কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং উলহ-মালহেৰে উদযাপন

0
134

কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং উলহ-মালহেৰে উদযাপন”
দুৰ্নীতিৰ দৰ্পণ,কনমইনা দাস ,গৰুমৰা, বেলগুৰি,১৭ ফেব্ৰুৱাৰী : অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিং সকল কৃষ্টি সংস্কৃতিত যথেষ্ট পৰিমাণে চহকী। তেওঁলোকৰ নিজা ভাষা সাহিত্য সংস্কৃতি আছে।নিজা জাতীয় উৎসৱ আছে। জাতীয় সাজ-পোছাক খাদ্যভাসত যথেষ্ট আগবঢ়া। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ পহিলা বুধবাৰে মিচিং সকলে কৃষিভিত্তিক জাতীয় উৎসৱ আলি আ:য়ে লৃগাং সকলো একগোট হৈ উলহ-মালহেৰে উদযাপন কৰে। উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৪০নং জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত চিনাইচুক,বোকোৰা,বৰমুকলি,ইপৰীয়া,চাৰিগাঁও,কাকতিচুক,ছগুৰি,নেউলগাঁও ,বৰচাপৰি,কলীয়া গাওঁ,আমগুৰি ,ললিতি গাঁও,কলবাৰী,চাৰিগাঁও আদি গাঁও সমূহত আজি ফাগুন মাহৰ পহিলা বুধবাৰে উলহ-মালহেৰে জাতিৰ পৰম্পৰা অনুসৰি জাতীয় উৎসৱ আলি আ:য়ে লৃগাং উদযাপন কৰা হয়।আলি আ:য়ে লৃগাং মানে গুটি সিঁচা উৎসৱ। ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে জাতীয় সাজ পোছাক পৰিধান কৰি ডেকা- গাভৰু,বয়োজেষ্ঠ সকলোৰে মাজত শান্তি সম্প্ৰীতিৰে গোমৰাগ নৃত্যৰে এই উৎসৱ পালন কৰা হয়।মহিলাসকলে ৰং বিৰঙৰ,পলাশ শিমলু,ফদাৰ ফুলৰ ৰঙৰ ৰিবি্ গাচেং, পুৰুষসকলে গৰ উগন, মিবু গালুক ,দু:মে’ৰ মেৰাই এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰে। ৰাগি লগা মিঠা ঐনি:তমে সকলোকে মোহিত কৰে।এই উৎসৱত পুৰাং আপং,নগিন আপং, তৰাপিঠাৰ ,গাহৰি মাংসে নিজৰ লগতে আলহী-অতিথিক মান সন্মানেৰে আপ্যায়িত কৰে।আজি ফাগুন মাহৰ পহিলা বুধবাৰৰ উপলক্ষে সকলো মিচিং সম্প্ৰদায়ৰ গাঁৱতেই এই উৎসৱ পালন কৰাৰ দৰে উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ ৪০নং জনজাতি গাওঁ পঞ্চায়তৰ সকলো গাঁৱতে ধূমধামেৰে আয়োজন কৰে।কৃষি শস্য আৰম্ভ কৰিবৰ বাবে এই উৎসৱ পালন কৰে। সেইবাবেই এই উৎসৱক কৃষিভিত্তিক উৎসৱ হিচাপে জনা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here