উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে মহুৰামুখৰ বিভিন্ন ঠাইত আলি-আয়-লৃগাং উদযাপন

0
69

উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে মহুৰামুখৰ বিভিন্ন ঠাইত আলি-আয়-লৃগাং উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা,মহুৰামুখ,১৭ ফেব্ৰুৱাৰী::সমগ্ৰ অসমৰ লগতে মহুৰামুখতো উলহ-মালহেৰে আজি উদযাপন কৰে আলি-আয়-লৃগাং৷মহুৰামুখৰ চাৰিকুৰিৰো অধিক মিছিং অধ্যুষিত গাৱঁত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা লৃগাং উৎসৱ সমুহত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷পুৱাৰ ভাগতে গাওঁসমূহৰ ঘৰে ঘৰে লৃগ:গত কৰাৰ পিছতে সামূহিক স্হান সমূহলৈ মিগম-মিগমনীক গুমৰাগ আৰু ঐ:নিতমেৰে আদৰি অনাৰ পিছত নিৰ্দিষ্ট স্হানত প:ৰ আপং ঢালি ভূমি পূজা কৰাৰ পিছত মিছং সকলৰ ইষ্ট দেৱতা চন্দ্ৰ পিতৃ আৰু মাতৃ সূৰ্য্যক স্মৰণ কৰি আলি-আয়-লৃগাঙ (আলি মানে আলু, আয় মানে গুটি আৰু লৃগাং মানে ৰূপন কৰা)কাৰ্যৰ সমাপন কৰাৰ লগতে তেওঁলোকৰ আৰাধ্য দেৱতাক কৃষি পথাৰত পোক পৰুৱাই অনিষ্ট নকৰিবৰ বাবে ৰুকজি-মেৰাক প্ৰাৰ্থনা জনায়৷ইফালে মেদক গাৱঁত পৰম্পৰাগত ভাবে উদযাপন কৰা লৃগাং অনুষ্ঠানত গাওঁখনৰ ৪৯ গৰাকী বৃদ্ধ-বৃদ্ধাক সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে৷অন্যহাতে বংকোৱাল বালিচাপৰিত আয়োজিত কৰা লৃগাঙত কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিয়ে ৰাইজক উৎসাহিত কৰি কৰি তুলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here