আত্মহত্যা” এক সামাজিক ব্যাধি

    0
    168

    আত্মহত্যা” এক সামাজিক ব্যাধি
    ৰূপজ্যোতি বৰুৱা
    সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা এটা সংবাদ হ’ল “আত্মহত্যা”। বৰ্তমান সময়ত এনেকুৱা এটা দিন পাৰ হৈ যোৱা নাই, যিটো দিনত “আত্মহত্যা”ৰ দৰে দুৰ্ভাগ্যজনক এটা ঘটনাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা নাই । ই মানৱ জাতিৰ বাবে এক ভয়াবহ সমস্যা হৈ পৰিছে । “আত্মহত্যা” শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Suicide” । এই “Suicide” শব্দটো লেটিন ভাষাৰ পৰা আহিছে । যাৰ অৰ্থ হ’ল “Self murder” (নিজেই নিজক হত্যা কৰা বা শেষ কৰি দিয়া ) । মানুহে কেতিয়া নিজেই নিজক শেষ কৰা কথা ভাবিব পাৰে বাৰু ! বৰ্তমানলৈকে সংঘটিত আত্মহত্যাৰ কাৰণ সমূহৰ বিশ্লেষণ কৰি আমি ক’ব পাৰোঁ যে হতাশা আৰু নিৰাশাত ভুগি সংসাৰৰ মায়া ত্যাগ কৰি বিকল্প সন্ধানত মানুহে আত্মহত্যা কৰে । আচলতে আত্মহত্যাই বিকল্প সন্ধান নিদিয়ে । জীৱন মানেই সংগ্ৰাম । সাম্প্ৰতিক সময়ত দেখা যায় যে জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’বলৈ নিজক মানসিকভাৱে প্ৰস্তুত কৰিব নোৱাৰা দুৰ্বল মনৰজনেহে আত্মহত্যাৰ দৰে চৰমপন্থাক বাচি লয় । সাম্প্ৰতিক সময়ত সংঘটিত হোৱা আত্মহত্যাৰ কাৰণ সমূহ বিশ্লেষণ কৰিলে দেখা যায় যে জীৱনত আহি পৰা হতাশা, ক্ষোভ, দুখ, ক্ৰোধ আদি আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ভয়, আৱেগৰ বশৱৰ্তী হৈ মানুহে নিজকে শেষ কৰি দিয়ে । সচৰাচৰ দেখা যায় যে পৰীক্ষাত অকৃতকাৰ্য বা কম নম্বৰ লাভ কৰাৰ বাবে বহু শিক্ষাৰ্থীয়ে নিজৰ জীৱন আৰম্ভ কৰাৰ সময়তে আত্মহত্যা কৰে । ইয়াৰ কাৰণে মূল দায়ী অভিভাৱক সকল । আমি সন্তানৰ মানসিক ভাৰসাম্যতাক গুৰুত্ব নিদি সমাজত এজন সফল অভিভাৱক হিচাপে চিনাকি দিয়াৰ বাবে সন্তানক হেঁচা দিয়া দেখা যায় । কিন্তু সন্তানক বুজিবলৈ চেষ্টা নকৰে । যাৰ ফলত বহু শিক্ষাৰ্থীয়ে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত মানি ল’বলৈ বাধ্য হয় । প্ৰেমত বিফলতাৰ বাবেও বহু সময়ত বহুত যুৱক-যুৱতীয়ে আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰেম অবিহনে যে জীৱনেই অৰ্থহীন এনে মানসিকতা গঢ় লৈ উঠা দেখা যায় । ব্লেকমেইলিঙৰ দৰে ঘটনাত বলি হোৱাৰ ফলতো বহুতে নিজক শেষ কৰি দিয়া ঘটনা আজিৰ দিনত একেবাৰে সুলভ । বৰ্তমান সময়ত মানুহ বোৰ স্বাৰ্থপৰ হৈ পৰিছে । আত্মীয়-স্বজনৰ পৰা যে বহু দূৰ আঁতৰি গৈছে । যাৰ ফলত হতাশা আৰু নিৰাশাৰ বলি হৈ বহুতে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিছে । এনেবোৰ কাৰণতেই মানুহে আত্মহত্যাৰ দৰে চৰমপন্থা বাচি ল’বলৈ কুণ্ঠাবোধ নকৰা হৈছে । মানৱ জীৱন বহু মূল্যৱান । কেতিয়াবা হঠাৎ মানৱ জীৱনলৈ সংঘাত অহাটো কোনো অস্বাভাৱিক নহয় । মানৱ জীৱনত সংঘাত আছে বাবেই জীৱনটোক উপলব্ধি কৰিব পাৰি । তেতিয়া দুৰ্বল নহৈ সাহসেৰে সেই সংঘাত দূৰ কৰাৰ উপায় চেষ্টা কৰিব লাগে । যেতিয়া আত্মহত্যাৰ প্ৰৱণতা মনলৈ আহে, তেতিয়া নিজকে নিজেই প্ৰশ্ন কৰিব লাগে আত্ম হত্যাই জানো সমস্যা সমাধানৰ একমাত্ৰ বিকল্প ? মই কি কৰিবলৈ ওলাইছোঁ ? তেতিয়া আপোনাৰ বিবেকে আপোনাক উত্তৰ দিব । জীৱনটো নিজৰ, গতিকে জীৱনলৈ অহা সমস্যা সমূহ প্ৰথমে আপুনি নিজেই সমাধানৰ চেষ্টা কৰক । যদি নোৱাৰে তেতিয়া আত্মীয়-স্বজন, বন্ধু-বান্ধৱীৰ লগত আলোচনা কৰক । নিশ্চয় সমাধানৰ পথ ওলাব । আলাপ-আলোচনা আৰু বুজাপৰা মাধ্যমৰে জীৱনলৈ অহা জটিল ক্ষণ বোৰৰ সমাধান পাব । অভিভাৱক সকলে সৰুৰে পৰাই নিজৰ সন্তানক তুলনা, প্ৰতিযোগিতা এইবোৰৰ পৰিবৰ্ত্তে সহযোগিতা, আত্মীয়তা, প্ৰমূল্যবোধ আৰু মানৱীয়তাবোধৰ শিক্ষা দিয়ক । এটা কথা মনত ৰাখিব আত্মহত্যা কেতিয়াও সমস্যা সমাধানৰ বিকল্প নহয় , ই সমস্যা অধিক জটিল কৰিহে তোলে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here