কটহগুৰিত কে পি এল টি ২০ টুৰ্ণামেন্টৰ সফল সমাপ্তি , বেচামাৰী এইচ এম ক্ৰিকেট ক্লাৱৰ জয়লাভ

0
90

কটহগুৰিত কে পি এল টি ২০ টুৰ্ণামেন্টৰ সফল সমাপ্তি , বেচামাৰী এইচ এম ক্ৰিকেট ক্লাৱৰ জয়লাভ
দুৰ্নীতিৰ দৰ্পণ সেৱা,টুকটুকী , বটদ্ৰৱা , ডুমডুমীয়া , ২০ ফেব্ৰুৱাৰী : কটহগুৰি যুৱসংঘৰ উদ্যোগত কটহগুৰি মহাবিদ্যালয় খেলপথাৰত স্বৰ্গীয় আলাল উদ্দীন ও স্বৰ্গীয় আনিচুৰ ৰহমানৰ সোৱৰণিত অনুষ্ঠিত হোৱা কে,পি,এল টি ২০ টুৰ্ণামেণ্টৰ আজি সফল সমাপ্তি হয়।যুৱ সংঘই অনুষ্ঠিত কৰা ক্ৰিকেট মেছখনত ১৬টা দলে অংশগ্ৰহণ কৰে।আজি মেছখনৰ চূড়ান্ত খেল অনুষ্ঠিত হয় বেচামাৰী এইচ,এম ক্ৰিকেট ক্লাৱ আৰু টুকটুকী আলম ই’লভেন ষ্টাৰ ক্লাৱৰ মাজত।প্ৰথমে টুকটুকী আলম ই’লভেন ষ্টাৰে ক্লাৱে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় আৰু বেচামাৰী ক্ৰিকেট ক্লাৱক ১৬৬ৰাণৰ লক্ষ্য বান্ধি দিয়ে।পৰৱৰ্তী সময়ত বেচামাৰী ক্ৰিকেট ক্লাৱে তিনি উইকেটৰ বিনিময়ত খেলখনত জয়লাভ কৰিবলৈ সক্ষম হয়।উক্ত খেল খনত ম্যান অফ দ্যা মেছ লাভ কৰে ভাইটি কোঁহলীয়ে আৰু মেন অফ দ্যা চিৰিজ লাভ কৰে দিলদাৰ হুছেইনে।বিজয়ী দলক চুড়ান্ত ট্ৰফীৰ লগতে ৩০,০০০টকা আৰু ৰাণাৰ আপ দলক ট্ৰফীৰ লগতে ১৫,০০০টকা আগবঢ়োৱা হয়।উক্ত চূড়ান্ত খেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আহোমগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্ডধৰ কুমাৰ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক অভিজিৎ বৰাৰ লগতে অঞ্চলটোৰ গণ্য-মান্য ব্যক্তি সকলে।উক্ত অনুষ্ঠানত উপস্থিত থাকি কটহগুৰি কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ এ,কে জুদ্দাৰে কটহগুৰি যুৱসংঘৰ সভাপতি ছহিদুল ইছলামৰ লগতে সকলো সদস্যকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here