এন আৰ চি, ডি ভোটাৰ শিক্ষা আদিৰ বাবে যুজি যামঃ সাংসদ বদৰুদ্দিন আজমল

0
115
এন আৰ চি, ডি ভোটাৰ শিক্ষা আদিৰ বাবে যুজি যামঃ সাংসদ বদৰুদ্দিন আজমল
দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , মনজিৎ দাস , হাউলী , ২০ জানুৱাৰীঃ এন আৰ চি,ডি ভোটাৰ, শিক্ষা,স্বাস্হ্য আদিৰ বাবে যুজি যাম । অসমৰ দলিত, অৱহেলিত,নিস্পেষিত সংখ্যালঘু, আদিবাসী আদি জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে আমাৰ যুজ অব্যাহত ৰাখিম । “আজি বাঘবৰ সমষ্টিৰ সত্ৰকনৰাত এআইইউডিএফৰ বাঘবৰ সমষ্টি কমিটিৰ সভাপতি আলতাব হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত বিশাল কৰ্মী সভাত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ ছুপ্ৰিম’ বদৰুদ্দিন আজমলে উদ্দাত্ত ভাষণত উক্ত মন্তব্য আগবঢ়ায় । অসম চৰকাৰৰ বিত্ত,স্বাস্হ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই খাওতে শোওতে অকল আজমলৰ নামেই লৈ থাকে, কিয়নো বিজেপি দলৰ সম্প্ৰতি কোনো অন্য ইচ্যু নাই বুলিও এআইইউডিএফ প্ৰধান জনে কটাক্ষ কৰে । সাত হেজাৰোধিক কৰ্মী সমৰ্থক উপস্থিত থকা উক্ত বিশাল কৰ্মী সভাত চেঙা সমষ্টিৰ উচ্চ শিক্ষিত যুৱক, দীৰ্ঘদিন ছাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতৰ সৈতে জড়িত,বহৰি অঞ্চলৰ জনপ্ৰিয় সমাজকৰ্মী লেখক,এসময়ৰ সাংবাদিক আশ্ৰাফুল হুছেইনে আনুষ্ঠানিক ভাৱে এআইইউডিএফ দলত যোগদান কৰে । আজিৰ বিশাল কৰ্মী সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম,জনীয়াৰ বিধায়ক ড.হাফিজ ৰফিকুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ চম্পক কলিতা, সৰুক্ষেত্ৰী সমষ্টিৰ দলটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱনেত্ৰী মিনাক্ষী ৰহমান আদিয়ে ভাষণ প্ৰসংগত বৰপেটা জিলাৰ ৬টা সমষ্টি এইবেলি এআইইউডিএফ দলে দখল কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ।তাৎপৰ্যপূৰ্ণ ভাবে দলটোৰ নেতৃত্বই বাঘবৰত ৰাজীৱ আহমেদ,সৰুক্ষেত্ৰীত মিনাক্ষী ৰহমান আৰু চেঙা সমষ্টিত আশ্ৰাফুল ইছলামক আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী হিচাপে পাকে প্ৰকাৰে উল্লেখ কৰে । বিশাল কৰ্মী সভাখনত দলটোৰ যুৱমৰ্চাৰ কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলাম , মহিলা মৰ্চাৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা দৈমাৰী , সাধাৰণ সম্পাদিকা মীৰা দৈমাৰী, বৰপেটা জিলা সভাপতি মুফতি ছামচুদ্দিন, সাধাৰণ সম্পাদক আশ্ৰাফুল মামুন , বাঘবৰ সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক মিৰ্জা নেৱাজ শ্বৰিফ আদি নেতৃবৃন্দ উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here