঃ নুৰুল ইছলাম মোল্লা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাসিদুৰ ৰহমানৰ প্ৰতিবেদন , বিৰসিং , ধুবুৰী ,১৩ মাৰ্চ : ধুবুৰী জিলাৰ দঃ শালমাৰা সমষ্টিক কংগ্ৰেছৰ এৰি দিয়াৰ বাবে সমষ্টিটোৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে ক্ষোভত অগ্নাশয় হৈ পৰিছে । এ আই ইউ ডি এফৰ প্ৰধান মৌঃ বদৰুদ্দিন আজমলৰ এই সিদ্ধান্তক মানি লব পৰা নাই এ আই ইউ ডি এফৰ কৰ্মী সকলে । বিজেপিক ৰোধিবলৈ অবশ্যে মহাজোটবন্ধনক সমৰ্থন কৰিছে কৰ্মী সকলে । কিন্তু দঃ শালমাৰা সমষ্টিত ৱাজেদ আলী চৌধুৰীক সমৰ্থন নকৰে এই কৰ্মী সকলে । গতিকে , সাংগঠিনক কৰ্মী আৰু ৰাইজৰ মতামত লৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিব অধিবক্তা নুৰুল ইছলাম মোল্লা দঃ শালমাৰা সমষ্টিত । নুৰুল ইছলাম মোল্লা বিৰসিং গাঁও পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ মাজত মত বিনিময় কৰে আৰু সাংবাদিকৰ আগত প্ৰকাশ কৰে “আজমল এজন প্ৰতাৰক”। কাৰণ , দঃ শালমাৰা সমষ্টিৰ ৰাইজ যিজন ব্যাক্তিৰ ওপৰত অতিষ্ঠ হৈ নিৰ্যাতিত বুলি অনুভৱ কৰি ২০০৬ চনত আজমলক ইয়াত আনিছিল , আকৌ সেই জন ব্যক্তিক সমষ্টিটো এৰি দিয়াটো দঃ শালমাৰা সমষ্টিৰ ৰাইজে মানি লব পৰা নাই । ইয়াৰ দ্বাৰা এয়াই প্ৰমাণ কৰে যে আজমলে দঃ শালমাৰা সমষ্টিৰ ৰাইজক নিৰ্যাতন কৰিলে আৰু প্ৰতাৰণা কৰিলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here