কবি-সাহিত্যিকৰ প্রিয় গছজোপা

                                       ✍ চৈয়দ আফতাদ হুছেইন

             এজোপা গছ, কান্দোন শ শ প্ৰেমিকৰ। গছজোপা দেখিলে, এজন মানুহক দেখিলে আপুনিও প্ৰেমত পৰিব। লহপহকৈ বাঢ়ি অহা গছজোপাত লাগিছে লমালমে ফল। কেৱল ফলেই নহয় সপোন লাগিছে। সপোন সাঁচি ৰখা এই গছজোপা পিছে শতাব্দী গৰকা বৃহৎ গছ নহয়। দিব নোৱাৰে ছাঁ, কিন্তু দিব পাৰে মন শীতল কৰিব পৰা আনন্দ। গছজোপা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কবি-সাহিত্যিকৰ লগতে কিছুমান সাধাৰণ মানুহৰ। দূৰ-দূৰণিৰ পৰা মানুহ আহি গছজোপা হেঁপাহ পলুৱাই চাই যায়। সৌ সিদিনা সাংবাদিকেও গছজোপাৰ প্ৰচাৰত ব্যস্ত থকা দেখা পোৱা গৈছিল। ইয়াৰ ডালত, বুকুত সযতনে কিছুমান ফলক লগাই ন-কইনাৰ ৰূপত সজাই অপূৰ্ব ৰূপৱতী হৈ থিয় দি থাকে। গছজোপাক লৈ বিভিন্নজনে কবিতা লিখিবলৈও যত্ন কৰিছে–

টিঞাৰ সৈতে ফুৰিলোঁ
বন্দুত্বৰ চহৰত

নেৰিবলগীয়া সকামবোৰৰ সতে এৰিবলগীয়া সময়ত টিঞাৰ বন্ধু নাই
আদেশমতে-
কৰ্দৈৰ সুবাস সানি নাকত এবেলি মোৰ বন্ধু টিঞা
বিনিময়ত মাথো সহৃদয়তা অৰিহণা

জুনুকা-কৰ্দৈ চোৱা নহ’ল মোৰ !

পেটত ভৱিষ্যতৰ কথা জানি
এবেলিৰ বন্ধু টিঞাৰ সেমেকা চকু

         (জ্যোতিৰঞ্জনা চৌধুৰী)

চন্দ্রযানত বহি আকাশ দর্শন
পদলেহন চিত্তৰ
কাঠনিবাৰীৰ ঘাট
তৰাই গা-ধোৱা কাপোৰৰ জিলিঙনি

ভাবনাৰ আকাশত তৰাৰ  জোনাকী
গভীৰ নিশাত পোহৰ ধিমিকি ধিমিকি
কৰ্দৈৰ বা’ত দৌৰে জণ্ডিচ
বোলো ৰাম হে
নমো নমঃ

কবিতাৰ প্ৰেমত কবিৰ জীৱন
এৰাল দি সূতা ছিগা চিলা

বোকাৰ জীৱন খালত
পদলেহন চিত্ত
ৰাম ৰাম ৰাম

                              (বিপ্লৱ চৌধুৰী)

              কৰ্দৈজোপা ৰুইছে কবিতা পঢ়ুৱৈ (আমি কবি বুলি নকওঁ) পিংকুজিৎ দাসে। বৰপেটাৰ বিখ্যাত জয়ন্তী ষ্ট’ৰচত কাম কৰে। সাধাৰণ মানুহ যেন দেখিলেও তেখেত অসাধাৰণ। গোটেই দিনটো কিতাপ-আলোচনীৰ লগত কটালেও আচলতে তেখেতে নিজে এখন ৱৰ্ল্ড ক্লাছিকচ কিতাপ। এয়া মানুজনৰ লগত অলপ কথা পাতিলেই বুজিব পাৰি। এই দোকানৰ সমুখতে তেখেতে ৰুইছে এটা কৰ্দৈ পুলি। বৰ্তমান সময়ত হোৰাহোৰে গছ কটাৰ ফলস্বৰূপে হোৱা বিলাই-বিপত্তিৰ কথা সকলোৱে লক্ষ্য কৰিছে যদিও ইয়াৰ প্ৰতিকাৰ কৰিবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা তেনেই সীমিত। গছজোপা ৰুই দাসে তেনেই এক জলন্ত উদাহৰণ দাঙি ধৰিছে। এক-দুই কিলোমিটাৰ দূৰৰ পৰা মাটি আনি গছৰ গুৰিত দিয়া, পানী দিয়া আদি কাম কৰাৰ উপৰিও মানুহৰ আকৰ্ষণ তথা আমোদ দিয়াৰ বাবে বিভিন্ন ফলক আৰি দিয়া কামবোৰ কৰি সকলোৰে প্ৰশংসিত হৈছে।

         অসমত পৰা ঠাণ্ডাত বিবেক-বুদ্ধি লোপ পায় বুলি ক’লে বিশ্বাস কৰিব নোৱাৰি। এচাম মানুহে সন্তান জন্ম দিয়েই পিতৃ-মাতৃ হোৱা বুলি গৌৰৱ অনুভৱ কৰে। ইফালে সন্তানৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্যৰ কথা পাহৰি যায়। এনেকুৱা মানুহক মেৰুদণ্ডহীন বুলিয়ে ক’ব পাৰি। এইধৰণৰ মানুহেই শত কবি-সাহিত্যিকৰ মৰমৰ কৰ্দৈজোপাৰ তলত জুই পুৱাই আধা পোৰা কৰিছে। গছজোপা মৰিবলৈ লোৱাত সকলোৱে শোক প্ৰকাশ কৰিছে। এতিয়া সকলোৰে এটাই প্ৰশ্ন, চাৰিওফালে ইমান ঠাই থকাৰ পাছতো গছটিৰ গুৰিত কিয় জুই ধৰিলে?