এশ শতাংশ শিক্ষিত হ’লেহে সমাজৰ উন্নয়ন সম্ভৱ : ড° অহিজুদ্দিন শ্বেখ

0
91

এশ শতাংশ শিক্ষিত হ’লেহে সমাজৰ উন্নয়ন সম্ভৱ : ড° অহিজুদ্দিন শ্বেখ
দুৰ্নীতিৰ দৰ্পণ সেৱা , আক্ৰাম হুছেইন শিকদাৰ , ৰামপুৰ , ২১ ফেব্ৰুৱাৰী : এশ শতাংশ শিক্ষিত হ’লেহে আমাৰ সমাজৰ উন্নয়ন সম্ভৱ । কাৰণ শিক্ষাই হৈছে উন্নয়নৰ মূলমন্ত্ৰ । এই মন্তব্য নতুন সাহিত্য পৰিষদৰ সভাপতি ড° অহিজুদ্দিন শ্বেখৰ । আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিস্থিত ঐতিহ্যপূৰ্ণ পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিবস আৰু গ্ৰন্থ উন্মোচন সভাত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে । নতুন সাহিত্য পৰিষদ , বৰক্ষেত্ৰী শাখাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে উদযাপন কৰা এই মাতৃভাষা দিবসৰ লগত সংগতি ৰাখি উদীয়মান গল্পকাৰ ওৱাহেদুৰ ৰহমানৰ “অভিশপ্ত শিবিৰ” শীৰ্ষক গল্পপুথি উন্মোচন কৰা হয় । নতুন সাহিত্য পৰিষদ , বৰক্ষেত্ৰী শাখাই প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° অহিজুদ্দিন শ্বেখে । অনুষ্ঠানত মুখ্য বক্তা হিচাপে দিয়া ভাষণ প্ৰসংগত তেওঁ আন্তৰ্জাতিক মাতৃভাষা দিবসৰ তাৎপৰ্য বৰ্ণনা কৰাৰ লগতে চৰ-চাপৰি অঞ্চলৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত ইতিবাচক মন্তব্য আগবঢ়ায় । পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে সুলেখক পৰীক্ষিত বৈশ্য, নিৰ্দিষ্ট বক্তা হিচাপে শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ড° আব্দুল হালিম আহমেদ আৰু সন্মানীয় অতিথি হিচাপে কবি-লেখক আলতাফ হুছেইন মজুমদাৰে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । সভাত ড° নজৰুল ইছলামে তেওঁৰ বহু পঠিত কবিতা ‘চৰ-চাপৰি ডট কম’ৰ উপৰিও, ছাইফুল ইছলাম , ঋষিৰাজ গগৈ আৰু ৰমনী নাথে স্বৰচিত কবিতা পাঠ কৰে। ঋষিৰাজ গগৈয়ে ৰাভা সংগীত আৰু এনজিলিনা বেগমে আধুনিক নৃত্য পৰিৱেশনেৰে ৰাইজক আপ্লুত কৰে। গল্পকাৰ ওৱাহেদুৰ ৰহমানে আদৰণী ভাষণ প্ৰদান কৰাৰ বিপৰীতে শলাগৰ শৰাই আগবঢ়ায় কবি-সাংবাদিক আক্ৰাম হুছেইন শিকদাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here