কৃষি বিল আৰু কৃষক বিদ্ৰোহ 

    0
    105

    কৃষি বিল আৰু কৃষক বিদ্ৰোহ
    হৰিচৰণ পেগু
    পাতনি
    ২০২০ চনৰ জুলাই মাহ। লকডাউনৰ ভৰপক সময়। কেন্দ্ৰীয় চৰকাৰে এখন বিশেষ আধ্যাদেশ জাৰি কৰে। এখন নহয় , ৰাষ্ট্ৰপতিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে তিনিখন আধ্যাদেশ জাৰি কৰে। Farmers’ Essential Commodities (Amendment ) Bill , Farmer’s Empowerment and Price Assuerance Amendment Bill আৰু Farms Produce Trade and Commerce Promotion and Facility Amendment Bill . এই বিলবোৰৰ জৰিয়তে APMC act , MSP আদিৰ কিছু কিছু অংশ শুধৰণিলৈ আনি দেশৰ কৃষি চেক্টৰত নতুন বিল্পৱ অনাৰ মানসেৰে “এক দেশ এক বজাৰ আৰু এক দৰ “শ্লে­াগান দি কেন্দ্ৰীয় চৰকাৰে আধ্যাদেশখন জাৰি কৰে। ইয়াৰ পাছৰ পৰ্যায়ত চেপ্টেম্বৰ মাহত এই আধ্যাদেশখন সদনত পাৰিত হয় আৰু লোকসভা আৰু ৰাজ্যসভা উভয় সদনৰ অনুমতি সাপেক্ষে বিল তিনিখন গৃহীত হয়। বিলবোৰ গৃহীত হোৱাৰ পাছতে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হয় আৰু ই এক বৃহৎ কৃষক বিদ্ৰোহৰ ৰূপ গ্ৰহণ কৰে। পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ ক্ষোভৰ সৈতে নিজকে সংযুক্ত কৰি কেন্দ্ৰীয় কেবিনেটৰ শিৰোমনি আকালী দলৰ নেত্ৰী তথা কৃষি মন্ত্ৰী হৰচিমৰাত কৌৰ বাদল ডাঙৰীয়ানীয়ে পদত্যাগ কৰি এই বিলখনৰ বিৰোধিতাক আন এক স্তৰলৈ লৈ যায়। ইয়াৰ পাছতে ২৬ নৱেম্বৰত পঞ্জাৱ হাৰিয়ানাৰ কৃষক সকলে দিল্লী চলৌ শ্লোগানেৰে পঞ্জাৱৰ পৰা দিল্লীলৈ ট্ৰেক্টৰৰে যাত্ৰা আৰম্ভ কৰি তাতেই আৰম্ভ কৰে অৱস্থান ধৰ্মঘট। তেতিয়াৰ পৰা আজি ২০২১ ৰ ফেব্ৰুৱাৰী মাহলৈকে নিৰবিচ্ছিন্ন ভাৱে পঞ্জাৱ হাৰিয়ানাৰ কৃষকে দিল্লীৰ ৰাজপথ উত্তাল কৰি ৰাখিছে। সৌ সিদিনা দেশৰ ৭২ ত্বম গনতন্ত্ৰ দিৱসত অলপ অধিকেই হৈ গ’ল কৃষক বিদ্ৰোহৰ গতি। তেওঁলোকে দেশৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটা কৰি পেলালে। স্বাধীনতাৰ পাছৰে পৰা লালকিল্লাত ত্ৰিৰংগা সগৌৰৱে সদায় উৰি আহিছিল দেশৰ সাৰ্বভৌমত্ব , অখণ্ডতা প্ৰতীক হিচাপে। কিন্তু কৃষক বিদ্ৰোহী সকলে সেই ত্ৰিৰংগাৰ লগতে লালকিল্লাত তেওঁলোকৰ সমৰ্থনৰ পতাকা উৰুৱাই আহে। যাৰ বাবে দিল্লীৰ ৰাজপথত বিদ্ৰোহী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ সংগঠিত হয়। বহু কৃষক ঘায়ল হোৱাৰ লগতে বহু আৰক্ষী , অৰ্ধ সামৰিক বাহিনীৰ লোকো হতাহত হোৱাৰ খবৰ আহিছিল। অৱশ্যে কাৰ কি ভুল আছিল , সেইবোৰ ফহিয়াই চোৱাটো আজিৰ আমাৰ লেখাৰ উদেশ্য নহয়। আমাৰ লেখাটোৰ মুল উদেশ্য হৈছে আমি বুজি নোপোৱা এই কৃষি বিল আৰু কৃষক সকলৰ ক্ষোভৰ কাৰণ আদিবোৰৰ বিশ্লেষণাত্মক বিৱৰণ দাঙি ধৰাটো।
    বিলবোৰত কি·
