উত্তৰ নগাঁও শিশু গ্ৰন্থমেলাৰ সফল সামৰণি , সংখ্যালঘু মুছলমানক বাদ দি এখন বৃহত্তৰ অসমীয়া সমাজ চিন্তা কৰিব নোৱাৰী : ডঃ সাগৰ বৰুৱা

    0
    100

    উত্তৰ নগাঁও শিশু গ্ৰন্থমেলাৰ সফল সামৰণি , সংখ্যালঘু মুছলমানক বাদ দি এখন বৃহত্তৰ অসমীয়া সমাজ চিন্তা কৰিব নোৱাৰী : ডঃ সাগৰ বৰুৱা

    গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক ভাবে ইজনে সিজনৰ লগতে ভাৱ বিনিময় কৰিব পাৰি : শিবানন্দ কাকতি
    ৱাহিদুদ জামান , নগাঁও , ২৮ ফেব্ৰুৱাৰী :”অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুছলমান সকলৰ ভুমিকা অপুৰণীয় । তেওঁলোক অসমীয়া জাতিৰ এটা বৃহৎ অংগ । সেয়ে এই জনগোষ্ঠীৰ লোকক বাদ দি আমি এখন বৃহত্তৰ অসমীয়া সমাজ চিন্তা কৰিব নোৱাৰি।”- এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ডঃ সাগৰ বৰুৱাৰ । নগাঁও জিলাৰ উদমাৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত উত্তৰ নগাঁও শিশু গ্ৰন্থমেলা-২০২১ উপলক্ষে অনুষ্ঠিত “অসমীয়া জাতি জীৱন আৰু চৰ-চাপৰিৰ মুছলমান”- শীৰ্ষক আলোচনা চক্ৰ আৰু মুকলি সভাত অংশ গ্ৰহণ কৰি ডঃ সাগৰ বৰুৱাই কয়,কুৰি শতিকাৰ প্ৰথম ভাগতেই অসমলৈ অহা চৰ-চাপৰিৰ মুছলমান সকলে কৃষি বিপ্লৱ সুচনা কৰি অৰ্থনৈতিক ভড়াল চহকী কৰি তুলিছে। আনকি, অসমীয়া ভাষা বিপদত পৰাৰ সময়তো এই জনগোষ্ঠীটোৰ ভুমিকা নুই কৰিব নোৱাৰি। ভাষা আন্দোলনৰ সময়তো বহু কেইজন মুছলমান লোক শ্বহীদ হৈছিল। এই শ্ৰমজীৱি জনগোষ্ঠীটোক আগুৱাই নিব নোৱাৰিলে অসমীয়া জাতীয় জীৱন সম্পূৰ্ণ হৈ নুঠিব। অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰি বৰুৱাই কয় যে, সকলো জাতি জনগোষ্ঠীৰ লোকক লগত লৈ আমি এখন সমন্বয়ৰ অসমীয়া জাতি গঠন কৰিব লাগিব। অৱশ্যে এটা প্ৰতিক্ৰিয়াশীল চক্ৰ‌ই নিজৰ ৰাজনৈতিক স্বাৰ্থ আদায়ৰ বাবে অসমীয়া জাতিক ভাগ ভাগ কৰি সমগ্ৰ জাতি গঠন প্ৰক্ৰিয়াটোক থানবান কৰিব বিচাৰিছে। গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ফজলূল হক মৰলৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিশিষ্ট গল্পকাৰ তথা সাহিত্যিক শিবানন্দ কাকতিয়ে কয়, গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক ভাৱে ইজনৰ লগত সিজনে সম্পৰ্ক ৰক্ষা কৰিব পাৰি। ই ভাৱ বিনিময়ৰ এক উৎকৃষ্ট মাধ্যম। সংখ্যালঘু অধ্যুষিত এলেকাত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো এক শুভ লক্ষণ বুলি উল্লেখ কৰি কাকতিয়ে কয়, মুছলমান সমাজত সাহিত্য চৰ্চা কৰা বহু লোক আছে। যিসকলে অসমীয়া সাহিত্য সৃষ্টিত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। অৰ্থনৈতিক কাঠামো সুদৃঢ় কৰাত এই জনগোষ্ঠীৰ ত্যাগ স্বীকাৰ নকৰিলে ভুল কৰা হ’ব। মুছলমান জনগোষ্ঠীক আমি মুল সুতিৰ মানুহখিনিয়ে মানৱীয় দৃষ্টি ভংগীৰে চাব লাগিব। মুছলমানৰ নামত আমাৰ মাজত শ্ৰেনী বিভাজন নকৰিবলৈ আহ্বান জনায় কয়, আমি অসমখনক এখন ঐক্য সম্প্ৰীতিৰ মিলনভুমি হিচাপে সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব। সভাত অসম সাহিত্য সভাৰ প্ৰতিনিধি আবুল খায়েৰ আহমেদ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰেৱত হাজৰিকা, জুৰীয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক আনোৱাৰ হুছেইনে নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা দাঙি ধৰে। ইয়াৰ পূৰ্বে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি শিক্ষক বিজন পাটৰৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘উদয়জ্যোতি’ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত গ্ৰন্থমেলা উদযাপন সমিতিৰ সম্পাদক ইমৰান হুছেইন, সাংবাদিক নাজিম আহমেদ, সুৰ্য বৰা, স্মৃতিগ্ৰন্থৰ সম্পাদক বিজন পাটৰো উপস্থিত থাকে। সন্ধ্যা স্বৰ্গীয় মহিকান্ত সোৱৰণী বিচিত্ৰানুষ্ঠানেৰে শিশু গ্ৰন্থমেলাৰ তিনিদিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে। উল্লেখ্য যে নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত জুৰীয়াৰ উদমাৰি অঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গ্ৰন্থমেলাত কিতাপ ক্ৰয়ৰ ব্যাপক সহাৰি ঘটিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here