কাইলৈ বৰপেটাত প্ৰাইজ মানী মিনি মাৰাথনঃ সকলো বয়সৰ লোকৰ বাবে স্বচ্ছতাৰ হকে দৌৰ

    0
    96

    কাইলৈ বৰপেটাত প্ৰাইজ মানী মিনি মাৰাথনঃ সকলো বয়সৰ লোকৰ বাবে স্বচ্ছতাৰ হকে দৌৰ
    দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , মনজিৎ দাস,হাউলী, ৫ ফ্ৰেব্ৰুৱাৰীঃ স্বচ্ছ ভাৰত অভিযান তথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে বৰপেটা জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ উদ্যোগত অহা ৭ ফ্ৰেব্ৰুৱাৰীৰ দিনা বৰপেটা চহৰত এটি প্ৰাইজ মানী মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। পুৰুষ মহিলা নিৰ্বিশেষে বিভিন্ন বয়সৰ লোকৰ মাজত ভিন ভিন শাখাত বৰপেটা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ পৰা এই দৌৰ প্ৰতিযোগিতা পুৱা ৫.৩০ বজাত আৰম্ভ হব । সংগঠনটোৰ তৰফৰ পৰা জনোৱা মতে ১৪ ৰ পৰা ৪০ বছৰ বয়সৰ প্ৰতিযোগী সকলে চহৰৰ মাজতে ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিব । প্ৰথম প্ৰতিযোগীয়ে নগদ ৫০০০ টকা, দ্বিতীয় জনে ৩০০০ টকা আৰু তৃতীয় জনে ২০০০ টকা লাভ কৰিব । ১৪ বছৰৰ অনুৰ্দ্ধৰ প্ৰথম প্ৰতিযোগীয়ে ৩০০০ টকা লাভ কৰিব । দুয়োটা গোটতে ল’ৰা আৰু ছোৱালী উভয় শাখাতে প্ৰতিযোগিতা অনুষ্ঠিত হব । তদুপৰি ৪০ বছৰৰ উৰ্দ্ধৰ আৰু ৮ বছৰৰ অনুৰ্দ্ধৰ বয়সৰ বাবেও ৫ কিলোমিটাৰ দূৰত্বৰ দৌৰ প্ৰতিযোগিতা একেদিনাই একেই সময়তে অনুষ্ঠিত হব বুলি সংগঠনটোৰ তৰফৰ পৰা জনাইছে । প্ৰতিযোগী সকলৰ সুবিধাৰ্থে দত্তকুছী , কেওটকুছী,বৰপেটা সত্ৰ আৰু ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা বিনামূলীয়া বাছ সেৱাও প্ৰদান কৰা হব । উল্লেখযোগ্য যে , সংগঠনটোৰ উদ্যোগত ইতিমধ্যে মাজুলী, তিনিচুকীয়া আৰু হাফলঙত এই স্বচ্ছতাৰ বাবে দৌৰ প্ৰতিযোগিতা এইবছৰো সফলতাৰে অনুষ্ঠিত কৰা হৈছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here