    প্ৰথমে ৰাষ্ট্ৰপতিৰ দ্বাৰা তিনিখন আধ্যাদেশ জাৰি। তাৰ পাছত ই সদনত অতি সহজে পাৰিত হৈ গ’ল আইন হিচাপে। দেশৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত শ শ বুদ্ধিমান প্ৰতিনিধি সকলে সেই সময়য় বিলখনৰ কৃষক পৰিপন্থী ৰূপটো তেতিয়া দেখা নাপালে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত কৃষক সকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন কৰি বিৰোধী দলৰ প্ৰতিনিধি সকলে এই আইনখনৰ জোৰদাৰ বিৰোধ কৰি থকা দেখা গৈছে। যিকি নহওক , আমি বিলবোৰৰ ভিতৰলৈ গৈ কিছু সামগ্ৰিক অধ্যায়ন কৰি চাওঁহক। (১) APMC ৰ নিয়ন্ত্ৰণ ঃ চৰকাৰৰ মতে , তিনিওখন বিলৰ সামগ্ৰিক লক্ষ্য হৈছে এক দেশ এক বজাৰ এক ৰেট। পঞ্জাৱ , হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলত “মণ্ডী” নামেৰে এখন বজাৰ সমিতি আছে। যাক APMC নামেৰে জনা যায়। Agricullture Produce Marketing Committee . পঞ্জাব হাৰিয়ানাৰ ৰাজ্য চৰকাৰ সমূহে APMC নামেৰে নামংকৃত কৰি এখন বিধেয়ক পাৰিত কৰি থৈছে। দেশৰ প্ৰায় ৮৮ক্মশতাংশ মণ্ডী বজাৰ পঞ্জাৱ , হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ অন্তৰ্গত। APMC হৈছে একো একোটা বৃহৎ কৃষিজীৱি অঞ্চলক লৈ গঠিত এক বজাৰ সমিতি। য’ত এটা উচ্ছস্তৰীয় নিয়ন্ত্ৰণ গোটে কৃষকৰ বাবে ন্যূনতম সমৰ্থন মুল্য এটা নিৰ্ধাৰিত কৰি দিয়ে। কৃষকে নিজৰ উৎপাদিত সামগ্ৰী সমূহক এই মণ্ডী বজাৰবোৰত হোলচেলাৰক বিক্ৰী কৰি কৰিব পাৰে। হোলচেলাৰবোৰে আগতীয়াকৈ নিৰ্ধাৰণ কৰি থয় কোন সামগ্ৰীৰ বাবে কিমান মুল্য দিব। অৱশ্যে পঞ্জাৱ হাৰিয়ানাৰ বহু মণ্ডী বজাৰত কৃষিজাত সামগ্ৰীবোৰৰ ওপৰত মৌখিক নিবিধাৰ ব্যৱস্থা আছে। যাৰ ফলত খেতিয়কৰ সামগ্ৰীবোৰৰ উপযুক্ত মুল্য লাভ কৰা যায়। মণ্ডীবোৰে তেওঁলোকৰ নিয়ন্ত্ৰনাধীন অঞ্চলৰ সকলো কৃষকৰ ফচলবোৰৰ ক্ৰয় বিক্ৰয় নিয়ন্ত্ৰণ কৰে। কৃষকৰ পৰা ফচল সংগ্ৰহ কৰি আন আন বহুজাতিক কোম্পানীবোৰলৈ সামগ্ৰী যোগান ধৰে। বহুজাতিক কোম্পানীবোৰে নিবিদাৰ জৰিয়তে মণ্ডীৰ পৰা কৃষিজাত কেচামাল ক্ৰয় কৰে। এতিয়ালৈকে কৃষকৰ সমুদায় কৃষিজাত সামগ্ৰীৰ কিনা বেচা মণ্ডীবোৰেই সম্পন্ন কৰি আহিছে। কিন্তু নতুন বিলবোৰত চৰকাৰে সেই মণ্ডী প্ৰথাৰ কিছু শুধৰণি কৰি মণ্ডীৰ বাহিৰতো বেচা-কিনা কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আনকি মণ্ডীৰ বাহিৰত হোৱা তেনে লেনদেন বোৰ কৰমুক্ত কৰাৰ কথাও নতুন বিলখনে সন্নিৱিষ্ট কৰিছে। তেওঁলোকে কৈছে যে , কৃষক সকলৰ নিজৰ স্বাধীনতা থকা উচিত যে নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকে যিকোনো স্থানত ক্ৰয় বিক্ৰয়ৰ সুযোগ পাব লাগে। আপাতত এই নিয়মটো কৃষকৰ অত্যন্ত শুভাকাংক্ষী যেন লাগিলেও পঞ্জাৱ হাৰিয়ানাৰ মণ্ডী প্ৰথাৰ ওপৰত ই এক মাধমাৰ। মণ্ডী হৈছে বজাৰ সমিতিয়ে নিৰ্ধাৰণ কৰা এক বৃহৎ নিয়ন্ত্ৰক বডি। এই বডিৰ ওপৰত পঞ্জাৱ হাৰিয়ানাৰ ৯৪ শতাংশ আদ্যৱন্ত কৃষকৰ অৰ্থনীতি নিৰ্ভৰশীল। অৱশ্যে দেশৰ সৰ্বমুঠ কৃষক বজাৰৰ ই মাত্ৰ ৬ শতাংশ হে। মণ্ডীত সাধাৰণতে খেতিয়কৰ ন্যূনতম সমৰ্থন মুল্য গোটে নিজেই নিৰ্ধাৰণ কৰে আৰু তাৰ পৰাই সকলোবোৰ নিয়ন্ত্ৰণ অটুত ৰাখে। কৃষকৰ ফচলৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণ মণ্ডীয়ে তদাৰক কৰে। তাত বহুজাতিক কোম্পানী সকলৰ এন্ট্‌ৰিৰ অনুমতি নাই। বহুজাতিক কোম্পানীবোৰে কৃষকৰ পৰা কিবা সামগ্ৰী কিনিবলগীয়া হ’লে , সেই মণ্ডীৰ পৰাহে কিনিব পাৰিব। নতুন বিধেয়ক খনে মণ্ডীৰ বাহিৰত কৃষকৰ সামগ্ৰী কিনাৰ অধিকাৰ বহুজাতিক কোম্পানীক দিয়া হৈছে। যাৰ ফলত মণ্ডী নিয়ন্ত্ৰক সকল বিপৰ্যস্ত হোৱাটো নিশ্চিত হৈ পৰিছে। বিশেষকৈ মণ্ডীৰ হোলচেলাৰবোৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰা থাকে। এই অনুজ্ঞাপত্ৰৰ জৰিয়তে তেওঁলোকে বস্তুৰ ক্ৰয় আৰু বিক্ৰয় মুল্যক নিজেই নিৰ্ধাৰণ কৰে আৰু হোলচেলাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ চৰকাৰী অফিচত পঞ্জীকৃত কৰিব লাগে। গতিকে , সেইখৰচবোৰ এনেই যোৱাৰ ভৱিষ্যৎ দেখি মণ্ডী পৰিচালক সকল আতংকিত হৈ উঠিছে। আগতে হোলাচেলাৰবোৰে ফচল ১০ টকা ৰেটত কিনি কোম্পানীক ৪০ টকা ৰেটতো বেচিব পাৰে। সেয়া তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। আগতে যিহেতুহে বহুজাতিক কোম্পানীবোৰে বস্তুৰ ক্ৰয় বিক্ৰয় কৃষকৰ লগত প্ৰত্যক্ষ ভাৱে কৰিব নোৱাৰে। গতিকেই কৃষকে বেচা ১০ টকা দামৰ আলুক কোনোবা চিপচ নিৰ্মাণকাৰী কোম্পানীয়ে মণ্ডীৰ ৰেটত কিনি লৈ যাব লগা হয়। নতুন বিলখনে মণ্ডীৰ বাহিৰত কৃষকৰ পৰা প্ৰত্যক্ষ ভাৱে সামগ্ৰী ক্ৰয়ৰ অধিকাৰ বহুজাতিক কোম্পানীক প্ৰদান কৰাৰ লগে লগে পঞ্জাৱ আৰু হাৰিয়ানাৰ মধ্যম বৰ্গ আৰু উচ্ছ বৰ্গৰ কৃষক সকলৰ চাউল উচন্ন হোৱাৰ দিশে। সেয়েহে তেওঁলোকে ইয়াক মুঠেই সমৰ্থন কৰা নাই। তেওঁলোকৰ মণ্ডীলৈ আন বহুজাতিক কোম্পানীৰ আগমনক একেষাৰেই অস্বীকাৰ কৰিছে। তদুপৰি বহুজাতিক কোম্পানীক মণ্ডীৰ বাহিৰত লেনদেনৰ অনুমতি দিলে মণ্ডী প্ৰথাৰ অকাল মৃত্যু ঘটাটো নিশ্চিত। (২) MSP ( Minimum Support Price )—ন্যূনতম সমৰ্থন মুল্য। চৰকাৰৰ দ্বাৰা খেতিয়ক সকলৰ খেতিৰ বাবদ এটা ন্যূনতম সমৰ্থন মুল্য নিৰ্ধাৰিত কৰা থাকে। যাতে খেতিয়কৰ ফচল কোনেও নিকিনিলে চৰকাৰে সেই ৰেটত কৃষকৰ ফচল ক্ৰয় কৰিব। যেনে ধৰা , খেতিয়কে এইবাৰ ধান খেতি কৰিব আৰু চৰকাৰে প্ৰতি কুইন্টলত ১৫০০ টকা ধাৰ্য কৰি দিব। মণ্ডী বজাৰত ধানৰ মুল্য মাত্ৰ এহেজাৰ টকা হ’লে কৃষকে চৰকাৰৰ FCI ত বিক্ৰী কৰিব আৰু যদি বজাৰৰ দৰ ১৫০০ তকৈ বেছি , তেন্তে বজাৰত বিক্ৰী কৰিব। সাধাৰণতে মণ্ডীৰ সমৰ্থন মুল্যতকৈ চৰকাৰে সদায় এটকা বেছিকৈয়ে দিয়ে। সেয়েহে বহু সময়ত কৃষকে MSP ক অধিক অগ্ৰাধিকাৰ দিয়ে। সেই msp ৰ ওপৰত পঞ্জাৱ হাৰিয়ানা কৃষকৰ ৮০ শতাংশ ই নিৰ্ভৰ কৰে। NSSO ৰ তথ্য মতে , পঞ্জাৱ আৰু হাৰিয়ানাত ধানৰ MSP ৮৮ শতাংশ বিপৰীতে সৰ্ব ভাৰতীয় পৰ্যায়ত এই হাৰ মাত্ৰ ৩৫ শতাংশ। অন্ধ্ৰপ্ৰদেশ , মধ্যপ্ৰদেশ , মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশত msp ৰ হাৰ ৪৪ শতাংশ। ঠিক তেনেকৈ পঞ্জাৱ হাৰিয়ানাত ঘেঁহুৰ msp হৈছে ৭০ শতাংশ। বিপৰীতে সৰ্ব ভাৰতীয় হিচাপত ইয়াৰ হাৰ ৪২ শতাংশ। সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী উত্তৰ প্ৰদেশ , বিহাৰ , ঝাৰখণ্ড আদি ঠাইত ঘেঁহুৰ msp মাত্ৰ ২৩ শতাংশ। গতিকেই msp ৰ ওপৰত পঞ্জাৱ হাৰিয়ানাৰ উপান্ত কৃষক সকল বহু পৰিমানে নিৰ্ভৰশীল। এতিয়া সমস্যা হৈছে কৃষি বিলবোৰত ক’তোৱেই msp প্ৰসংগ উল্লেখ কৰা নাই। বিদ্ৰোহী কৃষক সকলৰ দাৱী হৈছে চৰকাৰে msp ক সাংবিধানিক দায়বদ্ধতা ৰূপে গঢ়ি তুলিব লাগে। অৰ্থাৎ কৃষকৰ ফচলৰ বাবে চৰকাৰী গ্যেৰান্টি আচনি আইনী অধিকাৰ হিচাপে লিখিত থাকিব লাগে। কিন্তু চৰকাৰৰ দাৱী যে , ১৯৫৫ চনৰে পৰা কৃষি বিলত ক’তোৱেই msp প্ৰসংগ লিপিৱদ্ধ হোৱা নাই। MSP ৰ বাবে গেজেটেদ নটিফিকেচন কৰা হয় , যাৰ যোগেদি কৃষকৰ ফচলৰ দাম নিৰ্ধাৰণ কৰা হয়। উল্লেখ্য যে , msp এক দাম নিৰ্ধাৰণ প্ৰক্ৰিয়া যিটো ফচল উৎপাদন কৰাৰ পুৰ্বেই নিৰ্ধাৰিত কৰা হয়। গতিকে , msp ৰ লগত বজাৰৰ দৰৰ কম বেচিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। গতিকেই , সাম্প্ৰতিক কৃষক আন্দোলনটো MSP ৰ ওপৰত কেন্দ্ৰিত হৈ পৰিছে। (৩)গ্গContract Farming—দ্বিতীয়খন বিল অৰ্থাৎ Farmers’ Empowerment and Price Assurance Amendment Bill ত কৃষকৰ বাবে কিছু উৎসাহজনক কাৰ্যক্ৰমনিকা উল্লেখ কৰা হৈছে। ইয়াত বহুজাতিক কোম্পানীবোৰে কোনো এখন অঞ্চলৰ কৃষিজাত সামগ্ৰীবোৰক কন্ট্‌ৰেকৰ জৰিয়তে আগতীয়াকৈ দাম নিৰ্ধাৰণ কৰি থব পাৰে। পুৰ্বেই উল্লেখ কৰি আহিছো যে , চৰকাৰে msp প্ৰথাৰ দ্বাৰা খেতিয়কৰ ২৪ বিধ সামগ্ৰীৰ বাবে ৰাজপত্ৰিত অধিসূচনাৰ (Gazeted notification) জৰিয়তে খেতিৰ পুৰ্বেই দাম নিৰ্ধাৰণ কৰি দিয়ে। অৰ্থাৎ আপুনি ধান খেতি কৰিছে , সেই সময়তে চৰকাৰে আপোনাৰ ধানৰ নিৰিখ বান্ধি দিছে যে আপোনাৰ ধান কটাৰ পাছত চৰকাৰী FCI ত বেচিলে আপুনি কিমান দাম পাব। তেনে অৱস্থাত কৃষক সকল নিৰ্ভয়ে খেতি উৎপাদন কৰিব পাৰে। তেওঁলোকৰ ন্যূনতম সমৰ্থন মুল্যত আন নহ’লেও চৰকাৰে কিনিব বুলি নিশ্চিত থাকে। Contract farming ও প্ৰায় সমসাময়িক প্ৰথা। কিন্তু ইয়াৰ দোষটো হৈছে ই মাত্ৰ বহুজাতিক কোম্পানীবোৰৰ বাবেহে মুকলি। বহুজাতিক কোম্পানীবোৰে কৃষকৰ লগত চুক্তিৱদ্ধ হৈ একো একোটা বৃহৎ অঞ্চলত তেওঁলোকে লগা ফচল উৎপাদন কৰোৱাই। তাৰ বাবে কৃষকৰ পুৰ্ব এগ্ৰিমেন্ট থাকে যে কোম্পানীয়ে এটা নিৰ্ধাৰিত মাচুলত সামগ্ৰী ক্ৰয় কৰিব। এনে ব্যৱস্থাত কৃষক সকলে নিৰ্ভয়ে ফচল উৎপাদন কাৰ্যত লাগি যাব পাৰে। অৰ্থাৎ কোম্পানীয়ে চুক্তিৰ যোগেদি ব্যক্তিগত খণ্ডত msp দি আছে। অৱশ্যে এইখিনিতে msp ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰা সমৰ্থন মুল্যতকৈ যদি মণ্ডী বজাৰত দাম বেচি থাকে , তেন্তে কৃষকে সেইখিনি ফচল চৰকাৰক নেবেচি মণ্ডীক বেচি আহিব পাৰে। যাৰ ফলত খেতিয়কৰ লাভ হয় , কিন্তু চৰকাৰৰ কিছু ক্ষতি হয়। কিয়নো , আশা কৰাৰ দৰে ফচল চৰকাৰে তেতিয়া লাভ নকৰে। কিন্তু কন্ট্‌ৰেক ফাৰ্মিঙৰ ক্ষেত্ৰত কৃষকে তেনে কৰিব নোৱাৰে। কিয়নো , তেওঁলোকে আগতীয়াকৈ কোম্পানীৰ সৈতে চুক্তিৱদ্ধ হৈ থাকে। বজাৰৰ দৰৰ উত্তান-পতনৰ লগত কোম্পানীৰ msp ৰ প্ৰভাৱ নপৰে। লাভ হ’লেও কোম্পানীৰ লাভ আৰু লোকচান হ’লেও কোম্পানীৰে লোকচান। সেয়েহে চৰকাৰে বহুজাতিক কোম্পানীবোৰক কন্ট্‌ৰেক ফাৰ্মিৰ অধিকাৰ প্ৰদান কৰিছে। Contract Farming ত ফচল উৎপাদন কৰাৰ পুৰ্বেই সেই অঞ্চলৰ খেতিয়কৰ লগত কোম্পানীবোৰে চুক্তি কৰে যে আপোনাৰ অঞ্চলৰ পৰা আমি এটা নিৰ্দিষ্ট ৰেটত সামগ্ৰী ক্ৰয় কৰিম। ধৰা হওক , মাটিমাহৰ খেতিৰ বাবে কোম্পানীয়ে চুক্তি কৰিলে। খেতিয়কে কোম্পানীৰ সৈতে নিজৰ ইচ্ছামতেই দাম আগতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰে এই পদ্ধতিত। সচৰাচত শস্য সিঁচাৰ সময়ত কঠীয়াৰ দাম অধিক হয় আৰু ফচল উৎপাদনৰ সময়ত ইয়াৰ দাম কমি আহে। ধৰা হওক , সিঁচাৰ সময়ত মাটিমাহৰ দাম আছিল ৬০ টকা প্ৰতি কিলো, কিন্তু যেতিয়া ফচল উৎপাদন হ’ল , তেতিয়া তাৰ মুল্য মাত্ৰ ২৫ টকা হ’লগৈ। তেতিয়া খেতিয়কৰ কিমান শ্ৰম পণ্ড হয়। কিমান লোকচানৰো সমুখীন হ’ব লগা হয়। কিন্তু যদিহে ৬০ টকা দৰত মাহ সিঁচি একে দৰত অথবা তাতোকৈ উচ্ছ দৰত আগতীয়াকৈ বিক্ৰীৰ কন্ট্‌ৰেক থাকে , তেন্তে কৃষকৰ চিন্তা কমি যায়। কৃষকে এটা নিশ্চয়তা লাভ কৰি থাকে। গতিকেই , কন্ট্‌ৰেক ফাৰ্মিঙত খেতিয়কক সেই অধিকাৰ দিয়া হৈছে যে তেওঁলোকে তেওঁলোকৰ ফচলৰ দৰ কোম্পানীৰ সৈতে আগতেই নিৰ্ধাৰণ কৰি লব পাৰিব। আমি আপোনালোকৰ কোৱামতেই ফচল উৎপাদন কৰিম , কিন্তু আমাক ইমান দাম নিশ্চিত কৰিব লাগিব। ইয়াত দুয়োপক্ষৰে লাভ থাকে। এক , কোম্পানীয়ে কেঁচা মালৰ বাবে মণ্ডীৰ দুৱাৰে দুৱাৰে টোকৰ লগোৱাৰ প্ৰশ্ন নুঠে। নাইবা মণ্ডীত নিবিধা দিয়াৰো প্ৰয়োজন নহয়। চিধাকৈ খেতিয়কৰ ফচল তেওঁলোকে ক্ৰয় কৰি লৈ যাব পাৰিব। দ্বিতীয়তে খেতিয়কৰো কোনো চিন্তা নাই যে আমি আমাৰ ফচলবোৰ ক’ত বিক্ৰী কৰিম , কিমানকৈ পাম। সেইবোৰ আগতেই সিদ্ধান্ত কৰা থাকিব। অৱশ্যে যদি কিবা কাৰণত কোম্পানীয়ে নিৰ্ধাৰণ কৰা দৰতকৈ উৎপাদনৰ সময়ত বজাৰৰ দৰ অধিক হ’লেও কৃষক সকলৰ উপায় নাই। কিয়নো , ইতিমধেই তেওঁলোকে কোম্পানীৰ লগত চুক্তিৱদ্ধ। এই যি contract farming প্ৰক্ৰিয়া , য’ত বহুজাতিক কোম্পানীক প্ৰত্যক্ষ ভাৱে খেতিয়কৰ সৈতে লেনদেন কৰাৰ অধিকাৰ দিয়া হৈছে , তাক লৈয়ো মণ্ডীৰ পৰিচালক মণ্ডলীৰ অত্যন্ত ক্ষোভ আছে। কন্ট্‌ৰেক ফাৰ্মি লোৱা অঞ্চলত মণ্ডীৰ কোনো প্ৰভাৱ নাথাকে। নাইবা