কবি ইমাম হুছেইনক সাহিত্য প্ৰেৰণা বঁটা

    0
    64

    কবি ইমাম হুছেইনক সাহিত্য প্ৰেৰণা বঁটা
    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ চাৰিআলি , ১৬ ফেব্ৰুৱাৰীঃ বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি,কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য,বিশ্বনাথ মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ(বিজ্ঞান বিভাগ) ওচমান আলি আৰু কাপাচি খাতুনৰ কনিষ্ঠ পুত্ৰ যুৱ ছাত্ৰ নেতা তথা কবি ইমাম হুছেইন ক TRILINGUAL LITERARY FORUM ৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন ২০২০-২১ বৰ্ষৰ সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰে যোৱা ইং ১৪ ফেব্ৰুৱাৰী ২০২১ বৰপেটা জিলাৰ অন্তৰ্গত হাউলী সাহিত্য সভা ভৱনত।অসমীয়া ভাষাত কবিতা লিখি অসমৰ চুকে-কোণে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।উক্ত বঁটা গ্ৰহণ কৰাৰ বাবে লেখক ও যুৱ কবি হুছেইনৰ লগত সংগ দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ফৰহাদুৰ ৰহমান,অসমৰ বিশিষ্ট সাহিত্যক ও জনপ্ৰিয় কবি ক্ৰমে এন.হক(জান),কবি জহিৰুল ইছলাম,কবি এছ.ইছলাম আৰু বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমান।হুছেইনৰ জন্ম নিজ বাঘমাৰী গাঁৱত ২০০০চনৰ ১৯ চেপ্টেম্বৰ মাহত।অতি ভিতৰুৱা অঞ্চলত জন্ম গ্ৰহণ কৰা কবি হুছেইনে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় মকবুল হুছেইন হাই মাদ্ৰাছাৰ পৰা প্ৰথম বিভাগত।উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বৰ্তমান বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ।কবি হুছেইনে আঁজুৰি অনা এই সন্মানৰ বাবে সমগ্ৰ অঞ্চল তথা গাঁওবাসীয়ে গৌৰান্বিত।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here