কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত যোগ বিষয় অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা

    3
    95

    কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত যোগ বিষয় অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা
    পঙ্কজ নাথ,চাংসাৰি,২৪ ফেব্ৰুৱাৰী : সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে যোগ সাধনাৰ উৎকৃষ্টতম কেন্দ্ৰ হল যোগনিলয়ম। আজি উত্তৰ গুৱাহাটী যোগ নিলয়ম স্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন (কলাগুৰু )ডঃ দিব্যজ্যোতি মহন্ত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সভাপতি ৰমেন শৰ্মাৰ উপস্থিতিত যোগ নিলয়ম পৰিদৰ্শনৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় দ্বাৰা যোগৰ পাঠ্যক্ৰম সন্দৰ্ভত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ কাম কাজ সম্পৰ্কে আলোচনা কৰা হয়।


    উক্ত আলোচনা চক্ৰত উপস্থিত থাকে সেৱা ভাৰতী পূৰ্বাঞ্চল উত্তৰ অসম প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাস, যোগ নিলয়ম চিফ্ মেডিকেল ইনচাৰ্জ ডঃ ডনীৰাং ৰিয়াং, উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন প্ৰধানচাৰ্য উৎপল তালুকদাৰ,উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন সম্পাদক মুকুটেশ্বৰ গোস্বামীৰ লগতে জেষ্ঠ যোগ শিক্ষক শংশাক জ্যোতি শৰ্মা (ডিব্ৰুগড়), দ্বিজেন্দ্ৰ নাথ দাস (গুৱাহাটী মহানগৰৰ যোগ প্ৰমুখ) ৰামচৰণ ডেকা, ভৱেশ্বৰ গোস্বামী, চন্দন কলিতা, জুনু বৰা,মঞ্জু কʼৰ, জোন মণি দাস, সুজতা সিনহা আদিকে ধৰি কৰ্মকৰ্তাসকলে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে ডীন ডঃ দিব্যজ্যোতি মহন্তই উত্তৰ গুৱাহাটীৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিশু নিকেতন পৰিদৰ্শন কৰি মাতৃভাষাৰ বিদ্যালয়খনৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে।

    3 COMMENTS

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here