চৰকাৰৰ MSP ৰো কোনো মুল্য নাথাকে। সচৰাচত কোম্পানীবোৰে msp তকৈ অধিক দৰতে কন্ট্‌ৰেক ফাৰ্মিঙৰ চুক্তি কৰে। গতিকে , চৰকাৰৰ msp জেমেলাৰ পৰা মুক্ত হৈ থাকে। (৪) MSP ৰ ফলত কৃষকৰ লাভালাভ হোৱাৰ বিপৰীতে চৰকাৰত বহুত ক্ষতি হয়। NSSO অৰ্থাৎ ভাৰতীয় পৰিসংখ্যা বিভাগে জাৰি কৰা এটা তথ্যমতে msp ৰ আধাৰত দেশৰ মাত্ৰ ৬ শতাংশ বানিজ্য সম্পন্ন হৈ আছে। বাকী ৯৪ শতাংশ ফচলেই স্থানীয় মাৰ্কেট অথবা আন আন বজাৰৰ যোগেদি লেনদেন হৈ আহিছে। অৰ্থাৎ মণ্ডী ব্যৱস্থাৰ যোগেদিও সকলোৱে উপকৃত হোৱা নাই। এচাম আদ্যৱন্ত কৃষকে মণ্ডী ব্যৱস্থাৰে যথেষ্ট লাভৱান হ’লেও আন এচামৰ তাৰ পৰা ক্ষতি অধিক হয়। আৰু মণ্ডীৰ আভ্যন্তৰীণ সীমাবদ্ধতাৰ বাবেই বহু কৃষকে নিজৰ ফচল মণ্ডীৰ বাহিৰত বিক্ৰী কৰা অসম্ভৱ প্ৰায় হৈ যায়। সেয়েহে নতুন বিলখন আপাতত সেই সকল কৃষকৰ হিতাৰ্থে জাৰি কৰা হৈছে। নিজৰ ফচল নিজৰ ইচ্ছানুসাৰে য’লৈ ত’লৈ বিক্ৰী কৰিব পাৰিব। কিন্তু নকলেও প্ৰনিধানযোগ্য যে তিনিওখন নতুন কৃষি বিলেই একান্তই বহুজাতিক কোম্পানী সকলক সুযোগ দিয়াৰ নিমিত্তে প্ৰস্তুত কৰা হৈছে তাত দ্বিমত নাই। মণ্ডীৰ বাবে লোকেল বজাৰত স্থান নোপোৱা কোম্পানীবোৰে এতিয়া বিলখনৰ জৰিয়তে কৃষকৰ পৰা প্ৰত্যক্ষ ভাৱে সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিব পাৰিব আৰু প্ৰয়োজন আৰু ইচ্ছানুসাৰে কন্ট্‌ৰেক ফাৰ্মিং কৰিব পাৰিব। (৬) সামগ্ৰী স্তৰৰ বাবে নতুন বিধেয়ক ঃ এটা কথা প্ৰণিধানযোগ্য যে , ১৯৫৫ চনতে কৃষি আইন এমেন্দ কৰি কোনো কৃষকে গুদাম সাজি এক মেট্ৰিক টনৰ ওপৰত ফচল জমা কৰিব নোৱাৰিব বুলি বিধেয়ক প্ৰস্তুত কৰা আছে। বহু অসাধু ব্যৱসায়ীয়ে নিজৰ গুদামত প্ৰয়োজনতকৈ অধিক সামগ্ৰী সংগ্ৰহ কৰি ৰাখি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰে আৰু যেতিয়া দামে শিখৰ পাব তেতিয়া সামগ্ৰীবোৰ বজাৰত মুকলি কৰি দিয়ে। তেনে প্ৰক্ৰিয়াত ব্যৱসায়ীবোৰৰ যথেষ্ট লাভালাভ হয় আৰু আমি সাধাৰণ জনতা বস্তু বাহানিৰ আকাশলংঘী মুল্যবৃদ্ধিত আধামৰা হৈ পৰো। ১৯৫৫ চনতে প্ৰণয়ন কৰা সেই গোদামত ফচল সংগ্ৰহৰ উৰ্ধতম সীমাক এইবাৰ নতুন বিলখনত উঠাই দিয়া হৈছে। নৱৰত্ন কোম্পানীবোৰক সেই ব্যৱস্থাৰ আওতাৰ বাহিৰলৈ ৰাখিছে। এটা কথা সহজেই অনুমেয় যে এখন বৃহৎ পথাৰত কণ্ট্ৰেক ফাৰ্মিঙৰ অনুমতি পোৱা এটা বহুজাতিক কোম্পানীক তেওঁলোকৰ ফচলবোৰ সংগৃহীত কৰিবৰ বাবে নিশ্চয় এটা স্ত’ৰ ৰুমৰ প্ৰয়োজন হ’ব। আৰু সহজেই অনুমেয় সেই ফচল যে এক মেট্ৰিকটনৰ ওপৰতে যাব। কিন্তু ১৯৫৫ ৰ বিধেয়ক অনুসৰি কোনেও এক মেট্ৰিকটনৰ ওপৰত সামগ্ৰী ৰাখিব নোৱাৰে। গতিকেই ইয়াক এমেন্দ কৰাটো চৰকাৰৰ বাধ্যতামূলক বিষয় হৈ পৰিল। যাৰ পৰিণতিত নৱৰত্ন মাৰ্কা থকা বহুজাতিক কোম্পানীবোৰে অগাধ হাৰত ফচল সংগৃহীত কৰি থব পাৰিব। আৰু তেওঁলোক তাৰ বাবে জবাবদিহি নহ’ব। একমাত্ৰ যুদ্ধ আৰু ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাতহে তেওঁলোক জবাবদিহি হ’ব। আন সময়ত তেওঁলোক তেনে কৰাৰ বাবে আইনী অধিকাৰ লাভ কৰিব। গতিকেই এই বিলখনৰ যোগেদি বহুজাতিক কোম্পানীবোৰৰ অসাধু ব্যৱসায়ী কৰাৰ পথ সুগম কৰি দিয়া হৈছে।
