আঠগাওঁত ৰাজহুৱা মঞ্চ মুকলি উজ্জীৱন বেংকৰ

    0
    87

    আঠগাওঁত ৰাজহুৱা মঞ্চ মুকলি উজ্জীৱন বেংকৰ

    প্ৰতিবেদক চাংসাৰি ,চিৰঞ্জীৱ কলিতা , ২ মাৰ্চঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠগাওঁত আজি এখনি ৰাজহুৱা মঞ্চ মুকলি কৰে বাইহাটা চাৰিআলীস্থিত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান উজ্জীৱন বেংকে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বাইহাটা চাৰিআলীস্থিত উজ্জীৱনৰ উক্ত শাখাটোৱে উক্ত মঞ্চখনি নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।ৰাজ্যবাসীৰ হেপাঁহৰ বিহু উদযাপনৰ উপৰিও ভিন্ন সাংস্কৃতিক অনুষ্ঠান উদযাপিত কৰিব পাৰিব আঠগাওঁবাসীয়ে।ইয়াৰোপৰি বানপানীৰ প্ৰলয়ে আঠগাওঁবাসীক বাৰুকৈয়ে জুৰুলা কৰি আহিছে গতিকে বানৰ সময়ত একপ্ৰকাৰ বাসস্থানো হ’ব বানপীড়িত ৰাইজৰ বাবে।উল্লেখ্য যে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মাৰ লগতে কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাস।উজ্জীৱন কৰ্তৃপক্ষই উক্ত মঞ্চ মুকলি অনুষ্ঠানৰ যোগেদি স্পষ্টভাৱে জনাই ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাক ঋণৰ পৰা সকাহ দিয়াৰ কথাহে কৈ আহিছে কিন্তু ঋণ ৰেহাই দিয়া নাই,এচাম লোকে ভুৱা খবৰৰ ভিত্তিত ঋণ পৰিশোধ কৰা নাই গতিকে অচিৰেই ঋণ পৰিশোধ কৰক।উজ্জীৱনে সদায়েই ঋণ প্ৰদান কৰি নাৰী সমাজক ব্যৱসায়িক ভাৱে আগ্ৰহী কৰি স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰা বুলিও কৰ্তৃপক্ষই দাবী তোলে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here