এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত ভূমি স্বাস্থ্য সজাগতা আৰু কৃষক প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

0
94

এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত ভূমি স্বাস্থ্য সজাগতা আৰু কৃষক প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ছানিদুল শিকদাৰ, বৰপেটা , ২১ ফেব্ৰুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা জিলাৰ কলগাছীয়া আদৰ্শ গাঁৱত কৃষক সকলৰ মাজত মাটিৰ স্বাস্থ্য পত্ৰৰ ওপৰত সজাগতা সভা আৰু কৃষক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হয়।

তদুপলক্ষে আজি দক্ষিণ কলগাছীয়া কৃষি উন্নয়ন পৰিচালনা সমিতিৰ চৌহদত এছিয়ানৰ সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে কলগাছীয়া চাৰ্কোলৰ কৃষি উন্নয়ন বিষয়া- মেগনা গগৈ,কৃষি সম্প্ৰসাৰণ সহায়ক ক্ৰমে আব্দুছ ছামাদ, ৰফিকুল ইছলাম, আৰু ফজলুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাল আবেদিন আদি কৰি বহুতো গন্য-মান্য ব্যক্তি সকল। আজিৰ এই গুৰুত্বপূৰ্ণ সভাৰ আঁত ধৰে এছিয়ানৰ সমন্বয়ক মহবুব শ্বহীদে। ভাষণ প্ৰসংগত কৃষি উন্নয়ন বিষয়া মেঘনা গগৈয়ে উল্লেখ কৰে যে আধুনিক কৃষি ব্যৱস্থাত প্ৰতিজন কৃষকে পশুপালন, মৎস পালন, উদ্যান শস্যৰ, প্ৰতি গুৰুত্ব দিয়া উচিত লগতে প্ৰতিগৰাকী কৃষকৰ হাতত নিজৰ মাটি ডৰাৰ স্বাস্থ্য সম্বন্ধীয় পত্ৰ থকাটো নিতান্তই প্ৰয়োজন। ইয়াৰোপৰি বৰ্তমান সময়ত কৃষি বিভাগে আগবঢ়োৱা কেচিচি লোন, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰে। সভাপতিৰ মন্তব্যত ডাঃ আব্দুল কদ্দুছ শিকদাৰে কয় যে বৰপেটা জিলাৰ প্ৰায় ৮০% মানুহেই কৃষিজীৱী। কৃষক পৰিয়ালৰ আয় বৃদ্ধি কৰিবলৈ আৰু দেশৰ পৰা দুৰ্ভিক্ষ দুৰ কৰিবলৈ হলে কৃষি মাটিৰ স্বাস্থ্য দীৰ্ঘম্যাদী ভাৱে সুৰক্ষিত কৰিব লাগিব । দেশৰ প্ৰতিজন নাগৰিকে কৃষি মাটিৰ স্বাস্থ্য সম্বন্ধে সজাগ হোৱা উচিত। সভাৰ শেষত পথাৰত বিভিন্ন পথাৰ পৰিচালনা সমিতিৰ সদস্য সদস্যা সকলৰ উপস্তিতিত কলগাছীয়া গাঁৱৰ কৃষক ৰাইজৰ মাজত মাটিৰ নমুনা সংগ্ৰহৰ প্ৰনালী হাতে কামে শিকোৱা হয়। উল্লেখযোগ্য যে মাটিৰ স্বাস্থ্য পত্ৰৰ নিৰ্দেশনা অনুযায়ী সৰিয়হ খেতিত সাৰ প্ৰয়োগ কৰি কৃষক সকলে বেছি উপকৃত হৈছে বুলি কেইবাজনো কৃষকে বক্তব্য আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here