কামৰূপ নিৰ্বাচন জিলাত নিৰ্বাচনী আচৰণ বিধি কঠোৰ ভাবে বলবৎ কৰাত গুৰুত্ব প্ৰদান জিলা প্ৰশাসনৰ

    0
    83

    কামৰূপ নিৰ্বাচন জিলাত নিৰ্বাচনী আচৰণ বিধি কঠোৰ ভাবে বলবৎ কৰাত গুৰুত্ব প্ৰদান জিলা প্ৰশাসনৰ

    পঙ্কজ নাথ,চাংসাৰি,১৪ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দল আৰু নিৰ্বাচনত অবতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে যাতে নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি কোনো ক্ষেত্ৰতে উলংঘা নকৰে তাৰ প্ৰতি কামৰূপ জিলা প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি ৪৮ নং বকো (অনুসুচিত জাতিৰ বাবে সংৰক্ষিত) ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো বিধানসভা সমষ্টিৰ ভোটাৰ তথা সৰ্বসাধাৰণ ৰাইজকো এই ক্ষেত্ৰত অধিক সজাগ সচেতন হবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । নিৰ্বাচন আচৰণ বিধি উলংঘনৰ যিকোনো ঘটনা দৃষ্টি গোচৰ হলে নাগৰিকক তৎকালেই নিৰ্বাচন আয়োগৰ চিভিজিল (Cvigil) এপৰ জৰিয়তে অভিযোগ দিবৰ বাবে বাবে জিলা প্ৰশাসনে অনুৰোধ জনাইছে । এই এপৰ জৰিয়তে নিৰ্বাচন বিধি উলংঘনৰ ঘটনাৰ ফটো বা ভিডিঅ আপলোড কৰি পঠিয়াব পাৰিব । চিভিজিল এপৰ জৰিয়তে অহা এনে অভিযোগৰ ক্ষেত্ৰত প্ৰশাসনে তৎক্ষানিক ভাবেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে, কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আজি জিলা খনৰ চাৰিটা সমষ্টিত কাম কৰি থকা ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স টীম আৰু ভিডিও ছাৰ্ভিলেন্স টীমৰ বিষয়া সকলৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ নিৰ্বাচন আয়োগৰ আদর্শ আচৰণ বিধিৰ সৈতে জড়িত বিভিন্ন বিষয় তথা নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে বিতং ভাবে আলোচনা কৰে । জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্বাচন আয়োগৰ আচৰণ বিধি কঠোৰভাবে বলবৎ কৰাত গুৰুত্ব দিয়ে আৰু বিষয়া সকলক এই ক্ষেত্ৰত অধিক তৎপৰ আৰু সজাগ হবলৈ আহ্বান জনায় । সভাত অতিৰিক্ত উপায়ুক্তদ্বয় মানস কুমাৰ শইকীয়া আৰু প্ৰণৱ দত্ত গোস্বামীৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here