উন্নয়নৰ বিপৰীত ছবি ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাটত

    0
    119

    উন্নয়নৰ বিপৰীত ছবি ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাটত
    দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী, ২৭ ফেব্ৰুৱাৰীঃ নিৰ্বাচন সমাগত , নিৰ্বাচনী চমক সৃষ্টিৰ বাবে আধাৰশিলা নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা নামিছে শাসকীয় দলৰ বিধায়ক মন্ত্ৰীৰ সমান্তৰালভাৱে বৰ্তমানৰ বিভিন্ন দলৰ বিধায়ক সকলে ৷ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰায় প্ৰতিদিনে ডৰ্জনে ডৰ্জনে আধাৰশিলা উদ্বোধন কৰাত ব্যস্ত ৷ কিন্তু সমষ্টিটোৰ শেষ প্ৰান্তত হাজিৰহাট গাওঁ পঞ্চায়ত দিনক দিনে উন্নত নহয় অনুন্নতৰ ফালে গতি কৰিছে ৷ পাঁচ বছৰে কোনো উন্নয়ন কৰা নাই হাজিৰহাট অঞ্চলত বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনকি কৰোণা মহামাৰীৰ সময়চোৱাতো উক্ত অঞ্চলৰ ৰাইজৰ কোনেও খবৰ লোৱা নাই ৷ যাৰ বাবে ক্ষোভিত হৈছে হাজিৰহাট অঞ্চলৰ ৰাইজ ৷ ১১ হাজাৰেৰো অধিক ভোটাৰ থকা হাজিৰহাট গাওঁ পঞ্চায়তৰ উন্নয়নৰ নমুনা দেখিলে আপোনালোকৰ চকু কপালত উঠিব ৷ বিধায়ক পুজিৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই পঞ্চায়ত খনত বুলি দাবী উত্থাপন কৰিছে হাজিৰহাট অঞ্চলৰ ৰাইজৰ ৷ উল্লেখ্য যে ,কেইবাটাও চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান হাজিৰহাট বজাৰৰ কাষতে অৱস্থিত ৷ এফালৰ পৰা কবলৈ গলে হাজিৰহাট সমবায় সমিতি, জোনাকী জাতীয় বিদ্যালয়, আৰক্ষী ৱাছপোষ্ট, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাজিৰহাট এম ই স্কুল, হাজিৰহাট এল পি স্কুল, হাজিৰহাট গাৰ্লছ এম ই স্কুল, হাজিৰহাট গাওঁ পঞ্চায়ত কাৰ্য্যালয় আৰু মছজিদৰ লগতে এখন বহু পুৰণি বজাৰ ৷ ইমানবোৰ প্ৰতিষ্ঠান থকা ঠাইখনলৈ যোৱাৰ নাই কোনো ধৰণৰ ৰাস্তা ৷ খৰালিৰ সময়চোৱাত যেনে তেনে যায় যদিও বাৰিষাকালত সম্পূৰ্ণৰূপে বন্ধহৈ পৰে প্ৰতিষ্ঠানবোৰ আৰু প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাত বহুত ব্যাঘাত জন্মে । ইফালে , বজাৰৰ দোকানী বিলাকে বজাৰ খন বন্ধ থকাৰ বাবে শোচনীয় অৱস্থাহৈ পৰে ৷ এতিয়া এনেকুৱা ধৰণে প্ৰশ্ন উত্থাপন হৈছে , ৰাইজৰ মাজত চৰকাৰে উন্নয়নৰ শ্লোগান দি দিছপুৰ দখল কৰি পাঁচ বছৰ পাৰ কৰিলে , কিন্তু উন্নয়নৰ মূখ নেদেখিলে উক্ত অঞ্চলৰ ৰাইজে , একেই যন্ত্ৰণা দায়ক যাতায়ত অব্যাহত ৰাখিছে উক্ত অঞ্চলৰ ৰাইজে ৷ এইবাৰ ২১ ৰ নিৰ্বাচনৰ পূৰ্বে যাতায়তৰ সুব্যৱস্থা কৰিবলৈ দাবী জনায় জিলা প্ৰশাসনক, অন্যথাই স্কুলীয়া ছাত্ৰ-ছাত্ৰী আন্দোলনত নামিব বুলি সকিয়াই দিছে চৰকাৰক ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here