উত্তৰ পশ্চিম যোৰহাটৰ লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ বিদায় সভা সম্পন্ন

0
132


উত্তৰ পশ্চিম যোৰহাটৰ লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ বিদায় সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ ,কনমইনা দাস,গৰুমৰা বেলগুৰি , ১৯ ফেব্ৰুৱাৰী : “সূৰ্যাস্ত বিদায় নহয়, সূৰ্যাস্ত শেষো নহয় । সূৰ্যাস্ত নতুন আশাৰ কুঁহিপাত।সেয়ে হয়তো সৰাপাতৰ খৰখৰণিত আৰু লঠঙাডালৰ প্ৰসৱ যন্ত্ৰণাত সাৰ পাই উঠে নতুন ৰঙচুৱা কুঁহিবোৰ।বিদায়ৰ যন্ত্ৰণা তাতেই ,বিদায়ৰ সুখো তাতেই ,ই লৈ আনে নতুন পক্ষীৰ থুনুক-থানাক কাকলিবোৰ।” বিদায় সভাৰ এক আবেগ আছে।আবেদন আছে।আজি উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বৰমুকলিস্থিত লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভাখন অনুষ্ঠিত কৰা হয়।দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিদ্যালয়ত অধ্যয়ন কৰি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুত হ’বলৈ এই সভাখন অনুষ্ঠিত কৰা হয়। প্ৰত্যেক বছৰে বিদায় সভা আয়োজন কৰা। লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ সহ শিক্ষক বাপুৰাম পেগুৱে সভাপতিত্ব কৰা সভাখনত বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰি উৎসাহ উদ্দীপনা যোগায়। লগতে গঠনমূলক দিহা- পৰামৰ্শ দি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে শুভেচ্ছা, শুভ কামনা জনাই। লগতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেক গৰাকী শিক্ষা গুৰুক সন্মান,ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই শেষত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য অতি সুন্দৰ মন্তব্য আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here