ওদালগুৰি ভেৰগাঁৱৰ ডিমাকুছি চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ

0
121

ওদালগুৰি ভেৰগাঁৱৰ ডিমাকুছি চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ
ওদালগুৰি , হেমন্ত শৰ্মাঃ বুধবাৰে প্ৰায় চাৰি শতাধিক পুৰুষ/মহিলা শ্ৰমিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে নামি পৰে প্ৰতিবাদত ৷ অসম চাহ মজদুৰ সংঘ মঙলদৈ শাখাৰ উদ্যোগত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক , ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক , অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হায় হায়,পল্লৱ লোচন হায় হায়,সঞ্জয় কিশান মুৰ্দাবাদ , সঞ্জয় কিশান দালাল , গ’বেক,আছা জিন্দাবাদ আদি ধ্বনিৰে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে বাগিছাখনৰ পুৰুষ ,মহিলা শ্ৰমিক সকলে ৷ অলপতে চৰকাৰে শ্ৰমিকৰ দৰমহা ৫০ টকাকৈ বৃদ্ধি হ’ব ঘোষণা কৰাক লৈও ক্ষোভিত হৈছে শ্ৰমিক সকল । সেয়া নিৰ্বাচনৰ পূৰ্বে দিয়া মিছা প্ৰতিশ্ৰুতি বুলি দাবী কৰে শ্ৰমিকে ৷ বিধান সভা নিৰ্বাচনৰ পুৰ্বে শ্ৰমিক তথা চাহ মজদুৰ সংঘৰ দাবী সমুহ পুৰণ কৰিবলৈ আহ্বান জনায় চৰকাৰক। অন্যথা বিধানসভা নিৰ্বাচনত উচিত প্ৰতুত্তৰ দিবলৈ সাজু চাহ শ্ৰমিক সকল ৷ প্ৰতিবাদৰ শেষত শ্ৰমিক সকলে ডিমাকুছি চাহ বাগিছাৰ পৰিচালক মহোদয়ৰ জৰিয়তে চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here