কভিড চাফাই কৰ্মীৰ ৰেল অৱৰোধ

0
162

কভিদ চাফাই কৰ্মীৰ ৰেল অৱৰোধ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,ৰঙিয়া,১৭ ফেব্ৰুৱাৰীঃ ৰঙিয়াত ৰেল অৱৰোধ কʼভিদ-১৯ চাফাই কৰ্মীৰ। যি সময়ত সমগ্ৰ বিশ্বযুৰী মাৰাত্মক কʼভিদৰ গণ সংহাৰ চলি আছিল,ঠিক তেনে সময়তে একাংশ খিলঞ্জীয়া শিক্ষিত অসমীয়া যুৱকে নিজৰ জীৱনকো তুচ্ছ কৰি আগবাঢ়ি আহিছিল সমাজৰ সেৱাৰ হকে। কৰোণা মহামাৰিৰ সময়ত এইসকল কভিদ-১৯ কৰ্মীক অস্বায়ীভাৱে নিযুক্তি দিয়া হৈছিল অসম চৰকাৰৰ স্বাস্ব্য বিভাগৰ তৰফৰ পৰা, কিন্তু এইকৰ্মী সকলক চাকৰীৰ ম্যাদ ওকলাৰ পূৰ্বেই চাটাই কৰা হৈছিল । যাৰ ফলত একাংশ যুৱক-যুৱতি কৰ্মহীন হৈ পৰিছিল ,ইয়াৰে মাজৰ কেবাজনো কৰ্মীয়ে ইতিমধ্যই আত্মহননৰ পথো বাচি লৈছে । আজি তাৰেই প্ৰতিবাদত এই সকল কৰ্মীয়ে ৰঙিয়াত উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰেলগাড়ীখন প্ৰায় এঘন্টা ধৰি অৱৰোধ কৰি ৰখাই থয় । অসমৰ কভিদ-19 কৰ্মীসকলক যি ধৰণে প্ৰতাৰণা কৰিছে , তাৰ বাবে স্বাস্থ্য মন্ত্ৰীক মিছলীয়া আখ্যা দিয়ে কভিদ যোদ্ধা অসমৰ মুখ্য আহ্বায়ক ৰুপম ভৰালীয়ে ৷ লগতে আগন্তুক নিৰ্বাচনৰ আগত যদিহে কভিদ 19 চাফাই কৰ্মীসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰে , তেন্তে পুনৰাই আন্দোলন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে । শেষত আৰক্ষী তথা প্ৰসাশনৰ বুজনিত আলোচনা মৰ্মে ৰঙিয়া মহকুমা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে কভিদ 19 চাফাই কৰ্মী সকলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here