    চৰকাৰ আৰু বিদ্ৰোহী সকলৰ মাজৰ মূল মূল মত পাৰ্থক্য সমূহ —- (১) APMC ৰ কাৰ্যপ্ৰণালীৰ ওপৰত চৰকাৰৰ হেচাক বিদ্ৰোহীয়ে গ্ৰহণ কৰা নাই। চৰকাৰে APMC ৰ বাহিৰত কৃষক সকলে প্ৰত্যক্ষ ভাৱে আন তৃতীয় পক্ষৰ সৈতে লেনদেন কৰিব পৰা সা-সুবিধাবোৰৰ যি অনুমতি,তাক বিদ্ৰোহী কৃষক ৰাইজে মুঠেই স্বীকাৰ কৰা নাই। কিয়নো , ই APMC ৰ কাৰ্যপ্ৰণালীত আঘাত কৰে আৰু নিয়াৰিকৈ মণ্ডী বজাৰ চলাত কুপ্ৰভাৱ পেলাব। তদুপৰি তেনে স্থানীয় লেনদেনত বহুজাতিক কোম্পানীবোৰে হাত উজান দিলে মণ্ডী প্ৰথা বিলুপ্ত হ’ব। চৰকাৰে পৰোক্ষ ভাৱে এই মণ্ডী প্ৰথা বিলুপ্ত হোৱাটোকে কামনা কৰে। (২) MSP । কৃষক সকলৰ দাৱী যে msp সাংবিধানিক মৰ্যদা লাভ কৰিব লাগে। ফচল যদি আন কোনেও নিকিনে , তেন্তে চৰকাৰে কিনিব লাগিব আৰু সেই কথাটোৰ নিশ্চিতি নতুন বিধেয়কত থাকিব লাগিব। MSP কৃষকৰ বাবে আইনী অধিকাৰৰ অন্তৰ্ভুক্ত হওক। কিন্তু চৰকাৰে সেই msp প্ৰথাটো বিলুপ্ত কৰিব বিচাৰে। কোনোবা এজন অৰ্থনীতিবিদৰ মতে msp চৰকাৰৰ বাবে এক বৃহৎ ড্ৰ’বেক। ২৫ টকা দৰত ঘেঁহু কিনি দুটকা দৰত pds system ত বিক্ৰী কৰিব লগা হয়হি , যাৰ ফলত ৰাষ্ট্ৰৰ হাজাৰ হাজাৰ কোটি টকা অপচয় হয়। গতিকেই , চৰকাৰে পৰোক্ষ ভাৱে msp শেষ কৰাৰ পক্ষপাতি। কিন্তু বিপৰীতে কৃষক সকলৰ দাৱী হৈছে msp য়ে সাংবিধানিক স্বীকৃতি লাভ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে যদিও msp শেষ কৰাৰ কথা বিলখনৰ কতো উল্লেখ কৰা নাই তথাপি কৃষক ৰাইজৰ আশংকা চৰকাৰে msp নিশেষ কৰাৰ বাবেই এই বিল প্ৰস্তুত কৰিছে। চৰকাৰী পক্ষৰ দাৱী যে , ১৯৫৫ ৰ পৰাই যেতিয়া msp ৰ কথা সাংবিধানিক গণ্ডীত নাই আৰু তাক ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰা হয় , তেনেকৈয়ে আগন্তুক সময়বোৰতো msp ৰ তালিকা দি থাকিব। কিন্তু কৃষক ৰাইজে চৰকাৰক আশ্বাসত লব নিবিচাৰে। বিদ্ৰোহী গোটটোৰ দাৱী হৈছে msp য়ে বিধেয়কত স্থান পাবই লাগিব। যিটো এতিয়াও হৈ উঠা নাই। (৪) Contract Farming ৰ দায়বদ্ধতা ঃ দ্বিতীয়খন বিলত কন্ট্‌ৰেক ফাৰ্মিং এমেন্দমেন্টখন যদিও কৃষকৰ বাবে অত্যন্ত শুভকামনা দায়ী, কিন্তু কৃষক সকলৰ মনত শংকা ঘনীভূত হৈ আছে। প্ৰথম কথা , বহুজাতিক কোম্পানীবোৰে চুক্তি কৰি যদি পিছত সেইমতে কাম নকৰে , তেন্তে আমি তেওঁলোকৰ ওপৰত কেনেকৈ আৰু কিহৰ ভিত্তিত কেচ মোকৰ্দমা কৰিম· আমি সাধাৰণ কৃষকেই বা ইমান ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ ওপৰত কেনেকৈ আমাৰ ন্যায্যপ্ৰাপ্তি দাৱী কৰিম· ইয়াৰ বাবে দায়বদ্ধতা কোন থাকিব· দ্বিতীয়তে , প্ৰতিটো কন্ট্‌ৰেক ফাৰ্মিং কৰোতা কোম্পানীটো যদি অকালতে দেউলীয়া হৈ যায় , তেন্তে কৃষক সকলে কাৰ ওচৰত সেইবোৰ বিক্ৰী কৰিব· কিয়নো , কন্ট্‌ৰেক ফাৰ্মিং বোৰ মণ্ডীৰ আওতাৰ বাহিৰত থাকে। তৃতীয়তে বজাৰৰ দৰতকৈ অথবা চুক্তিৰ দৰতকৈ কোম্পানীয়ে যদি কম বেচ কৰে কোন জবাবদিহি হ’ব· গতিকেই তেওঁলোকৰ দাৱী , কন্ট্‌ৰেক ফাৰ্মিং এমেন্দখন উঠাই দিব লাগে। নহ’লে বা কন্ট্‌ৰেক ফাৰ্মিঙৰ সৈতে msp ক আইনী ৰূপ দিব লাগে। যদি কোম্পানীয়ে কৰা নিৰ্দিষ্ট দৰত ফচল বিক্ৰী নাযায় , তেন্তে সেই একেটা দৰত চৰকাৰে ইয়াক ক্ৰয় কৰিব। আৰু সেই কথাটো চৰকাৰে বিধেয়কত লিখি সাংবিধানিক স্বীকৃতি দিব লাগিব। কিন্তু চৰকাৰী পক্ষই কয় যে , আমি সদায় কৃষকৰ লগত আছো , কিন্তু সাংবিধানিক স্বীকৃতি সম্ভৱ নহয়। (৪) কৃষক সকলে বিচাৰে এক ট্ৰিবূনেল গোট থাকিব লাগিব , যিয়ে কন্ট্‌ৰেক ফাৰ্মিং বিষয়টোত দায়বদ্ধতা গ্ৰহ কৰিব। আদলতৰ মোহৰ থাকিলে কৃষক সকল আস্বস্ত হ’ব।
    সমাধানৰ উপায় ঃ
    (১) এখন শক্তিশালী ন্যায়িক প্ৰাধিকৰণ স্থাপন কৰি কন্ট্‌ৰেক ফাৰ্মিং বিষয়টোৰ দায়বদ্ধতা অৰ্পণ কৰিব পাৰে। (২) চৰকাৰে ন্যূনতম ৰিটেইল প্ৰাইজৰ ব্যৱস্থা কৰক। Essential Commodities ৰ ওপৰত MRP ৰ ব্যৱস্থা কৰিলে উৎপাদক কৃষকৰ পৰা আৰম্ভ কৰি ক্ৰেতালৈকে সকলোৱে এক শৃংখল ৰক্ষা কৰি চলিব পাৰিব। (৩)গ্গএখন চেটেলাইট চাৰ্ভিলেঞ্চ ডাটা এজেন্সি গঠন কৰক। সমগ্ৰ দেশৰ ফচল উৎপাদনৰ পৰিমান, দৰ আৰু বিতৰণ সক্ষমতা আদিক সহজে উপলব্ধ হোৱাকৈ এপ এটা প্ৰস্তুত কৰক। স্মাৰ্ট ফোনবোৰত ভইচ ক্লীপৰ যোগেদি যিকোনো কৃষকে স্থিতি জানিব পৰাৰ সুবিধা কৰি দিয়ক। (৪) অনলাইন বুকিং, অনলাইন দিচপাচিং আদিৰ জৰিয়তে ভাৰতৰ যিকোনো ঠাইৰ লগত যোগাযোগ কৰি কৃষিজাত ফচল প্ৰাপ্তিৰ সুবিধা কৰি দিয়ক। (৫) আৰু চৰকাৰে বিচৰাৰ দৰেই এক দেশ এক বজাৰ আৰু এক দৰ ফৰ্মুলা কাৰ্যকৰী কৰক। সমগ্ৰ সমাজ উপকৃত হ’ব।

    SHARE
    Previous article31-01-2021(Daily)
    Next articleসেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ যোগ শিক্ষক কৰ্মশালা
    দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত বাতৰি কাকত ২০১৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমে ধুবুৰীৰ পৰা প্ৰকাশ হয় সাপ্তাহিক কাকত দুৰ্নীতিৰ দৰ্পণ(RNI Registration No. AssAss/2014/59694) আৰু ২০১৫ চনৰ ১৩ জানুৱাৰীত ধুবুৰীৰ পৰা দৈনিক হিচাপে প্ৰকাশ পায় দুৰ্নীতিৰ দৰ্পণ (RNI Registration No. AssAss/2015/71505) । ইয়াৰ পিছত ২০১৯ চনৰ ৪ আগষ্টত গুৱাহাটীত নতুন সংস্কৰণ আৰম্ভ কৰা হয় । প্ৰকাশক আৰু সম্পাদকঃ ছায়েদ আলী খান । যোগাযোগঃ doornitirdarpan2014@gmail.com sayeddhubri@gmail.com website : www.doornitirdarpan.in

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here