কৃষি আইনৰ বিৰুদ্ধে এইবাৰ টেক্টৰ ৰেলী ঢেকীয়াজুলিৰ বৰছলাত

    0
    82

    কৃষি আইনৰ বিৰুদ্ধে এইবাৰ টেক্টৰ ৰেলী ঢেকীয়াজুলিৰ বৰছলাত
    দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান , ২২ ফেব্ৰুৱাৰীঃ বৰছলা বিধান সভা সমষ্টিত কংগ্ৰেছ দলে “কৃষক বচাও অসম বচাও “শ্লোগানেৰে বিশাল ট্ৰেক্টৰ ৰেলী কৰি সমষ্টিটোত বজাইছে নিৰ্বাচনী ৰণডংকা । বৰছলা বিধান সভা সমষ্টিত কংগ্ৰেছ দলে ৰূপায়ণ কৰা “কৃষক বচাও অসম বচাও”ৰেলীত অংশগ্ৰহণ কৰি তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ন কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনায় যে , আজি বৰছলা সমষ্টিত কংগ্ৰেছ দলে নিৰ্বাচনী ৰণডংকা বজালে ৷ দিল্লী সীমান্তত ইতিমধ্যেই বিজেপি চৰকাৰৰ হঠকাৰিতাৰ বাবে ১০০ গৰাকী কৃষকে মৃত্যুবৰণ কৰিলে ৷ কংগ্ৰেছৰ শ্লোগান হ’ল কৃষক বচাও , অসম বচাও , কৃষক বচাও ভাৰত বচাও ৷ কিন্তু বিজেপিৰ শ্লোগান হ’ল কৃষককো মাৰো আদানি আম্বানিকো বচাঅ’। গতিকে , কৃষক বচাব লাগে ৷ অন্নদাতা নহ’লে আমি জীয়াই থাকিব নোৱাৰিম ৷ মাটি ভেটি সকলো আদানী আম্বানিক দিব বিচাৰিছে ৷ এয়া গুজৰাটী পলিটিক্স ৷ ইয়াৰ প্ৰতিবাদত বৰছলাত এই ৰেলী কৰিছো বুলি জনায় প্ৰাক্তন সাংসদগৰাকীয়ে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলি চেন্টাৰৰ পৰা বৰছলা চেন্টাৰলৈকে প্ৰায় ১০ কিলোমিটাৰ পথত প্ৰায় ১০০খন টেক্টৰত কেইবাশ লোকে এই প্ৰতিবাদি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ টেক্টৰেৰে আহি কংগ্ৰেছ সমৰ্থক সকলে বৰছলা খেলপথাৰ এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতো ভাষণ প্ৰদান কৰি আৰ পি শৰ্মাই বিজেপি চৰকাৰৰ কৃষক বিৰোধী নাতিক তীব্ৰ সমালোচনা কৰে ৷ নেতা গৰাকীয়ে স্বভাৱসূলভ ভংগীৰে লগতে আৰু কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিৰ দাড়ী যিমানেই দীঘল হৈ গৈ আছে দেশত প্ৰয়োজনীয় খাদ্যসামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে ৷ একেদৰে এইসভাত বৰছলা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী সঞ্জীৱ মালাকাৰেও ভাষণ প্ৰদান কৰি টেক্টৰ ৰেলীৰে প্ৰতিবাদ কাৰ্যসূচী সফল কৰা ৰাইজক কৃতজ্ঞতা জনায় ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here