কয়াকুছি পাথাৰত তৃতীয়লানি সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

    0
    51

    কয়াকুছি পাথাৰত তৃতীয়লানি সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন
    প্ৰতিবেদক হাউলী , ৩ মাৰ্চঃ বৰপেটা জিলাৰ অন্যতম সক্ৰিয় বেচৰকাৰী সংস্থা অটা ভৌকামাৰী ছ’চাইটি ডেভেলপমেন্ট এছোচিয়েচনৰ উদ্যোগত আয়োজিত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ শিবিৰ চমুকৈ ‘নই ৰৌশনী’ৰ তৃতীয়লানি প্ৰশিক্ষণ শিবিৰটো অলপতে কয়াকুছি পাথাৰত সফলতাৰে সম্পন্ন হৈ যায়। ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰানালয়ৰ অৰ্থ সাহায্যত আৰু অটা ভৌকামাৰী ছোচাইটীৰ উদ্যোগত আয়োজিত ‘নই ৰৌশনী’ বা সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ তৃতীয় শিবিৰটোৰ দ্বাৰ মুকলি কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সংবাদকৰ্মী ছাহেদ আলী আহমেদে। ছোচাইটিৰ সমন্বয়ক আয়নাল হকে আঁত ধৰা প্ৰশিক্ষণ শিবিৰটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্চালক লালমামুদ আলী আহমেদে আৰু পৰিচালনা কৰে সম্পাদক আব্দুল ৰেজ্জাক আলীয়ে। পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কয়াকুছি পাথাৰ গাঁৱৰ ২৫ গৰাকী মহিলাৰ প্ৰশিক্ষণ শিবিৰটোৰ সঞ্চালনা কৰে ছোচাইটীৰ সভাপতি হাছেন আলীয়ে । ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰটোত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে অধ্যাপক হান্নান আলী আহমেদ , স্বপ্না মহিলা সমিতিৰ সচিব মমতাজ জাহান তালুকদাৰ ¸ ছোটাইটিৰ সঞ্চালক লাল মামুদ আহমেদ , সমন্বয়ক আয়নাল হক , মহিলা নেত্ৰী নিৰুপা ইয়াছমিন আৰু কহিনুৰ খাতুনে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here