এদিনীয়া কাৰ্য্যসূচীৰে ঢকুৱাখনাৰ নিকেতনত বিভাগ কৰ্মশালা সম্পন্ন

    0
    76

    এদিনীয়া কাৰ্য্যসূচীৰে ঢকুৱাখনাৰ নিকেতনত বিভাগ কৰ্মশালা সম্পন্ন

    ঢকুৱাখনাৰ পৰা মানস প্ৰতীম কাশ্যপৰ প্ৰতিবেদন , ০৫ মাৰ্চঃ শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ শিশুৱাটিকা প্ৰেক্ষাগৃহত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ বিভাগৰ বিভাগভিত্তিক প্ৰধান আচাৰ্য আৰু শিশুৱাটিকা প্ৰমুখসকলৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে ঢকুৱাখনা নিকেতনৰ মাতৃভাৰতী সম্পাদিকা লুকুমণি দেৱী নেওগে । উক্ত সভাখন উদ্বোধন কৰে লখিমপুৰ বিভাগৰ বিভাগ নিৰীক্ষক ৰণজিত শইকীয়াই। শিশুৱাটিকা আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে বক্তব্য আগবঢ়াই শিশুৱাটিকা প্ৰান্তীয় সংযোজিকা বৰ্ণালী দেৱীয়ে। ইয়াৰ পাছতে সংঘৰ বিভাগ প্ৰচাৰক মণ্টুৰামজীয়ে আচাৰ্য/আচাৰ্যা দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত এক সাৰুৱা বক্তব্য প্ৰদান কৰে । নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত সদনত সবিস্তাৰে আলোকপাত কৰে শংকৰ দেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য তথা ঢকুৱাখনা সংকুলৰ সংকুল প্ৰমুখ বনমালী সুতে । কাৰ্যসূচীৰ মাজতে কৰ্মশালাত উপস্থিত থকা আচাৰ্য/আচাৰ্যাসকলে শিশু গীত, নৃত্য, যোগ আদি প্ৰদৰ্শন কৰি কৰ্মশালা সৌষ্ঠৱ বৃদ্ধি কৰে। উক্ত কৰ্মশালাত উপস্থিত থাকে লখিমপুৰ বিভাগৰ প্ৰধানাচাৰ্য ২৬ জন, উপ-প্ৰধানাচাৰ্য ৯ জন, শিশুৱাটিকা প্ৰমুখ ৩৬ জন, অন্য আচাৰ্য/আচাৰ্যা ২৭ জন মুঠতে ৪২ খন নিকেতনৰ আচাৰ্য/আচাৰ্যাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here