ক’ভিড -১৯ ৰ প্ৰতি দৃষ্টি ৰাখি ভোটকেন্দ্ৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

    0
    94

    ক’ভিড -১৯ ৰ প্ৰতি দৃষ্টি ৰাখি ভোটকেন্দ্ৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ প্ৰতিবেদন, ৬ মাৰ্চঃ আসন্ন বিধানসভা নিৰ্বাচনত ক’ভিড -১৯ এ যাতে ভোটদাতাৰ মাজত কোনোধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ভোটদাতা সকলক এই মহামাৰীৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এলানি বিশেষ পদক্ষেপ । এই পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা লিজা তালুকদাৰৰ নেতৃত্বত চিকিৎসা আৰু ক’ভিড ব্যৱস্থাপনাৰ ১৩ জনীয়া বিশেষ দল এটা গঠন কৰা হৈছে । লগতে নিৰ্বাচনী কামত জড়িত আগশাৰীৰ বিষয়া-কৰ্মচাৰী সহ সকলোকে অহা ৭ মাৰ্চৰ ভিতৰত ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশ্বনাথ জিলাখন অগ্ৰণী জিলা হিচাপে আগবাঢ়ি গৈছে বুলি উক্ত কোষৰ সহযোগী বিষয়া ড. ভূপালী কাশ্যপে মত ব্যক্ত কৰে । আনহাতে , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ইতিমধ্যে দুটা দল গঠন কৰি উক্ত কোষৰ জৰিয়তে প্ৰশিক্ষণ স্থানসমূহ, ই.ভি.এম ভঁড়াল, নিৰ্বাচনী কামত ব্যৱহৃত কোঠা তথা সামগ্ৰীসমূহ চেনিটাইজ কৰা হৈছে বুলি উক্ত কোষৰ আন এগৰাকী সহযোগী বিষয়া শ্ৰীযুতা কংকণা শইকীয়া জানিবলৈ দিছে । জিলাখনত থকা ৭৬ নং বিশ্বনাথ আৰু ৭৭ নং বিহালী সমষ্টিৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰসমূহ এদিন পূৰ্বেই চেনিটাইজ কৰাৰ লগতে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী সকলক মাস্ক, হাতমোজা, মুখাৱৰণ আদি পৰিধান কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব জিলা প্ৰশাসনে। তাৰোপৰি ভোটকেন্দ্ৰৰ প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰত পানী, চাবোন আৰু চেনিটাইজাৰ ৰখা,ভোটকেন্দ্ৰৰ চৌহদত স্থাপন কৰা হেল্প-ডেস্কৰ জৰিয়তে ভোটদাতা সকলৰ শাৰীৰিক উষ্ণতা পৰীক্ষা কৰা, ভোটদাতাসকলক এবাৰ ব্যৱহাৰযোগ্য হাতমোজা পৰিধান কৰি ভোটদানৰ ব্যৱস্থাৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন অতি তৎপৰ হৈ পৰিছে । আনহাতে পোষ্টেল বেলটৰ যোগে ভোটদান নকৰা ক’ভিড আক্ৰান্ত তথা কোৱাৰেণ্টাইনত থকা ভোটাৰসকলক তেওঁলোকৰ সংশ্লিষ্ট ভোটদান কেন্দ্ৰত স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত তথা ক’ভিড-১৯ৰ সম্পূৰ্ণ বিধি অনুযায়ী ভোটদানৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here